যখিনী লতা (বৈজ্ঞানিক নাম:Valaris solanacea) এপ’চাইনেচি (Apocynaceae) পৰিয়ালৰ এবিধ গছত বগুৱা লতা জাতীয় উদ্ভিদ। কোনো কোনো ঠাইৰ মানুহে এই লতাক গহিংগা লতা বুলিও কয়।১
বিৱৰণ
যখিনী লতাৰ ঠাল-ঠেঙুলি কঠিন। ইয়াৰ ঠালত ঘা লাগিলে তাৰপৰা গাখীৰৰ দৰে বগা ৰস ওলায়। ২
বিস্তৃতি
যখিনী লতা চীন, ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াৰ থলুৱা উদ্ভিদ।৩৪ উত্তৰ-পূব ভাৰতত নগা ভূমি, উত্তৰ কাছাৰ কাৰ্বি আংলং, মেঘালয় আদি পৰ্বতীয়া ভূখণ্ডত ইয়াক প্ৰধানকৈ দেখা যায়।
লগতে চাওক
- Ng, F.S.P. (2006). Tropical Horticulture and Gardening. Clearwater Publications, Kuala Lumpur, Malaysia, 361 p., .
তথ্যসূত্ৰ
- ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
- ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
- ↑ World Checklist of Selected Plant Families
- ↑ Flora of China Vol. 16 Page 177 纽子花属 niu zi hua shu Vallaris N. Burman, Fl. Indica. 51. 1768.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যখিনী লতা” প্ৰবন্ধৰ সংশোধন ৫৪০৩৯৭ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।