বিজ্ঞান
গণিত, পদাৰ্থ, ৰসায়ন, জীৱবিজ্ঞান আৰু মহাকাশ · ৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বৰ্গ (জীৱবিদ্যা)
বৰ্গ (ইংৰাজী: order, অৰ্ডৰ; লেটিন: ordo, অৰ্ড') জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ত জীৱৰ বৰ্গীকৰণৰ এটা প্ৰধান গোট। জীৱৰ বৰ্গীকৰণত ক্ৰমে অধিজগৎ, জগৎ, পৰ্ব আৰু শ্ৰেণীৰ পাছতেই বৰ্গক ৰখা হৈছে। এটা বৰ্গক কেইবাটাও সৰু সৰু পৰিয়ালত ভাগ কৰা হৈছে।
-
এলুমিনিয়াম
এলুমিনিয়াম হৈছে এক ৰাসায়নিক মৌল, ইয়াৰ চিহ্ন হৈছে Al আৰু পাৰমানবিক সংখ্যা হৈছে ১৩। ই একপ্ৰকাৰৰ ৰূপালী, কোমল, অচুম্বকীয় ধাতু। প্ৰায় ২৭০ প্ৰকাৰৰ লৱণৰ মিশ্ৰ ৰূপে ইয়াক পৃথিৱীত পোৱা যায়। এলুমিনিয়ামৰ প্ৰধান আকৰিক হৈছে বক্সাইট। নিম্ন ঘনত্বৰ ধাতু হিচাপে এলুমিনিয়ামক জনা যায়।
-
লিপিড
লিপিড হৈছে চৰ্বী, মম, ষ্টেৰ'ল, স্নেহ-দ্ৰাব্য খাদ্যপ্ৰাণ (যেনে ভিটামিন এ, ডি, ই, আৰু কে) মনগ্লিচেৰাইড, ডাইগ্লিচেৰাইড, ট্ৰাইগ্লিচেৰাইড, ফছফ'লিপিড আৰু অন্য কিছুমানকে সাঙুৰিলোৱা এক শ্ৰেণীৰ প্ৰাকৃতিক অনু। লিপিডে প্ৰধানত শক্তিৰ সংৰক্ষণ, সংকেতন, আৰু কোষাৱৰণৰ গাঠনীয় উপাদান হিচাপে কাৰ্য কৰে।
-
গাণিতিক বিশ্লেষণ
গাণিতিক বিশ্লেষণ (ইংৰাজী: mathematical analysis) গণিতৰ এটা শাখা য'ত বাস্তৱ আৰু জটিল মানৰ ক্ৰিয়াসমূহৰ অধ্যয়ন কৰা হয়। সাধাৰণতে এই ক্ৰিয়াসমূহ নিয়মবৰ্হিভূত নহয়, অবিচ্ছিন্ন (ইংৰাজী:continuous) অথবা অন্তৰকলনীয় (ইংৰাজী:differentiable) নাইবা বিশ্লেষণীয় (ইংৰাজী:analytic) হয়।
-
টিন
টিন পৰ্যাবৃত্ত তালিকাৰ ৫০তম মৌলিক পদাৰ্থ। টিনৰ আণৱিক সংকেত Sn। টিনৰ লেটিন নাম "ষ্টানাম" (Latin: stannum)ৰ পৰা সংকেতটো লোৱা হৈছে। পৰ্যাবৃত্ত তালিকাৰ বৰ্গ ১৪ত এই ধাতৱ মৌলিক পদাৰ্থৰ অৱস্থান।
-
নিউট্ৰন তৰা
নিউট্ৰণ তৰাবোৰ এক প্ৰকাৰৰ নাক্ষত্ৰিক অৱশিষ্ট যিবোৰ অতিমাত্ৰা ভৰৰ নীহাৰিকা (প্ৰকাৰ II, প্ৰকাৰ Ib বা প্ৰকাৰ Ic)ৰ বিস্ফোৰণৰ পিছত হোৱা মহাকৰ্ষণিক সংকোচনৰ ফলত সৃষ্টি হয়। এনেকুৱা তৰাবোৰ সম্পূৰ্ণৰূপে নিউট্ৰন নামৰ এক উপ-আণৱিক, আধানহীন আৰু প্ৰ’টনতকৈ সামাণ্য ভৰযুক্ত কণাৰে গঠিত।
-
মহাকৰ্ষণ
মহাকৰ্ষণ (ইংৰাজী: gravitation) হৈছে এক প্ৰাকৃতিক পৰিঘটনা, যাৰ দ্বাৰা ভৌতিক পদাৰ্থসমূহে ইয়াৰ ভৰৰ সমানুপাতিক এক বলৰ জৰিয়তে আন পদাৰ্থক আকৰ্ষণ কৰিব পাৰে। দৈনন্দিন জীৱনত মহাকৰ্ষণ এক অতিকে পৰিচিত পৰিঘটনা, ইয়ে ভৰযুক্ত বস্তুৰ ওজনৰ কাৰক, আৰু যেতিয়া কোনো এটা বস্তু ওপৰৰ পৰা এৰি দিয়া হয় তেতিয়া বস্তুটো…
-
অশ্বিনী
অশ্বিনী ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ প্ৰথমটো নক্ষত্ৰ, যাৰ বিস্তাৰ ০°-০'-০"ৰ পৰা ১৩°-২০'লৈকে, এই ৰাশিৰ মেষ ৰাশিৰ মূৰৰ সৈতে মিল আছে, য'ত β আৰু γ Arietis তৰাও অন্তৰ্ভুক্ত। অশ্বিনী নামটো বৰাহমিহিৰে (ষষ্ঠ শতিকা) ব্যৱহাৰ কৰিছে।
-
পৰিসাংখ্যিক বল বিজ্ঞান
পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞান, পৰিসাংখ্যিক বল বিজ্ঞান বা পৰিসাংখ্যিক তাপগতিবিজ্ঞান হৈছে পদাৰ্থ বিজ্ঞানৰ এটা ভাগ। এই বিভাগত বৃহৎসংখ্যক কণিকাৰে গঠিত কোনো প্ৰণালীৰ তাপগতিবৈজ্ঞানিক ব্যৱহাৰ সম্পৰ্কে সম্ভাবিতা তত্ত্বৰে অধ্যয়ন কৰা হয়।
-
অণুজীৱবিজ্ঞান
অণুজীৱবিজ্ঞান (Microbiology) চকুৰে মণিব নোৱাৰা জীৱ বা জীৱসদৃশ কণাৰ জীৱন প্ৰণালী, ইহঁতৰ প্ৰভাৱ, প্ৰতিৰোধ আৰু শৰীৰে এনে জীৱৰ প্ৰতি দেখুওৱা প্ৰতিক্ৰিয়াৰ অধ্যয়ন। এই বিষয়ৰ ক্ষুদ্ৰ জীৱ যেনে, ভাইৰাছ, বেক্টেৰিয়া, পৰজীৱী, ভেঁকুৰ, পেলু ইত্যাদি সাঙুৰি লোৱা হয়।
-
গ্লিচাৰল
গ্লিচাৰল (ইংৰাজী: Glycerol) এবিধ বৰণহীন, গোন্ধহীন,গাঢ়, তেলেতীয়া, মিঠা সোৱাদযুক্ত তৰল পদাৰ্থ৷ ইয়াৰ IUPAC নাম প্ৰপেন-1,2,3-ট্ৰাইঅ'ল। পানীত বিশেষভাৱে দ্ৰৱণীয়৷ তদুপৰি পানীৰ প্ৰতি ইয়াৰ আকৰ্ষণ ইমান বেছি যে আৰ্দ্ৰ বায়ুৰ পৰা ই নিজৰ ওজনৰ আধা জলীয় বাষ্প শোষণ কৰিব পাৰে৷ চাবোন শিল্পত গ্লিচাৰল প্ৰধান…
