ৰোৱা বন্যপ্ৰাণী অভয়াৰণ্য (Rowa Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ উত্তৰ ত্ৰিপুৰা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য।১
বিৱৰণ
০.৮৫৮ বৰ্গ কিলোমিটাৰ (০.৩৩১ বৰ্গমাইল) এলেকাজুৰি বিস্তৃত; এই অভয়াৰণ্যখন ১৯৮৮ চনত প্ৰথমে এখন সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল।২
উদ্ভিদকুল আৰু প্ৰাণীকুল
এই অভয়াৰণ্যখনৰ উদ্ভিদবোৰ পৰ্ণপাতী আৰু অৰ্ধ-চিৰসেউজ অৰণ্যৰ অন্তৰ্ভুক্ত।৩ ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই, স্তন্যপায়ী আৰু সৰীসৃপ পোৱা যায়।৪ ইয়াত পোৱা প্ৰধান বন্যপ্ৰাণীসমূহৰ ভিতৰত সুগৰী পহু, বনৰীয়া গাহৰি, গাহৰি-নেজীয়া বান্দৰ, নেউল, কেঁটেলাপহু, অজগৰ আৰু চৰাইবোৰৰ ভিতৰত হেটুলুকা, বুলবুলি, কুলি, মণিয়ৰি, পাৰ, ফেঁচু, হাঁহ, সখিয়তী, ফেঁচা, গলমণিকা, কৈৰা, মৌপিয়া, বাঢ়ৈটোকা, টোকোৰা, কোকলোঙা, চুটীয়া শালিকা আদি উল্লেখযোগ্য।৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Protected area network in India. Ministry of Environment and Forests, Government of India. পৃ. 28
- ↑ Tripura. পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ভাৰত চৰকাৰ
- ↑ (November 2021). National Parks and Wildlife Sanctuaries in India. পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ভাৰত চৰকাৰ
- ↑ Rowa Wildlife Sanctuary. Government of Tripura
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোৱা বন্যপ্ৰাণী অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৪৬৪৬৮৩ (১৭ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।