প্ৰব্ৰজন
৫ প্ৰবন্ধ
-
জনপ্ৰব্ৰজন
মানুহে স্থায়ী বা অস্থায়ীভাৱে বাসস্থান সলাই এঠাইৰ পৰা আন এঠাইলৈ গমন কৰাকে জনপ্ৰব্ৰজন (Human migration) বোলে। সহজ অৰ্থত জনপ্ৰব্ৰজন হৈছে এজন বা তাতোধিক ব্যক্তিয়ে যেতিয়া স্থায়ীৰূপে নাইবা দীৰ্ঘদিনৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বাসস্থান সলনি কৰে।
-
প্ৰব্ৰজন
পৰিস্থিতি বিজ্ঞানৰ অনুসৰি প্ৰব্ৰজন অথবা পৰিভ্ৰমণ (Migration) বুলিলে কোনো এক প্ৰজাতিৰ জীৱৰ বৃহৎ সংখ্যক সদস্যই এক পৰিবেশৰ পৰা ভিন্ন এক পৰিবেশলৈ স্থানান্তৰ হোৱাৰ প্ৰক্ৰিয়াটোক বুজায়। প্ৰব্ৰজন হৈছে এক প্ৰাকৃতিক আচৰণ (natural behaviour) আৰু চলমান জীৱৰ বহুসংখ্যক প্ৰজাতিৰ জীৱনচক্ৰৰ গুৰুত্বপূৰ্ণ অংশ।
-
চৰাইৰ প্ৰব্ৰজন
চৰাইৰ প্ৰব্ৰজন (Bird migration) বুলিলে চৰায়ে প্ৰজনন স্থলী আৰু শীতকালীন স্থানৰ মাজত কৰা নিয়মীয়া তথা বাৰ্ষিক ঋতুভিত্তিক যাত্ৰাক বুজায়। প্ৰব্ৰজনন বাবে এনে চৰাইবোৰে সাধাৰণতে উত্তৰ আৰু দক্ষিণ উৰণীয়া পথেৰে যাত্ৰা কৰে আৰু প্ৰায়ে বহু দূৰৈৰ স্থানলৈ উৰি যায়।
-
মাছৰ পৰিভ্ৰমণ
নিৰ্দিষ্ট কালত কিছুমান মাছ প্ৰজননৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ পৰিভ্ৰমণ কৰি আকৌ উক্ত ঠাইলৈ উভতি অহাকে মাছৰ পৰিভ্ৰমণ বা মাছৰ প্ৰব্ৰজন (Fish migration) বোলা হয়। কিছুমান পৰিভ্ৰমী মাছৰ উদাহৰণ হ'ল: ঈল (Anguilla Anguilla, A.
-
ভূটানত নৃগোষ্ঠীয় সংশোধন
ভূটানত নৃগোষ্ঠীয় শোধন বুলিলে ভূটানৰ পৰা লোটচাম্পা বা খিলঞ্জীয়া নেপালীসকলক আঁতৰাই নিয়াৰ বাবে হোৱা ধাৰাবাহিক হিংসাৰ কথা বুজোৱা হয়। ভূটানত আন্তঃজাতিগত উত্তেজনাৰ ফলত বহু লোটচাম্পা নেপাললৈ পলায়ন কৰিছে, যাৰ বহুতকে ভূটানৰ সেনাই বহিষ্কাৰ কৰিছে।