মহাকাশবিজ্ঞান
৬ প্ৰবন্ধ
-
মহাকাশ যাত্ৰা
মহাকাশ যাত্ৰা (Spaceflight বা space flight) হৈছে মহাকাশত বা বহিঃ মহাকাশলৈ কৰা যাত্ৰা। মহাকাশ যাত্ৰা মানৱবিহীন নাইবা মানৱ পৰিবাহী হ'ব পাৰে। ছ'ভিয়েট সংঘৰ য়ুৰি গেগেৰিন আছিল মহাকাশ যাত্ৰা কৰা প্ৰথম মহাকাশচাৰী।
-
কালপুৰুষ (তাৰকামণ্ডলী)
কালপুৰুষ বা অৰিয়ন (Orion) হৈছে মহাকাশীয় বিষুৱৰেখাত অৱস্থিত আৰু সমগ্ৰ বিশ্বতে দৃশ্যমান এক নক্ষত্ৰপুঞ্জ বা তাৰকামণ্ডলী। ই নিশাৰ আকাশৰ আটাইতকৈ সুস্পষ্ট আৰু চিনাক্ত কৰিব পৰা তাৰকামণ্ডলীসমূহৰ অন্যতম। ইয়াক গ্ৰীক কিংবদন্তিৰ চিকাৰী অৰিয়নৰ নামেৰে নামকৰণ কৰা হৈছে।
-
ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'প
ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'প (Event Horizon Telescope) এটা বৃহৎ গোলকীয় ৰেডিঅ' টেলিস্ক'পৰ নেটৱৰ্ক। ইভেণ্ট হ'ৰাইজ'ন প্ৰকল্পটো ২০০৯ চনত আৰম্ভ হোৱা এটা আন্তঃৰাষ্ট্ৰীয় সহযোগিতামূলক প্ৰকল্প। ইভেণ্ট হ'ৰাইজ'ন টেলিস্ক'পৰ সহযোগতেই কৃষ্ণগহ্বৰৰ প্ৰথমখন প্ৰতিচ্ছবি প্ৰস্তুত কৰি উলিওৱা হয়।
-
অনুৰাধা টি. কে.
অনুৰাধা টি.কে. (Anuradha T. K.) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় বিজ্ঞানী আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ISRO)ৰ বিশেষ যোগাযোগ উপগ্ৰহৰ কাৰ্যসূচী সঞ্চালক। তেওঁ জি এছ এ টি-১২ আৰু জি এছ এ টি-১০ উপগ্ৰহৰ উৎক্ষেপণৰ কামৰ সৈতেও জড়িত।
-
সুভা ভেৰিয়াৰ
সুভা ভেৰিয়াৰ (Subha Varier) এগৰাকী ভাৰতীয় মহাকাশ অভিযন্তা। ভাৰতীয় উপগ্ৰহ উৎক্ষেপণত ব্যৱহৃত ভিডিঅ’ চিষ্টেমত বিশেষজ্ঞতা লাভ কৰিছে। ২০১৭ চনত তেওঁ এটা উৎক্ষেপণতে ১০৪টা উপগ্ৰহ অভিলেখ সৃষ্টি কৰাৰ পিছত মহিলাৰ বাবে ভাৰতৰ সৰ্বোচ্চ বঁটা নাৰী শক্তিপুৰস্কাৰ লাভ কৰে।
-
ৱেবৰ প্ৰথম গভীৰ ক্ষেত্ৰ
ৱেবৰ প্ৰথম গভীৰ ক্ষেত্ৰ হৈছে জেমছ ৱেব মহাকাশ দূৰবীণৰ দ্বাৰা গ্ৰহণ কৰা প্ৰথমখন কাৰ্যকৰী ছবি, য'ত পৃথিৱীৰ পৰা ৪.৬ বিলিয়ন আলোকবৰ্ষ দূৰত থকা SMACS 0723 নামৰ তাৰকাপুঞ্জৰ চৌদিশৰ আকাশ দেখা গৈছে।