সপুষ্পক উদ্ভিদ
১৩ প্ৰবন্ধ
-
অৰ্কিড
অৰ্কিড (অৰ্কিডেচি) সপুষ্পক উদ্ভিদৰ এটা অতি ডাঙৰ আৰু বহুল বিস্তৃত পৰিয়াল, যাৰ ফুল সাধাৰণতে ৰঙীণ আৰু সুগন্ধিযুক্ত। বিশ্বজুৰি বিপুল প্ৰজাতিগত বৈচিত্ৰ্য আৰু ফুলৰ বিশেষ গঠনগত লক্ষণৰ বাবে এই পৰিয়াল উদ্ভিদবিজ্ঞান, উদ্যানশিল্প আৰু কৃষিৰ দৃষ্টিত গুৰুত্বপূৰ্ণ।
-
ঔ টেঙা
ঔ টেঙা (বৈজ্ঞানিক নাম:Dillenia indica, ইংৰাজী: Elephant Apple)) অসমৰ স্থানীয় উদ্ভিদ। ই দক্ষিণ-পূব এছিয়াৰ পৰা ভাৰত, বাংলাদেশ, শ্ৰী লংকাৰ লগতে দক্ষিণ পশ্চিম চীন, ভিয়েটনাম, থাইলেণ্ড, মালয়ছিয়া পৰ্যন্ত বিস্তৃত হৈ আছে। ঔ টেঙা অসমীয়া জনজীৱনৰ লগত ওতপ্ৰোত ভাৱে জড়িত।
-
বহঁত
বহঁত (বৈজ্ঞানিক নাম: Artocarpus lacucha) বা ডেৱা Moraceae পৰিয়ালৰ এবিধ গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ উদ্ভিদ। ইয়াক ইংৰাজীত monkey fruit বা monkey jack বোলা হয়। ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এচিয়াজুৰি এই উদ্ভিদবিধ বিস্তৃত গছজোপাৰ কাঠ মূল্যৱান আৰু ইয়াৰ ফলসমূহ খোৱাৰ উপযোগী।
-
টিলিকি কপৌ
টিলিকি কপৌ বা বিকড মাইক্ৰ'পেৰা (Beaked micropera) হৈছে পৰাশ্ৰয়ী অৰ্কিডৰ এক প্ৰজাতি। ই মধ্যমীয়াৰ পৰা ডাঙৰ আকাৰৰ হ'ব পাৰে। অসমকে ধৰি উত্তৰ-পূব ভাৰত, বাংলাদেশ আৰু পূব হিমালয়ত ইয়াক থলুৱাভাৱে পোৱা যায়। আৰু সুগন্ধি। ইয়াক শালিকী কপৌ বা কণ কপৌ নামেৰেও জনা যায়।
-
নাগচম্পা
নাগচম্পা (cannonball tree, বৈজ্ঞানিক নাম: Couroupita guianensis) এক প্ৰকাৰৰ বৃক্ষজাতীয় উদ্ভিদ। ই Lecythidaceae পৰিয়ালৰ এজোপা সপুষ্পক আৰু পৰ্ণপাতী উদ্ভিদ। এই গছজোপা মধ্য আৰু দক্ষিণ আমেৰিকাৰ গ্ৰীষ্মমণ্ডলীয় অৰণ্যৰ এবিধ থলুৱা উদ্ভিদ।
-
গাঁঠিয়ন
গাঁঠিয়ন বা কেম্পফেৰিয়াগলাংগা আদাজাতীয় একক স্ত্ৰীকেশৰযুক্ত উদ্ভিদ আৰু গলাংগাল নামৰ চাৰিবিধ উদ্ভিদৰ ভিতৰত অন্যতম। ইয়াক প্ৰধানকৈ ইণ্ডোনেছিয়া, দক্ষিণ চীন, টাইৱান, কম্বোডিয়া আৰু ভাৰতৰ মুকলি অঞ্চলসমূহত পোৱা যায় যদিও সমগ্ৰ দক্ষিণ-পূব এছিয়াতে ইয়াৰ খেতি ব্যাপকভাৱে কৰা হয়।
-
ডেণ্ড্ৰ'বিয়াম ফুগাক্স
ডেণ্ড্ৰ'বিয়াম ফুগাক্স বা ফেডিং ডেণ্ড্ৰ'বিয়াম (Fading Dendrobium) হৈছে এবিধ পৰাশ্ৰয়ী অৰ্কিডৰ প্ৰজাতি। এই অৰ্কিডবিধ হিমালয় আৰু ইণ্ডো-চীন অঞ্চলত পোৱা যায়। ই অসম, ভূটান, ছিকিম, ম্যানমাৰ, থাইলেণ্ড, লাওছ আৰু ভিয়েটনামৰ থলুৱা প্ৰজাতি। গছৰ ডালত এই অৰ্কিডবিধে প্ৰাকৃতিকভাৱে আশ্ৰয় লয়।
-
ডেণ্ড্ৰবিয়াম মস্কেটাম
ডেণ্ড্ৰবিয়াম মস্কেটাম বা পাটমুগীফুল (musky-smelling dendrobium; কস্তুৰী গোন্ধযুক্ত ডেণ্ড্ৰবিয়াম) হৈছে ডেণ্ড্ৰ'বিয়াম পৰিয়ালৰ অৰ্কিডৰ এটা প্ৰজাতি। ই এবিধ পৰাশ্ৰয়ী অৰ্কিড। ইয়াক হিমালয় অঞ্চল অৰ্থাৎ উত্তৰ আৰু পূব ভাৰত, উত্তৰ বাংলাদেশ, নেপাল, ভূটান আৰু ইউনানত থলুৱাভাৱে পোৱা যায়।
-
ইনচুলিন গছ
ইনচুলিন গছ হৈছে ইংৰাজীত সাধাৰণতে ফিয়েৰি কষ্টাছ (fiery costus) বা স্পাইৰেল ফ্লেগ (spiral flag) নামেৰে জনাজাত কষ্টেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ ঔষধি উদ্ভিদ। ই পূৱ ব্ৰাজিলৰ এবিধ থলুৱা প্ৰজাতি। মধুমেহ ৰোগ উপশম কৰাৰ গুণ থকা বাবে ভাৰতত এই উদ্ভিদক ইনচুলিন প্লেণ্ট বুলি জনা যায়।
-
টিকনি জৱা
টিকনি জৱা (বৈজ্ঞানিক নাম: Malvaviscus arboreus) হৈছে মালভাচিয়া পৰিয়ালৰ অন্তৰ্গত জৱা গণৰ সপুষ্পক উদ্ভিদৰ এটা প্ৰজাতি। ই দক্ষিণ আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো, মধ্য আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ এবিধ স্থানীয় উদ্ভিদ। প্ৰজাতিৰ নাম আৰ্বোৰিয়াচে পূৰ্ণবয়স্ক উদ্ভিদৰ বৃক্ষক দৰে ৰূপক বুজায়।
-
তালমূলি
তালমূলি বা কাৰ্কুলিগ' অৰ্কিঅইডেছ (golden eye-grass, নেপালী: কালো মুছলি বা কালি মুছলি) এবিধ বিলুপ্তপ্ৰায় সপুষ্পক উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদবিধ নেপাল, চীন, জাপান, ভাৰত উপমহাদেশ, পাপুৱাছিয়া, আৰু মাইক্ৰ'নেছিয়াত থলুৱাভাৱে পোৱা যায়।
-
মেকন’পচিছ গাকিডিয়ানা
মেকন’পচিছ গাকিডিয়ানা (ডোংখা ভাষা: ཚེར་སྔོན་མེ་ཏོག) হৈছে পূব ভূটান, ভাৰতৰ অৰুণাচল প্ৰদেশৰ পশ্চিম অংশ আৰু চীনৰ দক্ষিণ জিজাঙৰ থলুৱা নীলা পপি ফুলৰ প্ৰজাতি। ই ভূটানৰ ৰাষ্ট্ৰীয় ফুল। মেকন’পচিছ গেকিডিয়ানাৰ গা-গছৰ দৈৰ্ঘ্য কম আৰু কাণ্ড ওখ।
-
যখিনী মোনা
যখিনী মোনা বা শংকৰ মোনা (Malayan urn vine) বা ডিচচিডিয়া মেজৰ, ডিচচিডিয়া প্ৰজাতিৰ এবিধ পৰাশ্ৰয়ী উদ্ভিদ। এই উদ্ভিদবিধে বিশেষধৰণে পৰিৱৰ্তিত পাত ধাৰণ কৰে আৰু এই পাতসমূহত ডলিকোডেৰিনে পৰিয়ালকে ধৰি বিভিন্ন জাতৰ পৰুৱাই বাস কৰে।