ভূতত্ত্ব
১১ প্ৰবন্ধ
-
শিল
শিল হৈছে বিভিন্ন প্ৰকাৰৰ খনিজৰ সমন্বয়ত সৃষ্টি হোৱা ভূত্বক গঠনকাৰী পদাৰ্থ।
-
চ্যুতি (ভূতাত্ত্বিক)
চ্যুতি(Fault) হৈছে শিলৰ ফলকত হোৱা ফাঁট য’ত ফাঁট মেলা সমতলৰ সমান্তৰালভাৱে ফলক দুখনৰ আপেক্ষিক স্নানান্তৰ ঘটে। চ্যুতিসমূহ ভূমিকম্পৰ সৃষ্টিৰ এক উৎস। চ্যুতিৰ ফাঁট মেলা পৃষ্ঠতলখনক চ্যুতি-সমতল (Fault plane) বোলা হয়। চ্যুতি-সমতলে অনুভূমিক সমতল এখনৰ লগত যি কোণ কৰি থাকে নতি বোলা হয়।
-
ভূমিস্খলন
ভূমিস্খলন, বা যাক ইংৰাজীত landslips বুলিও কোৱা হয়, মাটিৰ কেইবাধৰণৰ বৃহৎ অপচয়, য'ত মাটিৰ বিস্তৃত পৰিসৰৰ গতিবিধি, যেনে শৈল-পতন, বোকাময় প্ৰবাহ, গভীৰ বা অগভীৰভাৱে থকা ঢাল অংশ নষ্ট হোৱা আৰু ধ্বংসাৱশেষৰ প্ৰবাহ আদি অন্তৰ্ভুক্ত হ'ব পাৰে।
-
দূৰৱৰ্তী সংবেদন
দূৰৱৰ্তী সংবেদন বা দূৰ সংবেদন (remote sensing) হৈছে এক কলা আৰু বিজ্ঞান য'ত কোনো এক বস্তু বা অঞ্চলৰ তথ্য আহৰণ কৰা হয় সেই বস্তু বা অঞ্চলক শাৰীৰিকভাৱে স্পৰ্শ নকৰাকৈ। দূৰৱৰ্তী সংবেদন কৌশলসমূহ বৰ্তমান সময়ত বিভিন্ন ক্ষেত্ৰত ব্যবহাৰ কৰা হয়।
-
টেক্ট'নিক প্লেট
টেক্টনিক প্লেট বা শৈলমণ্ডলীয় ফলক হৈছে মহাদেশীয় আৰু সাগৰীয় শিলামণ্ডল গঠিত কৰা কঠিন শিলৰ বিশাল, অনিয়মিত আকৃতিৰ ফলকসমূহ। শৈলমণ্ডলীয় ফলকৰ ধাৰণাটো ফলক বিবৰ্তনবাদ সূত্ৰৰ লগত জড়িত। এই বৈজ্ঞানিক সূত্ৰৰ মতে পৃথিৱীৰ খোলাটো বহুতো ফলকেৰে গঠিত আৰু এই ফলকসমূহ বিভিন্ন দিশত গতি কৰি থাকে।
-
বহনক্ষম ভূমি ব্যৱস্থাপনা
বহনক্ষম ভূমি ব্যৱস্থাপনা (Sustainable land management(SLM))এনে এক পদ্ধতি আৰু প্ৰযুক্তিক বুজায়, যিবোৰৰ লক্ষ্য হৈছে দীৰ্ঘম্যাদী বহনক্ষমতা, পৰিৱেশ তন্ত্ৰৰ সেৱা, জৈৱ বৈচিত্ৰ্য আৰু জীৱিকা নিশ্চিত কৰাৰ লগতে মানুহৰ প্ৰয়োজন পূৰণ কৰিবলৈ ভূমি, পানী আৰু অন্যান্য পৰিৱেশ সম্পদৰ ব্যৱস্থাপনাক একত্ৰিত কৰা।
-
শিলামণ্ডল
শিলামণ্ডল হৈছে কোনো স্থলজ গ্ৰহ বা প্ৰাকৃতিক উপগ্ৰহৰ আটাইতকৈ বাহিৰৰ কঠিন শিলৰ খোলা। পৃথিৱীত ই খোলা আৰু শিলামণ্ডলীয় মেণ্টেলৰদ্বাৰা গঠিত, যিটো ওপৰৰ আৱৰণৰ আটাইতকৈ ওপৰৰ অংশ যিয়ে হাজাৰ হাজাৰ বছৰ বা তাতকৈ অধিক সময়ৰ মাপকাঠিত স্থিতিস্থাপকভাৱে আচৰণ কৰে।
-
হৰ্টনিয়ান স্থলপৃষ্ঠ প্ৰৱাহ
ভূ-বিজ্ঞানত হৰ্টনৰ স্থলপৃষ্ঠ প্ৰৱাহে বৰষুণৰ পানীৰ অনুপ্ৰৱেশ ক্ষমতা আৰু উদং ঠায়ে সংৰক্ষণ ক্ষমতা অতিক্ৰম কৰিলে ভূমি পৃষ্ঠৰ ওপৰেৰে পানী অনুভূমিকভাৱে প্ৰৱাহিত হোৱাৰ প্ৰৱণতাক বৰ্ণনা কৰে। এই পৰিঘটনাৰ প্ৰথম বিশদ অধ্যয়ন কৰা অভিযন্তা ৰবাৰ্ট ই হৰ্টনৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।
-
বিচূৰ্ণীভৱন
বিচূৰ্ণীভৱন হৈছে ভূ-পৃষ্ঠৰ শিলাসমূহ নিজ স্থানতে প্ৰাকৃতিক আৰু মানৱ প্ৰভাৱিত প্ৰক্ৰিয়াৰ দ্বাৰা খণ্ড-বিখণ্ড হোৱা কাৰ্য। এই প্ৰক্ৰিয়াত কোনো বাহক কাৰ্য জড়িত নাথাকে।
-
ভূ-পৌৰাণিক বিদ্যা
ভূ-পৌৰাণিক বিদ্যা (ইংৰাজী: Geomythology; জিঅ’মিথ’লজী, যাক “পৃথিৱীৰ আখ্যান,” “ভূ-দৃশ্য ধৰ্মীয় আখ্যান,” “পৰ্যৱেক্ষণৰ শ্ৰুতি,” “প্ৰাকৃতিক জ্ঞান” বুলিও কোৱা হয়) হৈছে বিজ্ঞানৰ বিকাশৰ পূৰ্বৰ সংস্কৃতিসমূহে প্ৰায়েই কাব্যিক বা পৌৰাণিক চিত্ৰকল্পৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন ভৌগোলিক পৰিঘটনা যেনে— ভূমিকম্প,…
-
মেঘালয় যুগ
ভূতাত্ত্বিক সময়ৰ মাপনী বা স্কেলৰ শেহতীয়া যুগটোৱেই হৈছে মেঘালয় যুগ। ই হৈছে চতুৰ্থ কল্পৰ উচ্চতম স্তৰ। মেঘালয় যুগ আজিৰ পৰা প্ৰায় ৪২০০ বছৰৰ আগতে আৰম্ভ হৈছিলে। আন্তৰ্জাতিক স্তৰবিজ্ঞান কমিছনে ২০১৮ চনৰ জুলাই মাহত মেঘালয় যুগটোক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিলে।