শালিকা
৩৫ প্ৰবন্ধ
-
ঘৰচিৰিকা
ঘৰচিৰিকা বা ঘনচিৰিকা (house sparrow, বৈজ্ঞানিক নাম: Passer domesticus) হৈছে Passeridae গোত্ৰৰ বিশ্বৰ প্ৰায় সকলো ঠাইতে দেখিবলৈ পোৱা সৰু আকাৰৰ চৰাই। এই চৰাইবিধ মানুহৰ সৈতে বসবাস কৰাত বিশেষভাৱে অভ্যস্ত। ইহঁতক নগৰ-চহৰ আৰু গাঁৱে-ভূঞে সকলোতে বসবাস কৰা দেখা যায়।
-
ফেঁচু
ফেঁচু (Black Drongo, বৈজ্ঞানিক নাম-Dicrurus macrocercus) 'Dicruridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। দক্ষিণ এছিয়াৰ ইৰাণ, ভাৰত, শ্ৰীলংকাৰ পৰা চীন তথা ইণ্ডোনেছিয়া লৈকে ই স্থানীয় ভাৱে প্ৰজনন কৰে। ইয়াৰ সমগ্ৰ দেহটো ক'লা বৰণৰ, নেজ খাঁজকটা (forked)।
-
বুলবুলি
বুলবুলি (Red-whiskered Bulbul, Pycnonotus jocosus) এছিয়া মহাদেশত বিস্তৃত হৈ থকা এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। ই সাধাৰণতে ফল-মূল আদি খাই জীয়াই থাকে। ইয়াৰ মূৰত থকা মুকুট (crest) আৰু ৰঙা কটি (vent) তথা চকুৰ ৰঙা অংশৰ বাবেই সহজেই চিনাক্ত কৰিব পৰা যায়।
-
ভীমৰাজ
ভীমৰাজ (Greater Racket-tailed Drongo, বৈজ্ঞানিক নাম-Dicrurus paradiseus)এটা মধ্যমীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ দীঘল তথা বিশেষ আকাৰৰ দুভাগ হৈ থকা নেজৰ বাবে এই চৰাইবিধ খ্যাত৷
-
ঘৰ-শালিকা
ঘৰ-শালিকা ( Common Myna, বৈজ্ঞানিক নাম: Acridotheres tristis) 'Sturnidae' পৰিয়ালৰ অন্তৰ্গত এছিয়াৰ এবিধ থলুৱা চৰাই। এই সৰ্বভক্ষী চৰাইৰ প্ৰজাতিটোৱে জনবসতিপূৰ্ণ অঞ্চলত নিজকে অভিযোজন কৰাত পাকৈত বুলি জনা যায়। ই ভাৰতীয় সংস্কৃতিত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে।
-
চুটীয়া শালিকা
চুটীয়া শালিকা (Jungle Myna, বৈজ্ঞানিক নাম Acridotheres fuscus) শালিকা জাতীয় চৰাইৰ প্ৰজাতি সমূহৰ ভিতৰত অন্যতম প্ৰজাতি৷
-
দহিকতৰা
দহিকতৰা চৰাইৰ ইংৰাজী নাম Magpie Robin আৰু বৈজ্ঞানিক নাম: Copsychus saularis। এই চৰাইবিধ সাধাৰণতে নাতিশীতোষ্ণ দক্ষিণ এছিয়াৰ বাংলাদেশ, ভাৰত, পাকিস্তান, শ্ৰীলংকা, ইন্দোনেছিয়া, মালয়েছিয়া, চীনৰ দক্ষিণাঞ্চল আৰু ফিলিপাইনত দেখিবলৈ পোৱা যায়।
-
কাঠ শালিকা
কাঠ-শালিকা (Chestnut-tailed Starling, বৈজ্ঞানিক নাম: Sturnia malabarica) ) শালিকা জাতীয় চৰাইৰ প্ৰজাতি সমূহৰ অন্যতম প্ৰজাতি৷ দক্ষিণ-পূব এছিয়া তথা ভাৰত ত ইয়াক থলুৱাভাৱে দেখা পোৱা যায় যদিও ই আংশিকভাৱে পৰিভ্ৰমণকাৰী চৰাই বুলিও জানিব পৰা গৈছে৷
-
কোকলোঙা
কোকলোঙা (Rufous Treepie, বৈজ্ঞানিক নাম-Dendrocitta vagabunda) দক্ষিণ-পূব এছিয়াত স্থানীয়ভাৱে পোৱা এবিধ চৰাইৰ প্ৰজাতি। ই কাউৰী পৰিয়াল (Corvidae)ৰ অন্তৰ্ভুক্ত। ইয়াৰ নেজ অতি দীঘল আৰু ইয়াৰ ডাঙৰ মাতৰ বাবে চকুত পৰা বিধৰ হয়।
-
চাতক
চাতক বা টেলটুপী (Barn Swallow, বৈজ্ঞানিক নাম-Hirundo rustica) চাতক(Swallow) এইজাতীয় চৰাইসমূহৰ ভিতৰত আটাইতকৈ বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতি। ই এবিধ সহজে চিনিব পৰা চৰাই-ইয়াৰ দেহৰ ওপৰভাগ নীল-বৰণীয়া, নেজ জোঙা আৰু দকৈ দুভাগকৈ কটা।
-
