লতা
২৩ প্ৰবন্ধ
-
তিতা কেৰেলা
তিতা কেৰেলা (Balsam pear, alligator pear, bitter gourd, bitter melon, bitter cucumber, বৈজ্ঞানিক নাম: Momordica charantia) এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গোত্ৰ হ’ল— Cucurbitaceae। আৰোহী লতা জাতীয় এইবিধ গছ প্ৰায় আধাবৰ্ষ কাল জীয়াই থাকে। ইয়াৰ গা-গছ সূতাৰ দৰে।
-
চাল কোমোৰা
চাল কোমোৰা (ইংৰাজী: White gourd; বৈজ্ঞানিক নাম: Benincasa cerifera; ৰাভা: মেৰাও; কাৰবি: পাৰক বংহম; বড়ো: খুমব্ৰা; টাই-আহোম: ফাক-পাক) ফাক-পাক এবিধ লতা জাতীয় উদ্ভিদ। এই উদ্ভিদ অসমত পাচলি হিচাপে খোৱা হয়।
-
আঙুৰ
আঙুৰ হৈছে ভিটিচ্ গণৰ অন্তৰ্গত এবিধ লতাজাতীয় উদ্ভিদ বা তাৰ ফল। উদ্ভিদগতভাৱে ই এক প্ৰকাৰৰ বেৰী। আঙুৰ বোৰ ফল হিচাপে সতেজকৈ খাব পাৰি। ইয়াৰ পৰা সুৰা, জাম, ৰস, জেলী, আঙুৰৰ বীজ, ভিনেগাৰ, আৰু আঙুৰৰ বীজৰ তেল আদি প্ৰস্তুত কৰা হয়। আঙুৰ শুকুৱাই কিচমিচ, কুৰাণ্ট আৰু চুলতানা প্ৰস্তুত কৰিব পাৰি।
-
জাতি লাউ
জাতি লাউ বা পানী লাউ এবিধ লতা জাতীয় উদ্ভিদ। ইয়াৰ ফল পাচলি হিচাপে খোৱা হয়।
-
কাঠ আলু
কাঠ আলু (বৈজ্ঞানিক নাম Dioscorea bulbifera) হল ডাইয়োস্কোৰিয়াছী (Dioscoreaceae) পৰিয়ালৰ এবিধ লতাজাতীয় বহুবৰ্ষী উদ্ভিদ। ইয়াক সংস্কৃত ভাষাত ৱৰাহী, মালায়ালামত কাচিল আৰু মাৰাঠীত দুক্কৰ কান্দ বুলিও জনা জায়।
-
ব্ৰাহ্মী শাক
ব্ৰাহ্মী হৈছে পূৱ ভাৰত, অষ্ট্ৰেলিয়া, ইউৰোপ, আফ্ৰিকা, এছিয়া, আৰু উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ সেমেকা অঞ্চলত পোৱা এবিধ অধিবৰ্ষজীৱি, লতাজাতীয় শাক। ইয়াৰ সাধাৰণ নামসমূহ হৈছে ৱাটাৰ হাইছপ (water hyssop), ৱাটাৰহাইছপ (waterhyssop), থেমি−লিফ্ড গ্ৰেচলা (thyme-leafed gratiola), হাৰ্ব অৱ গ্ৰীছ (herb of grace),
-
নল টেঙা
নল টেঙা হৈছে লতাজাতীয় উদ্ভিদ। ইয়াৰ পাত, কাণ্ড আদিৰ সোৱাদ টেঙা। সাধাৰণতে নল টেঙা বুলিলে কেইবাবিধো লতাক বুজায়। টেট্ৰাষ্টিগ্মা লিউক’ষ্টেফাইলাম (Tetrastigma leucostaphylum), টেট্ৰাষ্টিগ্মা এংগুষ্টিফলিয়া (Tetrastigma angustifolia) আদি।
-
ভাত কেৰেলা
ভাত কেৰেলা হৈছে এবিধ একবৰ্ষী, আৰোহী লতা। ইয়াৰ বৈজ্ঞানিক নাম— Momordica dioica। ইংৰাজীত ইয়াক স্পাইনি গাৰ্ড (spiny gourd), স্পাইন গাৰ্ড (spine gourd), টিজল গাৰ্ড (teasle gourd) আৰু ব্ৰিষ্টলি বালছাম পিয়েৰ (bristly balsam pear) বুলি জনা যায়।
-
মাধৈ মালতী
মালতী হৈছে ৰেছিডিছিয়া (Resedaceae) পৰিয়ালৰ অন্তৰ্গত ইলিয়ানাৰ (liana) এটা প্ৰজাতি। ইয়াৰ কোনো উপ-প্ৰজাতি নাই। ইয়াক ভাৰত, দক্ষিন চীন অৰু ইণ্ডো-চীনত পোৱা যায়; ভিয়েটনামত ইয়াক কেই টন নাম (cây tôn nấm) বুলি কয়।
-
মাধৱী লতা
মাধৱীলতা হৈছে Malpighiaceae পৰিয়ালৰ অন্তৰ্গত এবিধ লতা জাতীয় উদ্ভিদ। ইয়াৰ অনেক নাম আছে, যেনে মণ্ডপ, কামী, পুষ্পেন্দ্ৰ, অভীষ্টগন্ধক, অতিমুক্ত, বিমুক্ত, কামুক আৰু ভ্ৰমৰোৎসব। এসময়ত পুণ্ড্ৰক দেশ অৰ্থাৎ মৈমনসিংহত মাধৱী প্ৰচুৰভাৱে পোৱা গৈছিল। সেই বাবে ইয়াৰ অন্য এটা নাম পুণ্ড্ৰক।
-
লাটুমণি লতা
লাটুমণি লতা (বৈজ্ঞানিক নাম: Abrus precatorius; আন নাম: Gunja, Jequirity, Crab's Eye, Rosary Pea, John Crow Bead, Precatory bean, Indian Licorice, Akar Saga, Giddee Giddee বা ত্ৰিনিদাদ আৰু টবেগ'ৰ Jumbie Bead) এজোপা পাতল, চিৰহৰিৎ লতা গছ। ই বৃক্ষ, জোপোহা আদি গছত বগায়।
-
কেলামাছ ফ্লেগেল্লাম
কেলামাছ ফ্লেগেল্লাম (Calamus flagellum) হৈছে এৰেকাচিয়া পৰিয়ালৰ অন্তৰ্গত বেত গছৰ এটা এছীয় প্ৰজাতি। ভিয়েটনামীত ইয়াক মে চং আৰু অসমীয়াত চুলি বেত বুলি কয়।
-
ঘিলা
ঘিলা(Bean ) এবিধ বৃহৎ কলেবৰৰ আৰু মটৰমাহৰ দৰে চেউ ধৰা এবিধ গছ। ই ভাৰতৰ আটাইতকৈ ডাঙৰ চেউ লগা গছ হিচাবে জনাজাত। ইয়াৰ গুটিবোৰ প্ৰায় আঁঠুৰ ঘিলাটোৰ সমান ডাঙৰ হয়। ভাৰত, আফ্ৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ-পূৱ এচিয়া আদিত ইয়াৰ বিস্তৃতি পোৱা যায়। সৰু ল’ৰা-ছোৱালীয়ে ইয়াৰ গুটিৰে "ঘিলা খেল" খেলে।
-
চেপেটা লতা
চেপেটা লতা হৈছে ভিটাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ লতাজাতীয় উদ্ভিদ। ই এছিয়া আৰু অষ্ট্ৰেলিয়াৰ থলুৱা উদ্ভিদ। ইয়াৰ ইংৰাজী নাম হৈছে, বুছ গ্ৰেপ (bush Grape), ফক্স−গ্ৰেপ (fox-grape), থ্ৰী−লিভড−ৱাইল্ড ভাইন (three-leaved wild vine) বা থ্ৰীলিফ কাইৰাচিয়া (threeleaf cayratia)।
-
টেট্ৰাষ্টিগ্মা লিউক’ষ্টেফাইলাম
টেট্ৰাষ্টিগ্মা লিউক’ষ্টেফাইলাম (নল টেঙা) বা ইণ্ডিয়ান চেষ্টনাট ভাইন (Indian Chestnut Vine) হৈছে ভিটাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক লতাজাতীয় উদ্ভিদ। ইয়াক শ্ৰীলংকা, অসম, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা, মেঘালয়, উৰিষ্যা, তামিলনাডু, নেপাল আৰু দক্ষিণ পূৱ এছিয়াত পোৱা যায়।
-
মেৰমেৰী লতা
