অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মেৰমেৰী লতা

মেৰমেৰী লতা (বৈজ্ঞানিক নাম: Bauhinia vahlii; অন্য নাম: নাককাটি লেৱা, কাঞ্চন লতা) অসমত দেখা পোৱা এবিধ লতা জাতীয় বনৰীয়া উদ্ভিদ। এই লতাৰ পাতৰ আকৃতি কাঞ্চন গছৰ পাতৰ সৈতে একেধৰণৰ বাবে কোনো কোনো ঠাইত ইয়াক কাঞ্চন লতা বুলি কোৱা হয়। নামনি অসমত এই উদ্ভিদক নাককাটি লেৱা বুলিও জনা যায়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মেৰমেৰী লতা (বৈজ্ঞানিক নাম: Bauhinia vahlii; অন্য নাম: নাককাটি লেৱা, কাঞ্চন লতা) অসমত দেখা পোৱা এবিধ লতা জাতীয় বনৰীয়া উদ্ভিদ। এই লতাৰ পাতৰ আকৃতি কাঞ্চন গছৰ পাতৰ সৈতে একেধৰণৰ বাবে কোনো কোনো ঠাইত ইয়াক কাঞ্চন লতা বুলি কোৱা হয়। নামনি অসমত এই উদ্ভিদক নাককাটি লেৱা বুলিও জনা যায়।১

বিৱৰণ

মেৰমেৰী লতাডাল আকাৰত ডাঙৰ হয়। ইয়াৰ ঠাৰিডালৰ গঠন এনে হয় যে লতাডালৰ ভিতৰফালে থকা আঁহবোৰ পকোৱা-পকি হৈ লতাডালে এটা ভগা-ছিগা ৰূপ লয়। লতাৰ ডালবোৰৰ পৰা ওলাই অহা উপ-ডালবোৰৰ গঠন কেতিয়াবা হাকোটাৰ দৰে হৈ পৰে।

মেৰমেৰী লতাৰ পাতবোৰ আকাৰত ডাঙৰ, ধপলা ধপল। ইয়াৰ ফুলৰ বৰণ বগা বা মাখন বৰণীয়া হয়।১

ব্যৱহাৰ

মেৰমেৰী লতাৰ পৰা অসমত পঘা বা ৰচি তৈয়াৰ কৰা হয়। ইয়াৰ পাতবিলাক কাঁহী বা থালি হিচাপেও ব্যৱহাৰ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭

সম্পৰ্কিত শ্ৰেণী

লতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰমেৰী লতা” প্ৰবন্ধৰ সংশোধন ৬২৪৭৪৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।