বিজ্ঞান
গণিত, পদাৰ্থ, ৰসায়ন, জীৱবিজ্ঞান আৰু মহাকাশ · ৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আদ্ৰা
আৰ্দ্ৰা হিন্দু জ্যোতিৰ্বিজ্ঞানৰ ষষ্ঠ নক্ষত্ৰ (চন্দ্ৰ ভৱন), যাৰ বিস্তৃতি মিথুন ৰাশি আৰু অৰিয়ান নক্ষত্ৰৰ বেটেলজিউজ তৰাকে ধৰি ৬°-৪০'-০"ৰপৰা ২০°-০০'লৈকে।
-
আৰ্যভট্ট (কৃত্ৰিম উপগ্ৰহ)
আৰ্যভট্ট (হিন্দী: आर्यभट) ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ। ভাৰতৰ বিখ্যাত জ্যোতিৰ্বিদ আৰ্যভট্টৰ নামেৰে এই উপগ্ৰহটোৰ নামকৰণ কৰা হৈছিল।
-
ইথান'ল
ইথান'ল, হৈছে সুৰাজাতীয় পানীয়ত থকা প্ৰধান এলক'হল, ইষ্টৰ দ্বাৰা শৰ্কৰাৰ কিন্বনৰ ফলত উৎপাদিত হয়। ই এক প্ৰকাৰৰ নিউৰ'টক্সিক চাইক'এক্টিভ দ্ৰাগ আৰু মানহে অতীজৰে পৰা ব্যৱহাৰ কৰা ৰিক্ৰিয়েশ্বনেল দ্ৰাগ। ইয়াৰ মাত্ৰাধিক পানৰ ফলক এলক'হল বিষক্ৰিয়া হ'ব পাৰে।
-
ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'প
ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'প (Event Horizon Telescope) এটা বৃহৎ গোলকীয় ৰেডিঅ' টেলিস্ক'পৰ নেটৱৰ্ক। ইভেণ্ট হ'ৰাইজ'ন প্ৰকল্পটো ২০০৯ চনত আৰম্ভ হোৱা এটা আন্তঃৰাষ্ট্ৰীয় সহযোগিতামূলক প্ৰকল্প। ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'পৰ সহযোগতেই কৃষ্ণগহ্বৰৰ প্ৰথমখন প্ৰতিচ্ছবি প্ৰস্তুত কৰি উলিওৱা হয়।
-
ঈশ্বৰ মানৱ (ভাৰত)
ঈশ্বৰ মানৱ(God man) হৈছে এক প্ৰকাৰৰ চমৎকাৰী গুৰুক বুজাবলৈ ভাৰতত স্ত্ৰী-পুৰুষ নিৰ্বিশেষে ব্যৱহাৰ কৰা এটা কথিত শব্দ। এই সকলক সাধাৰণতে তেওঁলোকৰ অনুগামী সকলে অৰ্ধদেৱতাৰ দৰে ব্যক্তিত্বলৈ উন্নীত কৰে। সাধাৰণতে এই ব্যক্তিত্বৰ উপস্থিতি উচ্চ পৰ্যায়ৰ, আৰু সমাজৰ বৃহৎ অংশৰ দৃষ্টি আৰু সমৰ্থন আকৰ্ষণ কৰিবলৈ সক্ষম।
-
উভচৰবিদ্যা
জীৱ বিজ্ঞানৰ যি শাখাই বেং, চেল্মেণ্ডাৰ, নিউট তথা চিচিলাৰৰ দৰে উভচৰ প্ৰাণীৰ ওপৰত অধ্যয়ন তথা গবেষণা কৰে, সেই শাখাকে উভচৰবিদ্যা বোলা হয়। শাখটো ইংৰাজীত batrachology (বাট্ৰাকোলোজী) নামেৰে পৰিচিত। যিসকলে উভচৰ প্ৰাণীৰ ওপৰত অধ্যয়ন কৰে, সেইসকলক উভচৰবিদ বোলা হয়।
-
কন্যা (মাহ)
ভাৰতীয় সৌৰ পঞ্জিকাৰ বাৰটা মাহৰ ভিতৰত কন্যা অন্যতম। কন্যা মাহৰ কন্যা ৰাশিৰ সৈতে মিল আছে আৰু গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰত প্ৰায় ছেপ্টেম্বৰ মাহৰ দ্বিতীয়াৰ্ধ আৰু অক্টোবৰ মাহৰ প্ৰায় প্ৰথমাৰ্ধৰ সৈতে ওপৰাওপৰি হয়। কন্যা সৌৰ মাহটো ইয়াৰ চন্দ্ৰ মাহ অশ্বিনৰ সৈতে হিন্দু লুনিছ’লাৰ কেলেণ্ডাৰত ওপৰাওপৰি হয়।
-
কাৰ্বন-১২
কাৰ্বন-১২ হৈছে কাৰ্বনৰ সুস্থিৰ আইছ'টপবোৰৰ ভিতৰত সকলোতকৈ বেছিকৈ উপলব্ধ আইছ'টপ। ইয়াৰ উপলব্ধতা হৈছে প্ৰায় ৯৮.৯৩%; নক্ষত্ৰত হোৱা ত্ৰি-আলফা পক্ৰিয়াৰ ফলত ইয়াৰ সৃষ্টি হয়।
-
কুম্ভ (মাহ)
ভাৰতীয় সৌৰ পঞ্জিকাত কুম্ভ এটা মাহ। ইয়াৰ কুম্ভ ৰাশিৰ সৈতে মিল আছে আৰু গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰত ফেব্ৰুৱাৰী মাহৰ প্ৰায় দ্বিতীয়াৰ্ধ আৰু মাৰ্চ মাহৰ প্ৰায় প্ৰথমাৰ্ধ পৰে। বৈদিক গ্ৰন্থত কুম্ভ মাহক তাপস (IAST: Tapas) বুলি কোৱা হয়, কিন্তু এই প্ৰাচীন গ্ৰন্থসমূহত ইয়াৰ কোনো ৰাশি সম্পৰ্ক নাই।
-
চন্দ্ৰ এক্স-ৰশ্মি মানমন্দিৰ
চন্দ্ৰ এক্স-ৰে' মানমন্দিৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা মহাকাশ দূৰবীক্ষণ যন্ত্ৰ। ভাৰতীয়-আমেৰিকান জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী সুব্ৰমনিয়ম চন্দ্ৰশেখৰৰ নামৰে ৰখা এই দূৰবীক্ষণ যন্ত্ৰটো ১৯৯৯ চনত ইয়াৰ কক্ষপথলৈ নিক্ষেপ কৰা হয়। ইয়াৰ দাপোণখনৰ ছিদ্ৰ ১.২ মিটাৰ (৪ ফুট) আৰু ফ'কেল দৈৰ্ঘ্য ১০ মিটাৰ (৩৩ ফুট)।
-
চেৰিবেলামৰ এণ্টেৰিয়’ৰ লোব
চেৰিবেলামৰ এণ্টেৰিয়’ৰ লোব (anterior lobe of cerebellum) হৈছে মস্তিষ্কৰ অন্যতম লোব, যিয়ে অচেতন প্ৰ’প্ৰ’চেপচনৰ মধ্যস্থতাকাৰী হিচাপে দায়বদ্ধ। মস্তিষ্কৰ আগফালৰ লোবত ইনপুট প্ৰধানকৈ মেৰুদণ্ডৰ পৰা হয়। ইয়াক কেতিয়াবা “পেলিঅ’চেৰবেলাম’’ৰ বুলিও কোৱা হয়।
-
চেৰেছ
চেৰেছ (প্রতীক: ) সৌৰজগতৰ সবাতোকৈ ক্ষুদ্ৰ আৰু গ্ৰহাণুবলয়ৰ একমাত্ৰ বাওনা গ্ৰহ। ইটালীয় জ্যোতিৰ্বিদ গুইছেপ্পি পিয়াজ্জিয়ে ১৮০১ খৃষ্টাব্দৰ প্ৰথম দিনাই (অৰ্থাত ১ জানুৱাৰী, ১৮০১) এই গ্ৰহটো আৱিস্কাৰ কৰিছিল । চেৰেছ নামটোৰ উৎস হৈছে ৰোমান দেৱী চেৰেছ যাক শস্য, ফল-মূল তথা মাতৃস্নেহৰ দেৱী বুলি জনা যায়।
-
জেট লেগ
এটা সময় অঞ্চলৰ পৰা আন এটালৈ যাত্ৰা কৰোঁতে হোৱা জৈৱিক লয়ৰ অসামঞ্জস্যতাক জেট লেগ (Jet lag) বোলে। মেলাট'নিন হৰম'ন নিঃসৰণ নিয়ন্ত্ৰণ কৰা আন্ধাৰ-পোহৰৰ চক্ৰ ব্যাহত হ'লে জেট লেগ হয়। মেলাট'নিনে টোপনি আৰু সাৰে থকাৰ দৈনিক ছন্দ (circadian rythm) নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
-
জেমছ প্ৰেস্কট জুল
জেমছ প্ৰেস্কট জুল (James Prescott Joule; /dʒuːl/; ২৪ ডিচেম্বৰ ১৮১৮ – ১১ অক্টোবৰ ১৮৮৯) এজন ইংৰাজ পদাৰ্থবিজ্ঞানী আছিল। তেওঁ তাপৰ প্ৰকৃতি অধ্যয়ন কৰিছিল আৰু যান্ত্ৰিক কামৰ সৈতে ইয়াৰ সম্পৰ্ক আৱিষ্কাৰ কৰিছিল।
-
জ্যোতিৰ্পদাৰ্থ বিজ্ঞান
জ্যোতি পদাৰ্থ ৰ্বিজ্ঞান (Astrophysics) জ্যোতিৰ্বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ ঊমৈহতীয়া ভাগ, য’ত জ্যোতিৰ্বিজ্ঞানৰ অৱয়ব সমূহৰ ভোতিক ধৰ্ম আৰু সিহঁতৰ পৰস্পৰে পৰস্পৰৰ ওপৰত কৰা ক্ৰিয়াৰ অলোচনা কৰা হয়।
-
ডিমছ (উপগ্ৰহ)
ডিমছ (ইংৰাজী: Deimos) মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ সৰু আৰু আটাইতকৈ বাহিৰৰ উপগ্ৰহ। মঙ্গলৰ আনটো উপগ্ৰহৰ নাম ফ'বছ। ৬.২ কিলোমিটাৰ (৩.৯ মিটাৰ) গড় ব্যাসাৰ্ধৰ এই উপগ্ৰহটোৱে মঙ্গলৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩০.৩ ঘণ্টা সময় লয়। গ্ৰীক দেৱতা ডিমছৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।
-
ন'বেল বঁটা বিজয়ী (শৰীৰবিজ্ঞান বা ঔষধ)
ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।
-
পুষ্যা
পুষ্যা (সংস্কৃত: पुष्य), অৰ্থাৎ "পুষ্টিকৰ" ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ অষ্টম নক্ষত্ৰ (চন্দ্ৰাবাস)। কিছুমান গ্ৰন্থত ইয়াক তীশ্য বুলি উল্লেখ কৰা হৈছে, যাৰ অৰ্থ হৈছে "চোৱা"। ইয়াৰ মৌচাক থুপক আগুৰি থকাৰ দৰে কৰ্কট নক্ষত্ৰমণ্ডলৰ γ, δ আৰু θ কৰ্কট তৰাবোৰৰ সৈতে মিল আছে (Praesepe, M44)।
-
ফ'বছ (উপগ্ৰহ)
ফ'বছ (ইংৰাজী: Phobos) মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ভিতৰৰ উপগ্ৰহ। মঙ্গলৰ আনটো উপগ্ৰহৰ নাম ডিমছ। ১১ কিলোমিটাৰ (৭ মিটাৰ) গড় ব্যাসাৰ্ধৰ এই উপগ্ৰহটোৱে মঙ্গলৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৭ ঘণ্টা ৩৯.২ মিনিট সময় লয়।
-
ব'ৰণ
ব'ৰণ হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "B" পাৰমাণৱিক সংখ্যা ৫। ব'ৰণ পৰ্য্যাবৃত্ত তালিকাৰ ২ পৰ্য্যায়, ১৩ বৰ্গৰ p-গোষ্ঠীৰ মৌল। নামটো আৰৱীক শব্দ 'বুৰাক'ৰ পৰা আহৰণ আহিছে, যিটো হৈছে বৰাস্ক।
-
বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, মেঘালয়
বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, মেঘালয় (বা সংক্ষিপ্তভাৱে ইউএছটিএম) হৈছে ভাৰতৰ মেঘালয় ৰাজ্যৰ ৰি-ভৈ জিলাত অৱস্থিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়। ই সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়৷ মেঘালয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, মেঘালয় আইন, ২০০৮ৰ জৰিয়তে…
-
বৃশ্চিক (মাহ)
বৃশ্চিক, যাক বৃচ্চিক বা বৃষিক বুলিও কোৱা হয়, ভাৰতীয় সৌৰ পঞ্জিকাৰ এটা মাহ। ই বৃশ্চিক ৰাশিৰ সৈতে মিলে আৰু গ্ৰেগ’ৰিয়ান পঞ্জিকাত নৱেম্বৰৰ পিছৰ অৰ্ধেক আৰু ডিচেম্বৰৰ প্ৰথমাৰ্ধৰ সৈতে প্ৰায় ওপৰাওপৰি হৈ সোমাই থাকে।
-
ব্যোমমিত্ৰা
ব্যোমমিত্ৰা (Vyommitra) হৈছে এগৰাকী মহাকাশ ভ্ৰমণকাৰী হিউমনয়ড (মানৱগুণ বিশিষ্ট) ৰবট। ২০২০ চনৰ ২২ জানুৱাৰী তাৰিখে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মানৱ মহাকাশযাত্ৰা আৰু অনুসন্ধানকাৰী আলোচনাচক্ৰত এগৰাকী নাৰীসদৃশ ৰবটৰ নাম ঘোষণা কৰে, যাক গগণযান নামৰ মহাকাশ অভিযানটোত আন মহাকাশচাৰীসকলৰ সৈতে…
-
ভৰণী
ভৰণী (দেৱনাগৰী: भरणी) হিন্দু জ্যোতিৰ্বিজ্ঞানৰ দ্বিতীয় নক্ষত্ৰ, ই সকলো মিলি ৩৫, ৩৯, আৰু ৪১টা আৰিয়েটিৰ সৈতে মিলি আছে। জ্যোতিষত ভৰণীত শুক্ৰ (শুক্ৰ গ্ৰহ)ই শাসন কৰে।
-
মকৰ (মাহ)
ভাৰতীয় সৌৰ পঞ্জিকাত মকৰ এটা মাহ। ই মকৰ ৰাশিৰ সৈতে মিলে আৰু গ্ৰেগ’ৰিয়ান পঞ্জিকাত জানুৱাৰী মাহৰ প্ৰায় শেষৰ আধা আৰু প্ৰায় ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিৰ আধা অংশৰ সৈতে থাকে।
-
মকৰন্দ
মকৰন্দ বা মকৰন্দাচাৰ্য বা মকৰন্দ আনন্দকাণ্ড (fl. 1438-1478) এজন জ্যোতিৰ্বিজ্ঞানী, পঞ্জিকাবিশাৰদ আৰু হিন্দু জ্যোতিষী আছিল যিয়ে কাশী (বাৰাণসী)ত বাস কৰিছিল আৰু তেওঁ গ্ৰহৰ গতিবিধি গণনাৰ বাবে তালিকা সন্নিৱিষ্ট মকৰন্দ সাৰিণী নামৰ জ্যোতিৰ্বিজ্ঞানৰ এখন গ্ৰন্থ লিখিছিল।
-
মিথানল
মিথানল বা মিথাইল এলক’হল (Methanol or Methyl Alcohol) হৈছে এবিধ ৰাসায়নিক পদাৰ্থ তথা সৰলতম এলক’হল যাৰ আণৱিক সংকেত CH3OH। ইয়াক সংক্ষেপে MeOH হিচাপে লিখা হয়। মিথানল এবিধ পাতল, উদ্বায়ী, বৰণহীন, জ্বলনশীল তৰল যাৰ ইথানলৰ নিচিনা এক বিশেষ সুৰাৰ গোন্ধ আছে।
-
লিউবা শ্ৰীৰা
লিউবা শ্ৰীৰা আমেৰিকাৰ ব্ৰেণ্ডেইছ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপিকা, যাৰ গৱেষণাৰ আগ্ৰহ মূলতঃ বিতৰণ কৰা ব্যৱস্থাৰ সৈতে জড়িত। শ্ৰীৰাই এটা এচিনক্ৰ'নাছ অপাৰেচন সম্পূৰ্ণ হোৱা (বা বিফলতা) আৰু জাভাস্ক্ৰিপ্ট প্ৰগ্ৰেমিং ভাষাৰ বাবে ইয়াৰ ফলস্বৰূপ মূল্যৰ কথা ক'লে "প্ৰতিজ্ঞা" বাক্যাংশটো উদ্ভাৱন কৰাৰ…
-
শ্বসন (শৰীৰতত্ত্ব)
শৰীৰতত্বত শ্বসন (Respiration) হৈছে জীৱৰ কলাৰ ভিতৰত কোষলৈ বায়ুমণ্ডলৰ পৰা অক্সিজেন আৰু বিপৰীত দিশত কাৰ্বন ডাই অক্সাইডৰ পৰিবহন প্ৰক্ৰিয়া। শ্বসনৰ শৰীৰতাত্বিক বৰ্ণনা আৰু জৈৱৰাসায়নিক বৰ্ণনা একে নহয়।
-
সাম্ৰাজ্য (জীৱ বিজ্ঞান)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত সাম্ৰাজ্য বুলিলে, আমেৰিকান অনুজীৱবিদ আৰু জৈৱপদাৰ্থবিদ কাৰ্ল ৱেইছৰ ত্ৰি-সাম্ৰাজ্য পদ্ধতিৰ সৰ্বোচ্চ বৰ্গীয় স্থানক বুজায়। ১৯৯০ চনত তেওঁ প্ৰকাশ কৰা তিনি সাম্ৰাজ্যৰ জীৱন বৃক্ষৰ মতে, তিনিখন সাম্ৰাজ্য হ'ল - আৰ্কিয়া, বেক্টেৰিয়া আৰু ইউকাৰিয়া (সংকোষকেন্দ্ৰীয়)।