অন্তঃস্ৰাৱী বিজ্ঞান
৭ প্ৰবন্ধ
-
ৰজোনিবৃত্তি
ৰজোনিবৃত্তি বা মেনোপজ (Menopause) হৈছে মহিলাৰ জীৱনত এটা সময় যেতিয়া তেওঁলোকৰ মাহেকীয়া ঋতুস্ৰাৱ সম্পূৰ্ণৰূপে বন্ধ হৈ যায় যাৰ ফলত তেওঁলোকে আৰু গৰ্ভধাৰণ কৰিবলৈ সক্ষম নহয়। ৰজোনিবৃত্তি সাধাৰণতে ৪৯ ৰ পৰা ৫২ বছৰ বয়সত হয়।
-
ডিম্ব কোষ
ডিম্ব কোষ, ব ডিম্বাণু বেছিভাগ অসমজননকোষী প্ৰাণীৰ স্ত্ৰী জনন কোষ। অসমজননকোষী প্ৰাণীয়ে এটা ডাঙৰ "স্ত্ৰী" জননকোষ আৰু এটা "সৰু" পুং জননকোষেৰে যৌন প্ৰজনন কৰে। স্ত্ৰী জননকোষ চলনশীল নহ'লে ডিম্বাণু শব্দটো ব্যৱহাৰ কৰা হয়। পুং জননকোষ চলনশীল হ'লে এনে যৌন প্ৰজননক "ওগেমাছ" বোলা হয়।
-
অগ্ন্যাশয়
অগ্ন্যাশয় বা pancreas মেৰুদণ্ডী প্ৰাণীৰ পাচন তন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ এটা অংগ। মানুহৰ দেহত ই পেটৰ পাকস্থলীৰ পিছফালে অৱস্থিত। অগ্ন্যাশয় এক মিশ্ৰ গ্ৰন্থি, কাৰণ ই অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী দুয়োবিধ গ্ৰন্থি হিচাপে কাম কৰিব পাৰে।
-
য়'ড্-বেচেড' প্ৰভাৱ
য়'ড্-বেচেড' প্ৰভাৱ (Jod-Basedow effect, Jod-Basedow syndromeand বা Jod-Basedow phenomenon) বুলিলে আয়'ডিন বা আয়'ডাইড সেৱনৰ পাছত থাইৰইড আতিশয্য (Hyperthyroidism) হোৱাটোক বুজায়। এনে আয়'ডিন আহাৰৰ পৰিপূৰক নাইবা চিকিৎসা অনুসন্ধানৰ কন্ট্ৰাষ্ট মাধ্যম হিচাপে দিয়া হ'ব পাৰে।
-
ৱুল্ফ্ চাকঁফ প্ৰভাৱ
ৱুল্ফ্ চাকঁফ প্ৰভাৱ (Wolff–Chaikoff effect), বুলিলে অধিক পৰিমাণৰ আয়'ডিন সেৱনৰ পাছত থাইৰইড হৰম'নৰ মাত্ৰা কমি যোৱাটো বুজায়। কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়ৰ ড॰ জাঁ ৱুল্ফ আৰু ইজৰাইল লিয়ন চাকঁফে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল।
-
পেৰাথাইৰইড গ্ৰন্থি
পেৰাথাইৰইড গ্ৰন্থি (Parathyroid glands) মানুহ আৰু আন চতুৰ্স্পদী প্ৰাণীৰ ডিঙিত থকা সৰু অন্তঃস্ৰাৱী গ্ৰন্থি। মানুহৰ সাধাৰণতে থাইৰইড গ্ৰন্থিৰ পিছফালে চাৰিটা পেৰাথাইৰইড গ্ৰন্থি থাকে।
-
হাইপ'থেলামাছ
হাইপ'থেলামাছ প্ৰমস্তিষ্কৰ ডায়েনচেফালনৰ তলৰ অংশ। অসংখ্য স্নায়ুস্ৰাৱী কোষ বা নিউক্লিয়াইৰ জৰিয়তে ই দেহৰ বহু কাম নিয়ন্ত্ৰণ কৰে। পিটুইটেৰী গ্ৰন্থিৰ জৰিয়তে স্নায়ু তন্ত্ৰক অন্তঃস্ৰাৱী তন্ত্ৰৰ লগত সংযোগ কৰাটো ইয়াৰ এক গুৰুত্বপূৰ্ণ কাৰ্য। থেলামাছৰ তলত অৱস্থিত হাইপ'থেলামাছ লিম্বিক প্ৰণালীৰ অংশ।