পদাৰ্থ বিজ্ঞান
২৯ প্ৰবন্ধ
-
পদাৰ্থ বিজ্ঞান
পদাৰ্থ বিজ্ঞান (ইংৰাজী: Physics) হৈছে প্ৰাকৃতিক বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা য'ত স্থান-কালৰ মাজেৰে পদাৰ্থ, ইয়াৰ গতি আৰু আচৰণকে ধৰি অন্যান্য সংযুক্ত ধাৰণাসমূহ; যেনে শক্তি আৰু বল ইত্যাদি বিষয়সমূহ অধ্যয়ন কৰা হয়।
-
পৰমাণু
পৰমাণু হৈছে পদাৰ্থৰ মৌলিক গাঁথনি আৰু ই গধুৰ কেন্দ্ৰীয় নিউক্লিয়াছ আৰু ইয়াৰ চাৰিওফালে ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনৰ ডাৱৰেৰে গঠিত। আনহাতে নিউক্লিয়াছ হৈছে ধনাত্মক আধানযুক্ত প্ৰ’টন আৰু আধানহীন নিউট্ৰন কণিকাৰে (ব্যতিক্ৰম হৈছে হাইড্ৰ’জেন-১ পৰমাণু, যিটো নিউট্ৰন কণিকা অবিহনে একমাত্ৰ সুস্থিৰ নিউক্লিড)…
-
শব্দ
শব্দ হৈছে এক প্ৰকাৰৰ যান্ত্ৰিক তৰংগ। যেতিয়া কোনো কঠিন, জুলীয়া বা গেছীয় পদাৰ্থৰ মাজেৰে চাপৰ একধৰণৰ স্পন্দনে গতি কৰে, তেতিয়া তাক যান্ত্ৰিক তৰংগ বুলি কোৱা হয়। অন্য ভাষাত ক’বলৈ গ’লে শব্দ হৈছে আমাৰ শ্ৰৱণ ইন্দ্ৰিয়ত অনুভূত হোৱা এক ধৰণৰ উদ্দীপনা।
-
অতিবেঙুনীয়া
অতিবেঙুনীয়া (Ultraviolet বা UV) ১০ নেন'মিটাৰৰ পৰ পৰা ৪০০ নেন'মিটাৰ তৰংগদৈৰ্ঘ্যৰ এক বিদ্যুৎ-চুম্বকীয় বিকিৰণ। এই দৈৰ্ঘ্য দৃশ্যমান পোহৰতকৈ চুটি, কিন্তু ৰঞ্জন ৰশ্মিতকৈ দীঘল। ৰ'দত থকা অতিবেঙুনীয়া বিকিৰণ সূৰ্য্যৰ পৰা অহা মুঠ বিদ্যুৎ-চুম্বকীয় বিকিৰণৰ প্ৰায় ১০%।
-
বৈদ্যুতিক ক্ষেত্ৰ
বৈদ্যুতিক ক্ষেত্ৰ হৈছে এখন ভেক্টৰ ক্ষেত্ৰ, য'ৰ প্ৰত্যেক বিন্দুত প্ৰতি একক আধানে লাভ কৰা কুলম্ব বল সংযুক্ত হৈ থাকে। বৈদ্যুতিক আধানৰ দ্বাৰা বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হয় আৰু পৰিৱৰ্ত্তিত চুম্বকীয় ক্ষেত্ৰৰ দ্বাৰা ইয়াক আৱেশকৰণ কৰিব পৰা যায়।
-
অতি পৰিবাহিতা
অতি পৰিবাহিতা (Super Conductivity) হৈছে বৈদ্যুতিক ৰোধ শূন্য হৈ পৰাৰ এক বিশেষ প্ৰপঞ্চ, য'ত বৈদ্যুতিক প্ৰৱাহ বিনা বাধাৰে প্ৰৱাহিত হ'ব পাৰে। ই হৈছে 'অতিপৰিবাহীত দেখা পোৱা কিছু ভৌতিক ধৰ্ম৷ অতিপৰিবাহী হৈছে এনে পদাৰ্থ য'ত বৈদ্যুতিক ৰোধ নোহোৱা হৈ যায় আৰু চুম্বকীয় ক্ষেত্ৰ বিলোপ হয়।
-
ফিজিকেল ৰিভিউ লেটাৰছ
ফিজিকেল ৰিভিউ লেটাৰছ (ইংৰাজী: Physical Review Letters, চমুকৈ PRL), ১৯৫৮ চনৰ পৰা প্ৰকাশ পাই অহা এখন সমীক্ষিত (ইংৰাজী: peer reviewed) পদাৰ্থবিজ্ঞান বিষয়ৰ বৈজ্ঞানিক গৱেষণা পত্ৰিকা। আমেৰিকান ফিজিকেল চছাইটিৰ দ্বাৰা এই পত্ৰিকা এবছৰত সাপ্তাহিক ভাৱে ৫২টা সংখ্যা প্ৰকাশ হয়।
-
ৰাসায়নিক অভিযান্ত্ৰিকী
ৰাসায়নিক অভিযান্ত্ৰিকী (Chemical Engineering, কেমিকেল ইঞ্জিনিয়াৰিং) হ'ল প্ৰকৃতি অথবা ব্যৱহাৰিক বিজ্ঞান (ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান), জৈৱ বিজ্ঞান (জীৱবিজ্ঞান, অণুজীৱবিজ্ঞান, জৈৱ ৰসায়ন)ৰ সতে গণিতবিদ্যা আৰু অৰ্থনীতিৰ সমন্বয়ত গঢ় লোৱা অভিযান্ৰিক বিষয়ৰ এটা শাখা য'ত বিভিন্ন ৰাসায়নিক পদাৰ্থ…
-
ৰামন প্ৰভাৱ
ৰামন প্ৰভাৱ বা ৰামন বিক্ষেপণ (Raman effect বা Raman scattering) হৈছে ফ'টন (Photon) কণাসমূহৰ অস্থিতিস্থাপক বিকিৰণ। ১৯২৮ চনত চি ভি ৰামন আৰু তেওঁৰ ছাত্ৰ কে এছ কৃষ্ণণে তৰল পদাৰ্থত "ৰামন প্ৰভাৱ" আৱিষ্কাৰ কৰিছিল।
-
আণ্ড্ৰে মেৰি এম্পিয়েৰ
আণ্ড্ৰে মেৰি এম্পিয়েৰ (en-André-Marie Ampère) (;; ২০ জানুৱাৰী ১৭৭৫-১০ জুন ১৮৩৬) আছিল এগৰাকী ফৰাচী পদাৰ্থবিদ আৰু গণিতজ্ঞ৷ ধ্ৰুপদী বিদ্যুৎ-চুম্বকত্বৰ প্ৰতিস্থাপকসকলৰ ভিতৰত তেওঁৰ নামটো উল্লেখযোগ্য, যাক তেওঁ বিদ্যুৎগতিবিজ্ঞান হিচাপে অভিহিত কৰিছিল৷ তেওঁ কেইবাটাও প্ৰায়োগিক সঁজুলি উদ্ভাৱন কৰিছিল; যাৰ…
-
আধুনিক পদাৰ্থবিজ্ঞান
আধুনিক পদাৰ্থবিজ্ঞান বুলিলে নিউটনৰ পৰৱৰ্তী কালছোৱাত বিকশিত হোৱা পদাৰ্থবিজ্ঞানৰ ধাৰণাসমূহক বুজোৱা হয়। আচলতে ভৌতিক পৰিঘটনাসমূহক ধ্ৰুপদী তত্ত্বৰে ব্যাখ্যা আগবঢ়াবলৈ যাওঁতে কিছুমান আসোঁৱাহ ৰৈ গৈছিল।
-
কঠিন
কঠিন (Solid) বুলি ক'লে পদাৰ্থৰ চাৰিটা মৌলিক অৱস্থাৰ ভিতৰত এটাক বুজোৱা হয় (বাকীবোৰ হ’ল তৰল, গেছ আৰু প্লাজমা)। কঠিন পদাৰ্থত থকা অণুবোৰ একেলগে ঘনিষ্ঠভাৱে লগলাগি থাকে আৰু ইয়াত গতিশক্তিৰ পৰিমাণ কম। কঠিন পদাৰ্থৰ বৈশিষ্ট্য হৈছে গাঁথনিগত কঠিনতা (কঠিন বস্তুৰ দৰে) আৰু পৃষ্ঠত প্ৰয়োগ কৰা বলৰ প্ৰতিৰোধ ক্ষমতা।
-
মেৰুপ্ৰভা
মেৰুপ্ৰভা (aurora) পৃথিৱীৰ দুই মেৰু অঞ্চলৰ (দৰাচলতে দুই চুম্বকীয় মেৰুৰ) ওপৰৰ বায়ুমণ্ডলত দেখা পোৱা ধেনুভিৰীয়া উজ্জ্বল আভা। মেৰুপ্ৰভাৰ পোহৰ বগা, ৰঙা, সেউজীয়া, হালধীয়া আৰু নীলা হ'ব পাৰে। অৱশ্যে ৰঙা, সেউজীয়া ৰঙৰ প্ৰাধান্য কিছু বেছি।
-
লিগ'
লেজাৰ ইন্টাৰফেৰ'মিটাৰ গ্ৰেভিটেশ্ব'নেল-ৱেইভ্ অবজাৰভেট'ৰি বা লিগ (ইংৰাজী: Laser Interferometer Gravitational-wave Observatory বা, চমুকৈ LIGO) হ'ল দুটা নিউট্ৰন তৰা বা কৃষ্ণগহ্বৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত নিৰ্গত হোৱা মহাকৰ্ষণিক তৰংগ চিনাক্ত কৰিবলৈ নিৰ্মাণ কৰা এটা মানমন্দিৰ।
-
স্থিতি শক্তি
পদাৰ্থ বিজ্ঞানত স্থিতি শক্তি হৈছে কোনো বস্তু বা পদাৰ্থই অন্যৰ সাপেক্ষে নিজৰ স্থানৰ পৰা লাভ কৰা শক্তি। উদাহৰণস্বৰূপে, মহাকৰ্ষণীয় স্থিতি শক্তি, টানি থোৱা স্প্ৰিং এডালৰ ইলাষ্টিক স্থিতি শক্তি, বৈদ্যুতিক ক্ষেত্ৰ এখনত বৈদ্যুতিক আধানৰ বৈদ্যুতিক বিভৱ শক্তি। এছ আই এককত শক্তিৰ একক জুল, আৰু ইয়াক ইংৰাজী J.
-
অভিস্ৰৱন
অভিস্ৰৱন আস্ৰৱন হৈছে নিবাচক-ভেদ্য পৰ্দাৰ মাজেৰে দ্ৰাৱক অণুবোৰৰ স্বতঃস্ফূৰ্ত নিট চলাচল বা বিস্তৰণ, উচ্চ জল বিভৱৰ অঞ্চলৰ পৰা (কম দ্ৰাৱ্য ঘনত্বৰ অঞ্চল) নিম্ন জল বিভৱৰ অঞ্চললৈ (উচ্চ দ্ৰাৱ্য ঘনত্বৰ অঞ্চল), যিটো দিশে দুয়োফালৰ দ্ৰাৱ্য ঘনত্ব সমান কৰাৰ প্ৰৱণতা থাকে।
-
পদাৰ্থ বিজ্ঞানৰ ইতিহাস
দৰ্শনৰ পৰা ক্ৰমাৎ বিজ্ঞানৰ বিভিন্ন ভাগ সমূহ উৎপত্তি হোৱাৰ সময়ত পদাৰ্থ বিজ্ঞান (ফিজিক্স) শব্দটোৱে প্ৰাকৃতিক দৰ্শন বুজাইছিল, অৰ্থাৎ এই বিষয়ত প্ৰকৃতিয়ে কেনেদৰে কাম কৰে তাৰ বিষয়ে অধ্যয়ন কৰা হৈছিল।
-
সংবেদনশীল তাপ
সংবেদনশীল তাপ হৈছে কোনো বস্তু বা তাপগতিবিদ্যা ব্যৱস্থাৰ দ্বাৰা বিনিময় হোৱা তাপ, য'ত তাপৰ বিনিময়ৰ ফলত শৰীৰ বা ব্যৱস্থাৰ উষ্ণতা আৰু কিছুমান বৃহৎ দৃষ্টিকোণৰ চলক সলনি হয়, কিন্তু আন কিছুমান বৃহৎ দৃষ্টিকোণৰ চলক যেনে আয়তন বা চাপ অপৰিৱৰ্তিত থাকে।
-
অৱলোহিত ৰশ্মি
অৱলোহিত ৰশ্মি হৈছে দৃশ্যমান পোহৰতকৈ দীৰ্ঘ তৰঙ্গদৈৰ্ঘ্যৰ বিদ্যুৎ চুম্বকীয় বিকিৰণ। এই বিকিৰণ সাধাৰণত মানুহৰ বাবে অদৃশ্য, যদিও কিছুমান বিশেষ পৰিস্থিতিত দৃশ্যমান। অৱলোহিত ৰশ্মিৰ তৰঙ্গ দৈৰ্ঘ্যৰ সীমা ১ মাইক্ৰ'মিটাৰৰ পৰা ১ মিলিমিটাৰ পৰ্যন্ত বিস্তৃত।
-
ড'পলাৰ প্ৰভাৱ
ড'পলাৰ প্ৰভাৱ (Doppler effect বা Doppler shift) বুলিলে এক তৰংগৰ উৎসৰ সাপেক্ষে গতি কৰি থকা এগৰাকী পৰ্যবেক্ষকৰ বাবে তৰংগৰ কম্পনাংক সলনি হোৱা পৰিঘটনাক বুজায়। অষ্ট্ৰিয়ান পদাৰ্থবিদ ক্ৰিষ্টিয়ান ড'পলাৰ-এ ১৮৪২ চনত পোনপ্ৰথমবাৰৰ বাবে এই পৰিঘটনাৰ কথা প্ৰকাশ কৰিছিল।
-
পদাৰ্থ বিজ্ঞানৰ সাধাৰণ সাংকেতিক চিহ্নসমূহৰ তালিকা
এইখন এখন পদাৰ্থ বিজ্ঞানৰ সাধাৰণ সাংকেতিক চিহ্নসমূহৰ তালিকা। তালিকাখনত গাঢ় আখৰেৰে সূচোৱা ৰাশি কেইটা ভেক্টৰ ৰাশি।
-
পদাৰ্থৰ অৱস্থা
পদাৰ্থৰ অৱস্থা বুলি ক’লে সম্পূৰ্ণ সুকীয়াকৈ পদাৰ্থৰ ভিন্ন দশাৰ উপস্থিতিকে বুজা যায়। দৈনন্দিন অভিজ্ঞতাৰ পৰা পদাৰ্থৰ: কঠিন, জুলীয়া, আৰু গেছীয় এই তিনিটা অৱস্থাৰ বিষয়ে জনা যায়। পদাৰ্থৰ আন অৱস্থাবোৰ যেনে প্লাজমা বৈজ্ঞানিক কাম-কাজতহে গুৰুত্বপূৰ্ণ।
-
পয়ছনৰ অনুপাত
পয়ছনৰ অনুপাত হৈছে যিকোনো পদাৰ্থৰ পাৰ্শ্বীয় বিকৃতি আৰু দৈৰ্ঘ্য বিকৃতিৰ মাজৰ অনুপাত। ইয়াক গ্ৰীক আখৰ ⟨\nu⟩ (নিউ) ৰে সূচোৱা হয়। ১৮২৭ চনত ছাইমন ডেনিছ পয়ছন নামৰ এগৰাকী ফৰাচী পদাৰ্থবিজ্ঞানী তথা গণিতজ্ঞই এখন গৱেষণাপত্ৰত পয়ছনৰ অনুপাতৰ বিষয়ে বিষদ তথ্য আগবঢ়াইছিল।
