বান্দৰডিমা১ (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Dysoxylum gotadhora) মেলিয়েচিয়া (Meliaceae) পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। ই ভূটান, ভাৰত, লাউচ, নেপাল, থাইলেণ্ড, আৰু ভিয়েটনামৰ স্থানীয় উদ্ভিদ। ভাৰত আৰু শ্ৰীলংকাত ইয়াক Dysoxylum ficiforme২ আৰু D. binectariferum৩ বুলিও নামকৰণ কৰা হৈছে।
বিৱৰণ

বান্দৰডিমা গছজোপা ২০ মিটাৰ (৭০ ফুট) পৰ্যন্ত ওখ হয়।৪ ইয়াৰ কাঠৰ ৰঙ ৰঙা।৫ পাতবোৰ যৌগিক।৬ ফুলবোৰ বগা ৰঙৰ। ফলবোৰত চাৰিটা বীজ থাকে আৰু ফলবোৰ পকিলে ৰঙা হৈ পৰে। বীজবোৰ বগা মাংসযুক্ত আৰু বীজৰ বাকলি গাঢ় বেঙুনীয়া বৰণৰ।৭
তথ্যসূত্ৰ
- ↑ India biodiversity Portal
- ↑ Dysoxylum ficiforme (MELIACEAE): Akil, Karakil, Puvilakil. Keralaplants.in
- ↑ Dysoxylum binectariferum (Roxb.) Hook.f. ex Bedd. · Plants of the World Online · Kew Science. Plants of the World Online
- ↑ Dysoxylum gotadhora in Flora of China @ efloras.org. Efloras.org
- ↑ Dysoxylum gotadhora - Useful Tropical Plants. Tropical.theferns.info
- ↑ Dysoxylum ficiforme (Wight) Gamble | Species. India Biodiversity Portal
- ↑ Dysoxylum ficiforme - MELIACEAE. Biotik.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বান্দৰডিমা গছ” প্ৰবন্ধৰ সংশোধন ৫৪০৫৭৩ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।