অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

লালি পমা গছ

লালি পমা (বৈজ্ঞানিক নাম: Prasoxylon excelsum) মেলিয়েচিয়া (Meliaceae) পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। উদ্ভিদজোপাৰ বৈজ্ঞানিক নামৰ এক্সেলছাম (excelsum) পদাংশ লেটিন ভাষাৰ পৰা আহৰণ কৰা হৈছে যাৰ অৰ্থ হৈছে ‘ওখ’।

হালনাগাদ: ১১ আগষ্ট ২০২৪ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

লালি পমা১ (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Prasoxylon excelsum) মেলিয়েচিয়া (Meliaceae) পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। উদ্ভিদজোপাৰ বৈজ্ঞানিক নামৰ এক্সেলছাম (excelsum) পদাংশ লেটিন ভাষাৰ পৰা আহৰণ কৰা হৈছে যাৰ অৰ্থ হৈছে ‘ওখ’।২

বিৱৰণ

লালি পমা গছজোপা ৩৬ মিটাৰ (১২০ ফুট) পৰ্যন্ত ওখ আৰু ডালৰ ব্যাস ৮০ চেণ্টিমিটাৰ (৩১ ইঞ্চি) পৰ্যন্ত হয়। মিঠা সুগন্ধিযুক্ত ফুলবোৰ ক্ৰীম ৰঙৰ বা গোলাপী বগা। ফলবোৰ পকিলে বাদামী ৰঙৰ, ঘূৰণীয়াৰ পৰা নাচপতিৰ আকৃতিৰ আৰু ৫ চে.মি.(২ ইঞ্চি) ব্যাসৰ।২

বিতৰণ

লালি পমা শ্ৰীলংকা, নেপাল, উত্তৰ-পূব ভাৰত, দক্ষিণ চীন, ইণ্ডো-চীন, আৰু সমগ্ৰ মালয়েছিয়া আৰু পাপুয়াছিয়াত পোৱা যায়। এই উদ্ভিদ সমুদ্ৰপৃষ্ঠৰ পৰা ১০০০ মিটাৰ (৩,০০০ ফুট) উচ্চতালৈকে থকা বৰ্ষাৰণ্যত গছে।২

তথ্যসূত্ৰ

  1. ↑ India biodiversity Portal
  2. ↑ Mabberley, David J.; Sing, Anne M. (March 2007). Tree Flora of Sabah and Sarawak. Forest Research Institute Malaysia. পৃ. 163–165. ISBN 978-983-2181-89-7

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লালি পমা গছ” প্ৰবন্ধৰ সংশোধন ৪২৮৬০০ (১১ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।