-
পাইৰেন' মিটাৰ
পাইৰেন' মিটাৰ (pyranometer) হৈছে সৌৰ বিকিৰণ মাপ কৰা এবিধ সঁজুলি। পাইৰন'মিটাৰ চলাবলৈ ব্যাহিক বিদ্যুৎ শক্তিৰ প্ৰয়োজন নহয়,অৱশ্যে বৰ্তমান হাইব্ৰিড চিষ্টেমত বিদ্যুৎ সংযোগো কৰা যায়। গ্ৰীক ভাষাৰ পাইয়াৰ আৰু এন' শব্দৰ পৰা পাইৰেন' মিটাৰ শব্দটো দিয়া হৈছে,যাৰ অৰ্থ হৈছে ক্ৰমে জুই আৰু আকাশৰ ওপৰত।
-
ফ'নন
ফ'নন(Phonon) হৈছে শব্দ-তৰঙ্গৰ শক্তিৰ কোৱাণ্টাৰ নাম। ইয়াৰ মান হৈছে ⟨\,hf⟩, য'ত ⟨\,h⟩ হৈছে প্লাংকৰ ধ্ৰুবক (Planck's constant) আৰু ⟨\,f⟩ হৈছে এই শব্দ-তৰঙ্গৰ কম্পনাঙ্ক। ই এক আলোক কোৱাণ্টা ফ'টনৰ দৰে।
-
বহুবিশ্ব
বহুবিশ্ব (multiverse) হৈছে কেইবাখনো ব্ৰহ্মাণ্ডৰ এক প্ৰাকল্পিক নাইবা অনুমানভিত্তিক (hypothetical) গোট। আটাইবোৰ ব্ৰহ্মাণ্ডয়েই কাল, সময়, পদাৰ্থ, শক্তি, তথ্য, ভৌতিক নিয়মাৱলী, আৰু ভৌতিক ধ্ৰুৱকৰে সমৃদ্ধ।
-
মৃদু পদাৰ্থ
কোমল পদাৰ্থ ঘনীভূত পদাৰ্থ বিজ্ঞানৰ এটা ভাগ। কোমল পদাৰ্থক তাপীয় ক্ৰিয়া অথবা বল প্ৰয়োগ কৰি সলনি কৰিব পৰা যায়। কোমল পদাৰ্থৰ উদাহৰণৰ ভিতৰত জুলীয়া পদাৰ্থ, পলিমাৰ, ফেন, জেল, লিকুইড ক্ৰিষ্টেল ইত্যাদি অন্যতম।
-
লেকলাংকি কোষ
লেকলাংকি কোষ (ইংৰাজী: The Leclanché cell) হ'ল এবিধ বিদ্যুত কোষ। ১৮৬৬ চনত ফৰাচী বিজ্ঞানী জৰ্জ লেকলাংকিয়ে (ইংৰাজী: Georges Leclanché) এই কোষ আৱিস্কাৰ কৰিছিল। এই কোষত কেথ’ড হিচাপে এডাল কাৰ্বনৰ দণ্ড, এন’ড হিচাপে এডাল জিংকৰ দণ্ড আৰু বিদ্যুত-বিশ্লেষ্য হিচাপে এম’নিয়াম ক্লৰাইড (NH4Cl) ব্যৱহাৰ কৰা হয়।
-
সৰণ প্ৰৱাহ
সৰণ প্ৰৱাহ (Displacement Current) হৈছে পৰিৱৰ্তনীয় বিদ্যুত ক্ষেত্ৰৰ বাবে ফলত উৎপন্ন হোৱা প্ৰৱাহ, যিটো ৰাশি মেক্সৱেল সমীকৰণত পোৱা যায়। সৰণ প্ৰৱাহৰ একক বৈদ্যুতিক প্ৰৱাহ ঘনত্বৰ ৰাশিৰ সৈতে একেই আৰু বৈদ্যুতিক প্ৰৱাহৰ লগত এখন চুম্বক ক্ষেত্ৰ জড়িত থকাৰ দৰে সৰণ প্ৰৱাহৰ লগতো এখন চুম্বক ক্ষেত্ৰ জড়িত থাকে।