কম্পিউটাৰ বিজ্ঞান
৩১ প্ৰবন্ধ
-
ইণ্টাৰনেট
ইণ্টাৰনেট বা অন্তৰ্জাল হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এটা অত্যাধুনিক ব্যৱস্থা। ই নেটৱৰ্ক আৰু ডিভাইচসমূহৰ মাজত সংযোগ স্থাপন কৰিবলৈ ইণ্টাৰনেট প্ৰ'ট'কল ছুইট (TCP/IP) ব্যৱহাৰ কৰে।
-
ইউনিক’ড
ইউনিক’ড (Unicode) হৈছে কম্পিউটাৰৰ লিখন প্ৰণালীত থকা আখৰ বা চিহ্নবোৰৰ সংহত নিয়মীকৰণ, নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক কাৰিকৰী মান। ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ইয়াক উদ্ভাৱন কৰে।
-
এনিমেছন
জঁপিয়াই থকা বলৰ এনিমেছন (তলৰ চিত্ৰ), এই এনিমেছনটো ওপৰৰ ছয়খন বেলেগ বেলেগ ফ্ৰেম সংযোগ কৰি সৃষ্টি কৰা হৈছে। এই এনিমেছনত প্ৰতি ছেকেণ্ডত দহখন ফ্ৰেম দেখুওৱা হৈছে।
-
কম্পিউটাৰ বিজ্ঞান
কম্পিউটাৰ বিজ্ঞান হ'ল তথ্য আৰু ইয়াৰ পৰিস্কৰণ/সংকলন (processing) সম্বন্ধিত তাত্বিক বিষয়সমূহৰ প্ৰণালীবদ্ধ অধ্যয়ন। থোৰতে ক’বলৈ গ’লে কম্পিউতাৰ বিজ্ঞানৰ সংজ্ঞা এয়েই হোৱা উচিত যদিও বৰ্তমান যুগত ইয়াৰ সৰ্বাত্মকতা আৰু জনপ্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত বহুজনে বিভিন্ন প্ৰসংগত ইয়াক বিভিন্ন ধৰণে উত্থাপন আৰু…
-
জাভা
জাভা (ইংৰাজী: Java) হ'ল এক Object-oriented কম্পিউটাৰৰ প্ৰগ্ৰামিং ভাষা। ইয়াৰ মূল উদ্দেশ্য হ'ল "write once, run anywhere" (WORA)। এবাৰ লিখি যিকোনো ঠাইতে চলোৱা। অৰ্থাৎ কোনো এপ্লিকেশ্যন এবাৰ লিখা হ'লে পুনৰ কম্পাইল নকৰাকৈয়ে যিকোনো প্লেটফৰ্মত চলা।
-
কৃত্ৰিম বুদ্ধিমত্তা
কৃত্ৰিম বুদ্ধিমত্তা (কৃবু) বা আৰ্টিফিশ্বিয়েল ইণ্টেলিজেঞ্চ (এআই) হৈছে সংগণক ব্যৱস্থাৰ সেই সক্ষমতা, যি সাধাৰণতে মানৱ বুদ্ধিমত্তাৰ সৈতে জড়িত কাৰ্যসমূহ, যেনে শিকা, যুক্তিতৰ্ক কৰা, সমস্যা সমাধান, প্ৰত্যক্ষণ, সিদ্ধান্ত গ্ৰহণ আদি সম্পাদন কৰিব পাৰে।
-
ৱিকি
'ৱিকি' (wiki) হৈছে এক ধৰণৰ 'ৱেবচাইট' য'ত 'ইণ্টাৰনেট' দৰ্শন কৰিবলৈ ব্যৱহাৰ কৰা 'ব্ৰাউজাৰ'ৰ যোগেদিয়েই 'ৱেবপৃষ্ঠা' এটা নতুনকৈ সৃষ্টি কৰিব পাৰি বা ইতিপূৰ্বে থকা পৃষ্ঠা এটা সম্পাদনা কৰিব পাৰি। 'ৱিকি'সমূহক সাধাৰণেতে 'ৱিকি ছফ্টৱেৰ'-এ চলায়, আৰু কেইবাজনো ব্যৱহাৰকাৰীয়ে সামূহিক ভাৱে ব্যৱহাৰ কৰে।
-
ইমেইল
