অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অসম নেমু

অসম নেমু হৈছে কাজি নেমু আৰু গোল নেমুু নামৰ ভাৰতৰ অসমত পোৱা আৰু খেতি কৰা কৃষিজাত পাচলী। নেমু হৈছে অসমীয়া খাদ্যাভ্যাস অত্যাৱশ্যকীয় উপাদান। ইয়াক অসমীয়াত নেমু টেঙা বুলিও কোৱা হয়। অসম নেমুৰ বৈজ্ঞানিক নাম হৈছে ছাইট্ৰাছ লাইমন আৰু ছাইট্ৰাছ জাম্ভিৰি। অসম নেমুৰ পৰা শীতল পানীয় বা চৰবৎ প্ৰস্তুত কৰা হয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ
কেৰালা, ভাৰতৰ মালাপ্পুুৰমত এজোপা কাজি নেমু গছ
কেৰালা, ভাৰতৰ মালাপ্পুুৰমত এজোপা কাজি নেমু গছছবি: Anish nellickal · CC BY-SA 4.0

অসম নেমু হৈছে কাজি নেমু আৰু গোল নেমুু নামৰ ভাৰতৰ অসমত পোৱা আৰু খেতি কৰা কৃষিজাত পাচলী।১ নেমু হৈছে অসমীয়া খাদ্যাভ্যাস অত্যাৱশ্যকীয় উপাদান।২ ইয়াক অসমীয়াত নেমু টেঙা বুলিও কোৱা হয়। অসম নেমুৰ বৈজ্ঞানিক নাম হৈছে ছাইট্ৰাছ লাইমন৩ আৰু ছাইট্ৰাছ জাম্ভিৰি।

অসম নেমুৰ পৰা শীতল পানীয় বা চৰবৎ প্ৰস্তুত কৰা হয়। ইয়াৰ ফলৰ বাকলি আৰু অন্যান্য অংশ আচাৰ হিচাপে নাইবা অন্য বিভিন্ন প্ৰকাৰে খোৱা হয।৪

প্ৰকাৰ

অসমীয়া সাঁজত নেমু, ভাতৰ ওপৰৰ সোঁফালে নিমখ আৰু জলকীয়াৰ মাজত নেমু দেখা গৈছে।
অসমীয়া সাঁজত নেমু, ভাতৰ ওপৰৰ সোঁফালে নিমখ আৰু জলকীয়াৰ মাজত নেমু দেখা গৈছে।ছবি: Soyuz Sharma · CC BY-SA 3.0

গোল নেমু

মূল প্ৰবন্ধ: গোলনেমু

গোল নেমু ভাৰতত পোৱা অন্য নেমুৰ সৈতে একে। ইয়াৰ আকাৰ অলপ ডাঙৰ আৰু আকৃতি ঘূৰণীয়া। পকিলে ইয়াৰ বৰণ হালধীয়া হয় আৰু সোৱাদ মিঠা হয়।

কাজি নেমু

মূল প্ৰবন্ধ: কাজিনেমু

নেমুৰ দীঘলীয়া প্ৰকাৰটো হৈছে কাজি নেমু।৫ গোল নেমুতকৈ কাজি নেমু বেছি ৰসাল। ই অসমীয়া খাদ্যাভ্যাসৰ সৈতে জড়িত আৰু অধিক জনপ্ৰিয়। ই গোল নেমুৰ সমানেই ডাঙৰ আৰু পকিলে হালধীয়া বৰণ ধৰে।৬৭

তথ্যসূত্ৰ

  1. ↑ Lemon Cultivation -
  2. ↑ Gul Nemu Limes. www.specialtyproduce.com
  3. ↑ Fruits and vegetables of Assam. all-mixed.blogspot.in
  4. ↑ Design and Development of a Hand Operated Assam Lemon Fruit Harvester. Sustainability and Social Innovation Lab
  5. ↑ Australian finger lime: Citric caviar - Outlook Traveller. Outlook Traveller
  6. ↑ Precious Lemons. natasha-pointstoponder.blogspot.in
  7. ↑ ASSAM LEMON (Citrus Limon L. Burmf). www.kiran.nic.in

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম নেমু” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৮২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।