কোষ
৫ প্ৰবন্ধ
-
কোষ (জীৱবিজ্ঞান)
কোষ (cell লেটিন শব্দ cella ৰ পৰা উদ্ধৃত যাৰ অৰ্থ হৈছে সৰু কোঠা ) জীৱনৰ গঠণাত্মক (structural) আৰু কাৰ্যকৰী (functional) মূল একক। আমাৰ চাৰিওফালে থকা জীৱসমূহৰ দেহটো কোষেৰে গঠিত। কোষবোৰ কোষাবৰণে আবৃত্ত কিছু cytoplasmৰে গঠিত যত বহুতো biomolecules যেনে প্ৰটিন আৰু নিউক্লিক এচিড থাকে।
-
কোষ বেৰ
কোষ বেৰ বা কোষ প্ৰাচীৰ বুলিলে কোষৰ সেই অংশক বুজাই যি উদ্ভিদকোষৰ আটাইতকৈ বাহিৰৰ ফালে থাকে। কোষৰ কোষপ্ৰৰস যি কঠিন ছেলুল'জ নিৰ্মিত নিৰ্জীৱ আবৰণীৰ দ্বাৰা আবৃত হৈ থাকে তাকে কোষ বেৰ বা কোষ প্ৰাচীৰ বোলে। উদ্ভিদৰ উপৰিও শেলাই, ভেঁকুৰ আৰু বেক্টেৰিয়াৰো কোষ প্ৰাচীৰ আছে।
-
ডিম্ব কোষ
ডিম্ব কোষ, ব ডিম্বাণু বেছিভাগ অসমজননকোষী প্ৰাণীৰ স্ত্ৰী জনন কোষ। অসমজননকোষী প্ৰাণীয়ে এটা ডাঙৰ "স্ত্ৰী" জননকোষ আৰু এটা "সৰু" পুং জননকোষেৰে যৌন প্ৰজনন কৰে। স্ত্ৰী জননকোষ চলনশীল নহ'লে ডিম্বাণু শব্দটো ব্যৱহাৰ কৰা হয়। পুং জননকোষ চলনশীল হ'লে এনে যৌন প্ৰজননক "ওগেমাছ" বোলা হয়।
-
স্নায়ুকোষ
স্নায়ুকোষ বা নিউৰ'ন ( বা স্নায়ুতন্ত্ৰৰ মুখ্য গঠনমূলক আৰু কাৰ্যকৰী একক। এই জৈৱিক কোষে বৈদ্যুতিক বা ৰাসায়নিক সংকেতৰ মাধ্যমেৰে তথ্য প্ৰেৰণ আৰু আহৰণ কৰে। স্নায়ুকোষবোৰ মাজত ছাইনাপ্স (Synapse) নামৰ বিশেষ সংযোগৰ যোগেদি সংকেতৰ আদান-প্ৰদান হয়।
-
শ্বেত ৰক্ত কণিকা
শ্বেত ৰক্ত কণিকা বা শ্বেত ৰক্ত কোষ, যাক লিউক’ছাইটছ বুলিও কোৱা হয়, হৈছে সংক্ৰামক ৰোগ আৰু বাহ্যিক আক্ৰমণকাৰীৰ (বীজাণু) পৰা দেহক ৰক্ষা কৰা প্ৰতিৰক্ষা তন্ত্ৰৰ কিছুমান কোষ। সকলো শ্বেত ৰক্ত কোষ মেৰু মজ্জাত থকা হিমেট'পেটিক ষ্টীম ছেল নামৰ এবিধ বহু ক্ষমতাসম্পন্ন কোষৰ পৰা সৃষ্টি হয়।