বিহুৱতী চৰাই
বিহুৱতী চৰাই (Common Iora, বৈজ্ঞানিক নাম-Aegithina tiphia) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ই বিষুৱীয় অঞ্চলত, প্ৰধানকৈ এছিয়া মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে। i
-
ভদৰকলি
ভদৰকলি (great tit, বৈজ্ঞানিক নাম-Parus major) ‘’Paridae’’ পৰিয়ালৰ অন্তৰ্ভুক্ত এটা সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই ইউৰোপ, এছিয়া তথা আফ্ৰিকা মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে৷ ইয়াক সাধাৰণতে স্থানীয়ভাৱে দেখা পোৱা যায়৷ ভদৰকলিৰ আকাৰ সৰু৷ ইয়াৰ মূৰ আৰু ডিঙি অংশ ক’লা, মুখ বগা আৰু গাৰ তলৰ অংশ হালধীয়া হয়৷
-
মৌপিয়া
মৌপিয়া (Crimson Sunbird, বৈজ্ঞানিক নাম-Aethopyga siparaja) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই ঘাইকৈ ফুলৰ ৰস খায় বাবে ইয়াক মৌপিয়া বুলি কোৱা হয়৷ অৱশ্যে প্ৰজনন কালত ই পোক-পতংগও খোৱা দেখা যায়৷ ই চিংগাপুৰৰ ৰাষ্ট্ৰীয় চৰাই৷
-
সখিয়তী
সখিয়তী বা পাটমাদৈ(Black-hooded Oriole, বৈজ্ঞানিক নাম-Oriolus xanthornus) 'Oriole' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি৷ ই বিষুৱীয় অঞ্চলৰ দক্ষিণ এছিয়াৰ ভাৰতৰ পৰা শ্ৰীলংকা, ইণ্ডোনেছিয়া পৰ্যন্ত স্থানীয়ভাৱে প্ৰজনন কৰে৷
-
বনচিৰিকা
বনচিৰিকা ( Eurasian tree sparrow, বৈজ্ঞানিক নাম: Passer montanus) ঘৰচিৰিকা গোত্ৰৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ মূৰৰ ওপৰ অংশ (crown) গাঢ় ৰঙা-মটিয়া ( Chestnut) বৰণৰ৷ মতা-মাইকী দুয়োৰে বাহ্যক গঠন একে হয়৷ পোৱালিৰ বৰণ পূৰ্ণবয়স্ক চৰাইতকৈ পাতল হোৱা দেখা যায়৷ ইহঁতে গছৰ খোৰোং বা প্ৰাকৃতিক সুৰঙা…
-
বাৰীসুন্দৰী
বাৰীসুন্দৰী(Asian Paradise Flycatcher, বৈজ্ঞানিক নাম-Terpsiphone paradisi) এটা মজলীয়া আকাৰৰ আৰু এছিয়া মহাদেশৰ স্থানীয় চৰাইৰ প্ৰজাতি। বাৰীসুন্দৰীৰ মতা চৰাইৰ নেজ অতি দীঘল। কিছুমানত ই মাখন বৰণীয়া আৰু অন্য কিছুমানত ইয়াৰ বৰণ বগা হয়।
-
সাতভনী
সাতভনী বা বাৰীলোটা (Jungle Babbler, Turdoides striata), 'Leiothrichidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক সমগ্ৰ ভাৰত উপমহাদেশতে দেখিবলৈ পোৱা যায়৷ ই সাধাৰণতে ছয়ৰ পৰা দহটামান চৰাইৰ গোট হৈ চৰে৷ সাতোটামান চৰাই একেলগে ঘূৰি ফুৰে বাবে ইয়াক সাতভনী, সাতভাই, সাতভায়া আদি নাম…
-
কেঁচুখাটী
কেঁচুখাটী(Olive-backed Pipit, বৈজ্ঞানিক নাম-Anthus hodgsoni) Anthus গোত্ৰৰ অন্তৰ্ভুক্ত এটা মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। ই দক্ষিণ এছিয়া, ইউৰোপ তথা ৰাছিয়াত বহুলভাৱে বিস্তৃত। ই শীতকালত দীঘলীয়া প্ৰব্ৰজন কৰে বুলি জান যায়।
-
ক’লা টুনি
ক’লা টুনি (Tricoloured Munia, বৈজ্ঞানিক নাম- Lonchura malacca) হৈছে এষ্ট্ৰিল্ডিড ফিঞ্চ পৰিয়ালৰ এটা সৰু চৰাই, যি মূলতঃ বাংলাদেশ, ভাৰত, শ্ৰীলংকা, পাকিস্তান আৰু দক্ষিণ চীনত পোৱা যায়। এই প্ৰজাতিটো ত্ৰিনিদাদ, জামাইকা, হিছ্পানিঅলা, পুৱাৰ্টো ৰিকো, কিউবা আৰু ভেনেজুৱেলাত পৰিচয় কৰোৱা হৈছে।
-
গাং শালিকা
গাং শালিকা (Bank Myna, বৈজ্ঞানিক নাম- Acridotheres ginginianus) দক্ষিণ এছিয়াত দেখা পোৱা শালিকাৰ এটা প্ৰজাতি। ই দেখাত ঘৰশালিকা ৰ দৰে প্ৰায় একেই যদিও আকাৰত সৰু। তাৰোপৰি ইয়াৰ চকুৰ তলতে হালধীয়াৰ সলনি ৰঙচুৱা বৰণ দেখা যায়। উত্তৰ আৰু কেন্দ্ৰীয় ভাৰতত ইয়াৰ জাক দেখা পোৱা যায়।
-
টিক টিক চৰাই
টিক টিক চৰাই (Golden-headed Cisticola, বৈজ্ঞানিক নাম: Cisticola exilis)ভাৰতৰ পৰা অষ্ট্ৰেলিয়া পৰ্যন্ত বিস্তৃত হৈ থকা সৰু আকাৰৰ এবিধ 'warbler' চৰাই।
-
নাচনী চৰাই
নাচনী চৰাই (White-throated Fantail, বৈজ্ঞানিক নাম-Rhipidura albicollis) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক প্ৰধানকৈ দক্ষিণ এছিয়াৰ ভাৰতৰ পৰা বাংলাদেশ তথা ইণ্ডোনেছিয়া আদি দেশৰ বনাঞ্চল তথা খেতি-পথাৰ আদিত দেখা পোৱা যায়৷
-
ফুটুকী টুনি
ফুটুকী টুনি, ( Scaly-breasted Munia বা Spotted Munia, বৈজ্ঞানিক নাম-Lonchura punctulata) এটা ঘনচিৰিকাৰ আকাৰৰ চৰাইৰ প্ৰজাতি। ই এছিয়াৰ স্থানীয় চৰাই। ইয়াৰ বুকু আৰু পেট অংশত থকা ফুটুকীয়া ৰঙৰ বাবেই ইয়াক ফুটুকী টুনি বুলি কোৱা হয়। এই প্ৰজাতিৰ এঘাৰটা উপ-প্ৰজাতি থকা বুলি জনা যায়।
-
ফেচুলুকা
ফেচুলুকা (Red-vented Bulbul, বৈজ্ঞানিক নাম-Pycnonotus cafer) এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। ইয়াক ভাৰত উপমহাদেশৰ শ্ৰীলংকাৰ পৰা তিব্বতলৈকে স্থানীয়ভাৱে দেখা পোৱা যায়।
-
ইটা-গুড়িয়া নাচনী চৰাই
ইটা-গুড়িয়া নাচনী চৰাই (Ferruginous Flycatcher, বৈজ্ঞানিক নাম-Muscicapa ferruginea) 'Muscicapidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷
-
গলমণিকা নাচনী
গলমণিকা নাচনী (Red-breasted Flycatcher, বৈজ্ঞানিক নাম-Ficedula parva) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ই পেচ্চেৰিফৰমিছ বৰ্গৰ অন্তৰ্ভুক্ত চৰাই।
-
টিপচী
টিপচী চৰাই (Common Tailorbird, বৈজ্ঞানিক নাম: Orthotomus sutorius) সমগ্ৰ এছিয়া মহাদেশতে বিস্তৃত হৈ থকা এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। নগৰৰ উদ্যান সমূহত ই এবিধ চিনাকি চৰাই। ই জোপোহাৰ মাজতে লুকাই থাকে যদিও ডাঙৰ মাতটোৰ বাবে ইয়াৰ উপস্থিতি গম পোৱা যায়।
-
টোকোৰা
টোকোৰা (Black-throated Weaver, বৈজ্ঞানিক নাম-Ploceus benghalensis) ভাৰতৰ নদীকাষৰীয়া সমতল ভূমিত দেখা পোৱা এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ইহঁতক ঘাইকৈ প্ৰজননৰ সময়ত সঁজা চকুত লগা বিশেষধৰণৰ বাহৰ বাবে জনা যায়।
-
ধোঁৱাবৰণীয়া নলচুপি চৰাই
ধোঁৱাবৰণীয়া নলচুপি চৰাই (Ashy Prinia, বৈজ্ঞানিক নাম-Prinia socialis) 'Cisticolidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। এই চৰাইবিধ নগৰীয়া অঞ্চলত বিশেষকৈ উদ্যান আৰু খেতি-পথাৰত সততে দেখা পোৱা যায়।
-
নীলা নাচনী
নীলা নাচনী চৰাই (Slaty-blue Flycatcher বৈজ্ঞানিক নাম-Ficedula tricolor) 'Muscicapidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি।