কৃত্ৰিম উপগ্ৰহ
৮ প্ৰবন্ধ
-
আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ
আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (ISS) হৈছে পৃথিৱীৰ নিম্ন কক্ষপথত থকা এটা গোটবিভক্ত মহাকাশ কেন্দ্ৰ (বাসযোগ্য কৃত্ৰিম উপগ্ৰহ)। ই এক বহুজাতিক সহযোগিতামূলক প্ৰকল্প য'ত পাঁচটা অংশগ্ৰহণকাৰী মহাকাশ সংস্থা জড়িত হৈ আছে: নাছা (আমেৰিকা যুক্তৰাষ্ট্ৰ), ৰস্কচমছ (ৰাছিয়া), জাক্সা (জাপান), ই এছ এ (ইউৰোপ), আৰু চি এছ এ…
-
কৃত্ৰিম উপগ্ৰহ
কৃত্ৰিম উপগ্ৰহ (satellite) হৈছে মহাকাশলৈ বৈজ্ঞানিক পদ্ধতিৰে উৎক্ষেপণ কৰা উপগ্ৰহ। বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰু বৈজ্ঞানিক সা-সুবিধা লাভৰ বাবে ইয়াক উৎক্ষেপণ কৰা হয়। মহাকাশলৈ প্ৰথমে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছিল ছোভিয়েট ইউনিয়নে।
-
এষ্ট্ৰ'ছেট
এষ্ট্ৰ'ছেট (ইংৰাজী: Astrosat) হৈছে জ্যোতিৰ্বিজ্ঞান গৱেষণাৰ বাবে নিৰ্মিত ভাৰতৰ প্ৰথমটো উপগ্ৰহ আৰু ২৮ ছেপ্টেম্বৰ তাৰিখে পি.এছ.এল.ভি. উৎক্ষেপন বাহনৰ সহায়েৰে ইযাক সফলতাৰে কক্ষপথত স্থাপন কৰা হয়।
-
আৰ্যভট্ট (কৃত্ৰিম উপগ্ৰহ)
আৰ্যভট্ট (হিন্দী: आर्यभट) ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ। ভাৰতৰ বিখ্যাত জ্যোতিৰ্বিদ আৰ্যভট্টৰ নামেৰে এই উপগ্ৰহটোৰ নামকৰণ কৰা হৈছিল।
-
ষ্টাৰলিংক
ষ্টাৰলিংক নক্ষত্ৰমণ্ডল(Starlink)হৈছে আমেৰিকাৰ মহাকাশ কোম্পানী স্পেচএক্স ৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান ষ্টাৰলিংক চাৰ্ভিচেছ, এল এল চিৰ দ্বাৰা পৰিচালিত এটা ইণ্টাৰনেট নক্ষত্ৰমণ্ডল উপগ্ৰহ, যিয়ে ১০০খনতকৈও অধিক দেশ আৰু ভূখণ্ডক ইণ্টাৰনেট প্ৰদান কৰে।
-
হাইছিছ
হাইছিছ (HySIS) হৈছে ভাৰতীয় হাইপাৰ স্পেকট্ৰেল ইমেজিং উপগ্ৰহ। ইয়াক ইছৰোৱে ২৯ নৱেম্বৰ ২০১৮ চনত মহাকাশলৈ উৎক্ষেপণ কৰে। ইয়াক ইছৰোৱে নিৰ্মাণ কৰি উলিয়াই।
-
কালাম ছেট
কালাম ছেট পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ আৰু পাতল কৃত্ৰিম উপগ্ৰহ, ইয়াৰ নামকৰণ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বৈজ্ঞানিক এ পি জে আব্দুল কালামৰ নামত কৰা হৈছে। ই পৃথিৱীৰ প্ৰথম থ্ৰি-ডি প্ৰিণ্টাৰৰ পৰা তৈয়াৰ কৰা উপগ্ৰহ। ইয়াৰ ওজন ৬৪ গ্ৰাম।
-
লাচিত-১
লাচিত-১ (LACHIT-1) হৈছে অসম ডন বস্কো বিশ্ববিদ্যালয় (ADBU)ৰ শিক্ষক-ছাত্ৰৰ এটা দলৰদ্বাৰা ধ্ৰুৱ স্পেছৰ সৈতে সহযোগিতাৰে উন্নীত কৰা এটা ভাৰতীয় এমেচাৰ ৰেডিঅ’ নেনো-উপগ্ৰহ, যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰপৰা উৎক্ষেপণ হোৱা প্ৰথম উপগ্ৰহ হিচাপে ইতিহাস সৃষ্টি কৰিছে।