মহাকাশযান
৯ প্ৰবন্ধ
-
চন্দ্ৰযান-১
চন্দ্ৰযান ১ (चन्द्रयान-१, lit: Moon vehicle ) ভাৰতৰ প্ৰথম মানৱবিহীন চন্দ্ৰযান। ২০০৮ চনৰ অক্টোবৰ মাহত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইয়াক উৎক্ষেপন কৰে আৰু ২০০৯ চনৰ আগষ্ট মাহলৈ চলাই ৰাখে। ভাৰতৰ মহাকাশ কৰ্মসূচীত এই অভিযান এক বৃহৎ পদক্ষেপ।
-
মংগল গ্ৰহৰ কক্ষপথ অভিযান
মংগল গ্ৰহৰ কক্ষপথ অভিযান বা বেচৰকাৰীভাৱে কোৱামঙ্গলযান (ইংৰাজী: Mars Orbiter Mission বা চমুকৈ MOM, সংস্কৃত: मङ्गलयान, "Mars-craft") পৃথিৱীৰ পৰা মঙ্গল গ্ৰহলৈ কৰা এক মহাকাশ অভিযান। ২০১৩ চনৰ ৫ নৱেম্বৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা ইয়াক সফলতাৰে পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হয়।
-
চন্দ্ৰযান-৩
চন্দ্ৰযান-৩ হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা চন্দ্ৰত অনুসন্ধানৰ বাবে প্ৰস্তুত কৰা তৃতীয় চন্দ্ৰ অভিযান। ইয়াত চন্দ্ৰযান-২ৰ দৰেই এখন লেণ্ডাৰ আৰু এখন ৰ’ভাৰ আছে, কিন্তু ইয়াত অৰবিটাৰ নাই।
-
চন্দ্ৰযান-২
চন্দ্ৰযান-২ (चन्द्रयान-२;; lit: Moon-vehicle ) হৈছে চন্দ্ৰযান-১ ৰ পিছত ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা প্ৰস্তুত কৰা এই অভিযানটো ভূ-সকালীকৃত উপগ্ৰহ উৎক্ষেপণ যান মাৰ্ক ৩ ৰ (GSLV Mk III) দ্বাৰা উৎক্ষেপণৰ পৰিকল্পনা কৰা হৈছে।
-
গগনযান
গগনযান (Gaganyaan) হৈছে এক ভাৰতীয় মানৱযুক্ত কক্ষপথীয় মহাকাশযান, যি মানৱ মহাকাশ যাত্ৰা কাৰ্যসূচীৰ অংশ। মহাকাশযানখন তিনিজন মহাকাশচাৰীক কঢ়িয়াই নিয়াৰ বাবে প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ পৰিকল্পিত উন্নত সংস্কৰণটো উপস্থাপন আৰু ডকিং ক্ষমতাৰে সজ্জিত কৰা হ'ব।
-
আদিত্য-এল১
আদিত্য-এল১ (Aditya-L1) হৈছে সূৰ্যৰ বায়ুমণ্ডলৰ অধ্যয়নৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) আৰু অন্যান্য বহুকেইটা ভাৰতীয় গৱেষণা সংস্থাৰ সমন্বয়ত ৰূপাংকণ তথা বিকাশ কৰা এখন ক'ৰ'ণাগ্ৰাফি মহাকাশযান (coronagraphy spacecraft)।
-
ভয়েজাৰ ১
ভয়েজাৰ ১ হৈছে নাছাই সৌৰজগতৰ বহিৰাংশৰ গ্ৰহকেইটা অধ্যয়নৰ উদ্দেশ্যে প্ৰেৰণ কৰা এখন মহাকাশযান। ১৯৭৭ চনৰ ৫ চেপ্টেম্বৰত এই যানখন উৎক্ষেপণ কৰা হৈছিল। নাছাই সৌৰজগতৰ বহিৰাংশ অধ্যয়নৰ বাবে "ভয়েজাৰ প্ৰগ্ৰেম" নামৰ যি পৰিকল্পনা হাতত লৈছিল, ভয়েজাৰ ১ মহাকাশযানখনো ইয়াৰ অন্যতম অংশ।
-
নিউ হৰাইজন্ছ
নিউ হৰাইজনচ (New Horizons) এটি মহাকাশযান যি প্লুটো গ্ৰহৰ উদ্দেশ্যে প্ৰেৰণ কৰা হৈছে। ইয়াক ২০০৬ খৃষ্টাব্দৰ জানুৱাৰীত ফ্ল'ৰিডাৰ কেপ কেনাভেৰাল এয়াৰফৰ্চ ষ্টেচনৰ পৰা উৎক্ষেপিত কৰা হৈছিল। ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা প্ৰতিস্থান নাচাৰ এটি প্ৰকল্প।
-
বিক্ৰম (ৰকেট)
বিক্ৰম (Sanskrit:, (অৰ্থ- শৌৰ্য্য)) হৈছে ভাৰতীয় ষ্টাৰ্টআপ এৰ'স্পেচ কোম্পানী স্কাইৰুট এৰ'স্পেছে নিৰ্মাণ কৰা সৰু-লিফ্ট লঞ্চ বাহনৰ এটা পৰিয়াল। সম্পূৰ্ণ কক্ষপথত উৎক্ষেপণৰ পূৰ্বে ২০২২ চনৰ ১৮ নৱেম্বৰত মিছন প্ৰাৰম্ভ (শব্দ 'আৰম্ভণি') নামেৰে "বিক্ৰম-এছ" নামৰ ৰকেটৰ উপকক্ষীয় উৰণ সম্পন্ন কৰা হৈছিল।