পতংগ
১৩ প্ৰবন্ধ
-
মৌ-মাখি
মৌ-মাখি (Honey bee) এবিধ সন্ধিপদী প্ৰাণী। সমাজ পাতি বাস কৰা মৌ-মাখিবোৰক পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়। ইহঁতে ফুলে ফুলে ৰস বিচাৰি উৰি ফুৰে। শৰীৰৰ গঠন আৰু কামৰ দিশৰ পৰা এইবোৰক উচ্চস্তৰৰ পতংগ ৰূপে জনা যায়। ইহঁতে মৌবাহ সাজি থাকে। এই মৌবাহবোৰক মৌচাক বোলা হয়।
-
পতংগ
পতংগ হ'ল সন্ধিপদী পৰ্বৰ অন্তৰ্গত অমেৰুদণ্ডীৰ প্ৰাণীৰ এটা শ্ৰেণী। ইহঁতৰ কাইটিন যুক্ত বহিঃকংকাল থাকে। দেহটো মূৰ, বক্ষ আৰু উদৰ নামৰ তিনিটা খণ্ডত বিভক্ত, তিনি যোৰা সংযুক্ত ভৰি, যৌগিক চকু আৰু এযোৰা এণ্টেনা থাকে।
-
পৰুৱা
পৰুৱা ফৰ্মিচিডে পৰিয়ালৰ এটি পতংগ যিয়ে গোট বনাই থাকে। মতা পৰুৱাৰ পাখি থাকে।
-
উঁইপৰুৱা
উঁইপৰুৱা ( White-ant,Termite) উঁইপৰুৱা পৰুৱা নহয় যদিও ইংৰাজীত হোৱাইট এণ্ট বুলি কয়। উঁইপৰুৱা আইছপ্টেৰা (isoptera) বৰ্গৰ। উঁইপৰুৱা প্ৰাচীন,পৰ্যাপ্ত আৰু পৰিৱেশ শুদ্ধক প্ৰাণী।
-
মহ
মহ হৈছে কিউলিচিডি পৰিয়ালৰ অন্তৰ্গত কিছুমান সৰু সৰু পতংগ। বহু প্ৰজাতিৰ মাইকী মহবোৰ পৰজীৱী, যি বিভিন্ন জীৱৰ দেহৰ তেজ শোষণ কৰে। মতা মহবোৰে সাধাৰণতে উদ্ভিদৰ ৰস খায়। খাদ্য শোষণৰ বাবে মহৰ মুখত নলীকা সদৃশ শুং থাকে।
-
জোনাকী পৰুৱা
জোনাকী পৰুৱা (Firefly) এবিধ সৰু পতংগ শ্ৰেণীৰ জীৱ। ইয়াৰ দেহত এযোৰ পাখি থাকে বাবে ই উৰিব পাৰে। ইয়াৰ দেহটো কোমল। ইহঁত সন্ধিপদী প্ৰাণী। জোনাকী পৰুৱাক বৈজ্ঞানিকসকলে দিয়া নাম- লামপাইৰিদ (Lampyride)। ই ক'লেওপ্টেৰা বৰ্গৰ অন্তৰ্ভুক্ত।
-
উৰহ
উৰহ ( Bed Bug) চিমেক্স প্ৰজাতিৰ এবিধ পৰজীৱী পোক, যিয়ে সাধাৰণতে ৰাতি তেজ খায়। ইহঁতৰ কামোৰৰ ফলত ছালৰ ফোহা, মানসিক প্ৰভাৱ আৰু এলাৰ্জিৰ লক্ষণ আদি বহুতো স্বাস্থ্যজনিত প্ৰভাৱ পৰিব পাৰে। উৰহৰ কামোৰৰ ফলত ছালৰ সৰু সৰু অংশ পৰা ৰঙা পৰাৰ পৰা আৰম্ভ কৰি ডাঙৰ ফোহালৈকে হ'ব পাৰে।
