অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

শিঙৰা মাছ

শিঙৰা মাছ (striped dwarf catfish, বৈজ্ঞানিক নাম: Mystus vittatus) বেগৰিডে পৰিয়ালৰ কেটফিছ জাতীয় এবিধ মাছ। এই মাছবিধ হ্ৰদ আৰু জলাশয়ত বাস কৰে। এচিয়াৰ বিভিন্ন দেশ যেনে পাকিস্তান, ভাৰত, শ্ৰীলংকা, নেপাল, বাংলাদেশ আৰু সম্ভৱতঃ ম্যানমাৰত ইয়াক পোৱা যায়।

হালনাগাদ: ৮ আগষ্ট ২০২২ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শিঙৰা মাছ (striped dwarf catfish, বৈজ্ঞানিক নাম: Mystus vittatus) বেগৰিডে পৰিয়ালৰ কেটফিছ জাতীয় এবিধ মাছ। এই মাছবিধ হ্ৰদ আৰু জলাশয়ত বাস কৰে। এচিয়াৰ বিভিন্ন দেশ যেনে পাকিস্তান, ভাৰত, শ্ৰীলংকা, নেপাল, বাংলাদেশ আৰু সম্ভৱতঃ ম্যানমাৰত ইয়াক পোৱা যায়। দক্ষিণ-পূব এচিয়াৰ দেশসমূহত এই মাছবিধৰ উপস্থিতিক লৈ দ্বিমত আছে। ইয়াৰ কাৰণ হৈছে এই অঞ্চলসমূহত পোৱা মিষ্টাছ প্ৰজাতিৰ সৈতে থকা ইয়াৰ সাদৃশ্য।

শিঙৰা মাছ একোটা ২১ চে:মি: পৰ্যন্ত দীঘল হ'ব পাৰে। সম্প্ৰতি মৎস্য চিকাৰ, পোহনীয়া জীৱ হিচাপে ক্ৰয়-বিক্ৰয় আৰু বাসস্থানসমূহৰ ধ্বংসৰ বাবে ইয়াৰ সংখ্যা হ্ৰাস পাইছে।১ প্ৰজননৰ সময়ত ইহঁ‌তে মুখেৰে বিশেষধৰণৰ শব্দ কৰে।

তথ্যসূত্ৰ

  1. ↑ Ng, H. H. (2010). Mystus vittatus.. আই ইউ চি এন ৰঙা তালিকা. পৃ. e.T166651A6255921

সম্পৰ্কিত শ্ৰেণী

মাছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিঙৰা মাছ” প্ৰবন্ধৰ সংশোধন ৩৩০১২১ (৮ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।