-
তথ্য
তথ্য বা ইনফৰমেশ্যন হৈছে বিশেষ সজ্জাত সজ্জিত চিহ্নৰ (symbol) দ্বাৰা প্ৰকাশিত বাৰ্তা message)। বিভিন্ন চিহ্ন আৰু পদ্ধতি ব্যৱহাৰ কৰি ইয়াক সংৰক্ষিত বা এঠাইৰ পৰা আনঠাইলৈ কোনো যোগাযোগ ব্যৱস্থা ব্যৱহাৰ কৰি সৰবৰাহ কৰিব পৰা যায়।
-
নক্ষত্ৰসমূহ
প্ৰাচীন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানমতে সৌৰমণ্ডলত ২৭টা নক্ষত্ৰ আছে। ইয়াৰ তালিকা প্ৰথমে খ্ৰীষ্টপূৰ্ব শেষ শতিকাৰ বেদাংগ জ্যোতিষত পোৱা যায়। নক্ষত্ৰ ব্যৱস্থাটো হেলেনিষ্টিক জ্যোতিৰ্বিজ্ঞানৰ বৈদিক পৰম্পৰাৰ ওপৰত প্ৰভাৱ পৰাৰ পূৰ্বৰ, যিটো প্ৰায় ২য় শতিকাৰপৰাই প্ৰচলিত হৈছিল।
-
প্ৰতিজন
প্ৰতিজন (Ag) হৈছে কোনো বহিৰাগত বস্তু বা বীজাণুৰ দেহৰ বাহিৰৰ অংশত লাগি থকা কোনো অণু বা আনৱিক গঠন। এই প্ৰতিজনসমূহক দেহত সৃষ্টি হোৱা কিছুমান নিৰ্দিষ্ট প্ৰতিদেহ বা বি কোষ প্ৰতিজন সংগ্ৰাহকে সিহঁতৰ ৱাই-আকৃতিৰ বাহুদ্বয়ৰ অগ্ৰপ্ৰান্তবোৰৰ মাধ্যমেদি আবদ্ধ কৰি সিহঁতক দেহৰ পৰা বিতাড়ন কৰাৰ চেষ্টা কৰে।
-
ফাৰ্মিয়ন
ফাৰ্মিয়ন (Fermion) হৈছে অৰ্ধপূৰ্ণ ঘূৰ্ণন বিশিষ্ট একধৰণৰ কণিকা। এই কণিকাই ফাৰ্মি-ডিৰাক পৰিসংখ্যা আৰু পাউলিৰ নিষেধ নীতি মানি চলে। ইটালীৰ প্ৰখ্যাত তাত্ত্বিক পদাৰ্থবিজ্ঞানী এনৰিকো ফাৰ্মিৰ নামানুসাৰে এই কণিকাৰ নাম ফাৰ্মিয়ন ৰখা হৈছে।
-
বতৰ
বতৰ হৈছে কোনো স্থানৰ কোনো সময়ৰ বায়ুমণ্ডলীয় অৱস্থা। সাধাৰণত এদিনৰ এনে তথ্যকেই বতৰ বোলে, আৰু কেতিয়াবা কোনো নিৰ্দিষ্ট এলেকাৰ কম সময়ৰ বায়ুমণ্ডলীয় অৱস্থাকে বতৰ বোলা হয়। আনহাতে কোনো স্থানৰ দীৰ্ঘ সময়ৰ বতৰৰ উৎপত্তি ভিত্তিত সেই স্থানৰ জলবায়ু নিৰ্ণয় কৰা হয়। বতৰ সদায় পৰিবৰ্তনশীল এক চলক।
-
সৌন্দৰ্য