-
ঘুণ
ঘুণ (Common furniture beetle; বৈজ্ঞানিক নামঃ Anobium punctatum) হৈছে মূলতঃ ইউৰোপৰ পৰা অহা এক কাঠ-বাঁহ বিন্ধা কৰা এবিধ পোক আৰু এতিয়া বিশ্বজুৰি বিস্তৃত। পলুৰ অৱস্থাত ই কাঠ ছিদ্ৰ কৰি ইয়াক খায়। প্ৰাপ্তবয়স্ক ঘুণ (Anobium punctatum)ৰ দৈৰ্ঘ্য ২.৭–৪.৫ মিলিমিটাৰ (০.১১–০.১৮ ইঞ্চি)।
-
ঝিলী
ঝিলী (Cicada) এবিধ হেমিপটেৰা (Hemiptera) বৰ্গৰ আউশনোৰহাইনছা (Auchenorrhyncha) উপবৰ্গৰ পতংগ। ঝিলী ছিকাডোইডিয়া মহাশ্ৰেণীৰ অন্তঃৰ্গত। চকুৰে সহজে দেখা পোৱা সীৰাৰে সৈতে, ইয়াৰ পাখিহাল ভালদৰে বিকশিত। কিছুমান প্ৰজাতিৰ আকৌ পাখিৰ আৱৰণ স্বচ্ছ হোৱাও দেখা যায়।
-
পডণ্টিয়া কনগ্ৰেগেটা
পডণ্টিয়া কনগ্ৰেগেটা বা পাত-খোৱা পখিলা বা পোক (ইংৰাজী: Podontia congregata) হ’ল পশ্চিমঘাট পৰ্বতমালাৰ এবিধ থলুৱা ফ্লী বিটল প্ৰজাতি। প্ৰাপ্তবয়স্ক পোকবোৰৰ এলাইট্ৰা হালধীয়া ৰঙৰ, য’ত ক’লা আৰু বগা দাগ থাকে, আৰু ইহঁতৰ প্ৰণ’টামকমলা ৰঙৰ। ১৮৬৫ চনত ইংৰাজ কীটতত্ত্ববিদ জে. এচ.
-
পাণ্ডা পৰুৱা
পাণ্ডা পৰুৱা হ'ল হাইমেনোপটেৰা পৰ্ব আৰু Mutillidae পৰিয়ালৰ অন্তৰ্ভুক্ত একপ্ৰকাৰ কীট। পাণ্ডাৰ নিচিনা দেখাত হ'লেও এই পতঙ্গ যাক পাণ্ডা পৰুৱা বুলি কোৱা হ'লেও সি আচলতে পৰুৱা নহয়, ই একপ্ৰকাৰ বৰল।
-
পাতপোক
পাতপোক (Leaf Insect, বৈজ্ঞানিক নাম-Phyllium bioculatum) ৷ পৰিয়াল-Phyllidae ৷ ইংৰাজ প্ৰাণীতত্ত্ববিদ 'জৰ্জ ৰবাৰ্ট গ্ৰে'ই ১৮৩২ চনত এই পতংগবিধ চিনাক্ত কৰি বৈজ্ঞানিকভাবে ইয়াৰ শ্ৰেণীবিভাজন কৰে৷ তেখেতৰ নাম অনুযায়ী ইয়াক 'গ্ৰে'ৰ পাতপোক' (Gray's Leaf Insect) বুলিও জনা যায়৷
-
সোণালী-পোক
সোণালী-পোক বা সোণ-পৰুৱা ( Charidotella sexpunctata) পত্ৰভোজী পোক পৰিয়াল ক্ৰাইছ’মেলিডেৰ অন্তৱৰ্তী এবিধ পোক। এই পোকবিধ আমেৰিকাৰ স্থানীয় পতংগ আৰু অতি ব্যাপকভাৱে বিস্তৃত। অসমতো সোনপৰুৱা পোৱা যায়।