মেৰমেৰী লতা (বৈজ্ঞানিক নাম: Bauhinia vahlii; অন্য নাম: নাককাটি লেৱা, কাঞ্চন লতা) অসমত দেখা পোৱা এবিধ লতা জাতীয় বনৰীয়া উদ্ভিদ। এই লতাৰ পাতৰ আকৃতি কাঞ্চন গছৰ পাতৰ সৈতে একেধৰণৰ বাবে কোনো কোনো ঠাইত ইয়াক কাঞ্চন লতা বুলি কোৱা হয়। নামনি অসমত এই উদ্ভিদক নাককাটি লেৱা বুলিও জনা যায়।
-
ৰাইডাং বেত
ৰাইডাং বেত (Calamus rotang) ভাৰত, শ্ৰীলংকা আৰু ম্যানমাৰৰ থলুৱা এক বৃহৎ আকাৰৰ বেত জাতীয় উদ্ভিদ। ই এবিধ লতাজাতীয় উদ্ভিদ। ইয়াক আচবাব, খৰাহী, লাখুটি, ছাতিৰ নাল, মেজ, চকী আদি নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। দক্ষিণ-পূৱ এছিয়াত এই উদ্ভিদ প্ৰচুৰ পৰিমানে পোৱা যায়।
-
কাগজ ফুল
কাগজ ফুল (বৈজ্ঞানিক নাম: Bougainvillea glabra) বা পেপাৰফ্লাৱাৰ, হৈছে বনছাইৰ বাবে ব্যৱহৃত বৌগেইনভিলিয়াৰ আটাইতকৈ সাধাৰণ এটি প্ৰজাতি। বৈজ্ঞানিক নামত থকা 'গ্লেব্ৰা' উপনামটো এটি লেটিন শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে "তপা"।
-
কেলামাছ ইৰেক্টাছ
কেলামাছ ইৰেক্টাছ (Calamus erectus) হৈছে এৰেকাচিয়া পৰিয়ালৰ অন্তৰ্গত বেত গছৰ এটা এছীয় প্ৰজাতি। অসমীয়াত জৰী বেত বুলি কয়।
-
কেলামাছ ফ্লৰিবাণ্ডুছ
কেলামাছ ফ্লৰিবাণ্ডুছ (Calamus floribundus) হৈছে এৰেকাচিয়া পৰিয়ালৰ অন্তৰ্গত বেত গছৰ এটা এছীয় প্ৰজাতি। অসমীয়াত লেজাই বেত বুলি কয়।
-
কোৱাভাতুৰি
কোৱাভাতুৰি (বৈজ্ঞানিক নাম: Momordica monadelpha, Citrullus colocynthis, Trichosanthes tricuspidata, Mukia maderaspatana, Trichosanthes wallichiana ইত্যাদি কেইবাটাও প্ৰজাতিৰ উদ্ভিদ)। অসমৰ হাবিয়ে-বননিয়ে উৎপন্ন হোৱা লতা জাতীয় উদ্ভিদ।
-
জাতি বেত
জাতি বেত বা কেলামাছ টেনুইছ (Calamus tenuis) আৰেকাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ এবিধ সৰু আকাৰৰ বেত জাতীয় উদ্ভিদ। ই ভাৰত (অসম), বাংলাদেশ, ভূটান, কম্বোডিয়া, লাউচ, ম্যানমাৰ, ভিয়েটনাম, জাভা আৰু সুমাত্ৰাৰ থলুবা উদ্ভিদ। বৰ্তমান ই আই ইউ চি এন ৰঙা তালিকাৰ সংকটৰপৰা মুক্ত প্ৰজাতি।
-
হাড় জোৰা লতা
হাড় জোৰা লতা (বৈজ্ঞানিক নাম:Cissus quadrangularis; ইংৰাজী নাম: veldt grape, devil's backbone, adamant creeper, asthisamharaka, hadjod বা pirandai) আঙুৰ পৰিয়াল (Amplecaceae) ৰ অন্তৰ্ভুক্ত এবিধ লতা জাতীয় উদ্ভিদ। এই লতা প্ৰধানকৈ ক্ৰান্তীয় এছিয়া আৰু আফ্ৰিকাৰ থলুৱা উদ্ভিদ।