সৌন্দৰ্য (Beauty) হ'ল কোনো ব্যক্তি, জীৱ, স্থান বা বুদ্ধিৰ এনে এক বৈশিষ্ঠ যাৰ ফলত আনন্দ, অৰ্থ বা সন্তুষ্টিৰ অনুভৱ হয়। সৌন্দৰ্যক সৌন্দৰ্যতত্ত্ব, সমাজ বিদ্যা, সমাজ মনোবিজ্ঞান আৰু সংস্কৃতিৰ অংশ হিচাপে অধ্যয়ন কৰা হয়। সাংস্কৃতিক ভাবে সৌন্দাৰ্যক বিশদ ভাবে বাণিজ্যিকৰণ কৰা হৈছে।
-
অজৈৱ ৰসায়ন
ৰসায়ন বিজ্ঞানৰ এই শাখাটোত ঘাইকৈ অজৈৱ মৌল আৰু যৌগৰ গুণাগুণ অধ্যয়ন কৰা হয়। জৈৱ যৌগসমূহ বাদ দি আন সকলো ৰাসায়নিক পদাৰ্থৰ অধ্যয়ন ইয়াত সন্নিবিষ্ট। জৈৱ ৰসায়নৰ লগত ইয়াৰ পাৰ্থক্য লক্ষনীয় যদিও কিছু ক্ষেত্ৰত যেনে- জৈৱ-ধাতৱিক ৰসায়ন (ধাতৱিক কাৰ্বনেট)ৰ বেলিকা দুয়োটাৰ মিল দেখা যায়।
-
অনুপাত
অনুপাত(Ratio), গণিতত অনুপাত হৈছে দুটা সংখ্যাৰ মাজৰ এক সম্পৰ্ক। এই সম্পৰ্ক অনুসৰি প্ৰথমটো সংখ্যাৰ বিপৰীতে কিমান বাৰ দ্বিতীয় সংখ্যাটো আছে তাক বুজা যায়। উদাহৰণ স্বৰূপে যদি এটা ফলৰ খৰাহিত ৯টা কমলা আৰু ৩টা কল আছে, তেন্তে কলৰ বাবে কমলাৰ অনুপাত হ'ব ৯:৩ আৰু এই অনুপাতটো ৩:১ৰ সমমান।
-
অনুলোম
অনুলোম এটা সংস্কৃত শব্দ, যিটো শব্দ উচ্চ জাতত জন্মা পুৰুষ আৰু পুৰুষৰ নিজৰ তুলনাত নিম্ন জাতৰ মহিলাৰ মাজত হোৱা অতিবিবাহৰ মিলন বুজাবলৈ মনুস্মৃতি অৰ্থাৎ মনুৰ নিয়মত (শ্ৰাদ্ধদেৱ মনু) ব্যৱহাৰ কৰা হয়।
-
অলিগুৰিয়া
অলিগুৰিয়া বা হাইপ'ইউৰেচিছ হৈছে প্ৰস্ৰাৱৰ কম উৎপাদন বিশেষকৈ দিনে ৮০ মিলিলিটাৰকৈ অধিক কিন্তু ৪০০ মিলিলিটাৰতকৈ কম। প্ৰস্ৰাৱৰ উৎপাদন হ্ৰাস পোৱাটো পানীলগা, বৃক্ক বিকলতা, হাইপ’ভ’লেমিক শ্বক, হাইপাৰঅস্মোলাৰ হাইপাৰগ্লাইচেমিক ননকেটটিক চিনড্ৰম (HHNS), মাল্টিপল অৰ্গেন ডিছফংচন চিনড্ৰম, প্ৰস্ৰাৱৰ বাধা/প্ৰস্ৰাৱ…
-
এষ্ট্ৰ'ছেট
এষ্ট্ৰ'ছেট (ইংৰাজী: Astrosat) হৈছে জ্যোতিৰ্বিজ্ঞান গৱেষণাৰ বাবে নিৰ্মিত ভাৰতৰ প্ৰথমটো উপগ্ৰহ আৰু ২৮ ছেপ্টেম্বৰ তাৰিখে পি.এছ.এল.ভি. উৎক্ষেপন বাহনৰ সহায়েৰে ইযাক সফলতাৰে কক্ষপথত স্থাপন কৰা হয়।
-
কাৰ্ণেল
কম্পিউটাৰ বিজ্ঞানত কাৰ্ণেল হৈছে বেছিভাগ কম্পিউটাৰৰ অপাৰেটিং চিষ্টেমৰ মূল ভাগ; ই কোনো এপ্লিকেচন আৰু হাৰ্ডৱেৰ পৰ্যায়ত কতা ডেটা বিশ্লেষণৰ সংযোগী ব্যৱস্থা। কাৰ্ণেলৰ প্ৰধান দায়িত্ব হৈছে চিষ্টেম বা প্ৰণালীটোৰ সম্পদসমূহৰ পৰিচালনা (হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ অংশৰ মাজত যোগাযোগ)।
-
গণনা
গণনা (Computation) নামক পৰিভাষিক শব্দটোৰে এক ধৰণৰ অপাৰেশ্যনক বুজায়। এই কাৰ্য্য কিছু প্ৰাৰম্ভিক চৰ্তয়েদি আৰম্ভ হয় আৰু কিছু নিৰ্দিষ্ট নিয়ম অনুসৰণ কৰি এটি ফলাফল প্ৰদান কৰে। কম্পিউটাৰ সম্পাদিত গণনামূলক কামবোৰ গণনাৰ সবাতোকৈ সাধাৰণ উদাহৰণ।
-
ঘূৰ্ণীবতাহ
ঘূৰ্ণীবতাহ (ইংৰাজী: Tornado (টৰ্ণেডো)) হৈছে এটা অতি বেগেৰে বলা ঘূৰ্ণীয়মান বায়ুৰ স্তম্ভ, যাৰ পৃথিৱী পৃষ্ঠ আৰু মেঘৰ লগত সংযোগত থাকে, বা কেতিয়াবা এটুকুৰা মেঘৰ তলৰ অংশৰ সৈতে।
-
ন'বেল বঁটা বিজয়ী (পদাৰ্থ বিজ্ঞান)
ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।
-
ন'বেল বঁটা বিজয়ী (ৰসায়ন বিজ্ঞান)
ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।
-
প্লেংকৰ ধ্ৰুৱক
প্লেংকৰ ধ্ৰুবক (Planck constant) হৈছে এটা মৌলিক ধ্ৰুবক সংখ্যা যাৰ মান শক্তিৰ এক কোৱান্টামৰ অন্তৰ্নিহিত শক্তি আৰু এই কোৱান্টামৰ কম্পনাঙ্কৰ অনুপাতৰ সমান। এই ধ্ৰুবকক ⟨\,h⟩ দ্বাৰা সূচিত কৰা হয়।
-
বাওনা গ্ৰহ
বাওনা গ্ৰহ (Dwarf planet) হ’ল সৌৰজগতৰ এক ধৰনৰ জ্যোতিষ্ক। প্লুটো, হাউনেয়া, মাকেমাকে(makemake) আৰু এৰিছ বৃহৎ আকাৰৰ বাবে নিজ মধ্যাকৰ্ষণ শক্তিৰ ফলত গোলাকাৰ হোৱা বাবে বাওনা গ্ৰহ(dwarf planet) বুলিও কোৱা হয়।
-
ভাস্কৰাচাৰ্য
ভাস্কৰাচাৰ্য (১১১৪-১১৮৫ খ্ৰীষ্টাব্দ) এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী। তেওঁ কৰ্ণাটকৰ বিজাপুৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ "সিদ্ধান্ত শিৰোমণি" (১১৫০ খ্ৰী:) আৰু "কৰণ কৌতুহল" (১১৭০ খ্ৰী:) নামৰ দুখন বিখ্যাত গ্ৰন্থ ৰচনা কৰিছিল।