ইমেইল বা ই-মেইল বা ইলেক্ট্ৰনিক মেইল (প্ৰায় ১৯৯৩ চনৰ পৰা) ইলেক্ট্ৰনিক যন্ত্ৰ ব্যৱহাৰ কৰি বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণৰ এক পদ্ধতি। কুৰি শতিকাৰ শেষৰ ফালে ইয়াক মেইল (সেয়েহে ই-+ মেইল)ৰ ডিজিটেল সংস্কৰণ বা সমকক্ষ হিচাপে কল্পনা কৰা হৈছিল।
-
ৱৰ্ল্ড ৱাইড ৱেব
ৱৰ্ল্ড ৱাইড ৱেব (World Wide Web) বা ডব্লিউ ডব্লিউ ডব্লিউ (WWW) বা ডব্লিউ থ্ৰী (W3) বা সাধাৰণভাৱে দ্য ৱেব (the Web) হ’ল ইণ্টাৰনেটত উপলব্ধ পৰস্পৰৰ লগত হাইপাৰটেক্সটেৰে (hypertext) সংযুক্ত তথ্যৰে গঠিত এটা তথ্য প্ৰযুক্তিগত প্ৰণালী বা তন্ত্ৰ (System)।
-
প্ৰগ্ৰামিং ভাষা
প্ৰগ্ৰামিং ভাষা বা প্ৰগ্ৰামিং লেংগুৱেজ (Programming language) হ’ল এটা কৃত্ৰিম ভাষা যাৰ দ্বাৰা কোনো এলগৰিথম প্ৰকাশ কৰিব পৰা যায় বা কম্পিউটাৰ প্ৰ’গ্ৰাম লিখিব পৰা যায়। এই ভাষাৰ দ্বাৰা কোনো এটা যন্ত্ৰৰ সৈতে সংযোগ স্থাপন কৰি তাক বিশেষ নিৰ্দেশ প্ৰদান কৰা হয়।
-
এলগৰিথম আৰু ডেইটা ষ্ট্ৰাকচাৰ
কম্পিউটাৰ বিজ্ঞানৰ এই বিভাগত কাৰ্যক্ষেত্ৰত কম্পিউটাৰ বিজ্ঞানৰ প্ৰয়োগৰ তাত্বিক দিশবোৰৰ অধ্যয়ন কৰা হয়। এনে অধ্যয়নলব্ধ জ্ঞানৰ সহায়তে বাস্তৱ জগতত কম্পিউটাৰ প্ৰয়োগ কৰিবলৈ প্ৰগ্ৰেম লিখা হয়।
-
কম্পিউটাৰ নেটৱৰ্ক
কম্পিউটাৰ নেটৱৰ্ক (computer network) হৈছে এনে এক ব্যৱস্থা য’ত একাধিক কম্পিউটাৰ আৰু হাৰ্ডৱেৰ উপাদানসমূহ যোগাযোগ মাধ্যমৰ দ্বাৰা ইটো সিটোৰ লগত সংযুক্ত হৈ থাকে। এনে কম্পিউটাৰ নেটৱৰ্ক ব্যৱহাৰকাৰীসকলে সম্পদ (ৰিচ’ৰ্চ) আৰু তথ্য আদান-প্ৰদান কৰিব পাৰে।
-
যন্ত্ৰ শিক্ষণ
যন্ত্ৰ শিক্ষণ বা মেশ্বিন লাৰ্নিং (ML) হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ এটা অধ্যয়নৰ ক্ষেত্ৰ যিয়ে পৰিসংখ্যাগত এলগৰিদমৰ বিকাশ আৰু অধ্যয়নৰ সৈতে জড়িত বিষয়, যিয়ে তথ্যৰ পৰা শিকিব পাৰে আৰু অদৃশ্য তথ্যলৈ সাধাৰণীকৰণ কৰিব পাৰে, আৰু এইদৰে স্পষ্ট নিৰ্দেশনা অবিহনে কাম সম্পন্ন কৰিব পাৰে।
-
লীনাক্স
লীনাক্স বা লাইনাক্স এবিধ অপাৰেটিং চিষ্টেম; ইয়াত লীনাক্স নামৰ কাৰ্ণেল আৰু তদুপযোগী অন্যান্য প্ৰগ্ৰেম ব্যৱহাৰ কৰা বাবে ইয়াৰ নাম লীনাক্স ৰখা হৈছে।
-
কম্পিউটাৰ প্ৰ’গ্ৰাম
কম্পিউটাৰ প্ৰ’গ্ৰাম ( বা কেবল প্ৰ’গ্ৰাম বা চফ্টৱেৰ) হৈছে কম্পিউটাৰৰ দ্বাৰা কোনো এক কাৰ্য সমাধান কৰিবৰ বাবে তৈয়াৰ কৰা নিৰ্দেশাৱলীৰ সমষ্টি। কম্পিউটাৰে এই নিৰ্দেশাৱলী অনুসৰি উল্লেখিত কাৰ্যটো সমাধা কৰে। এক কম্পিউটাৰে প্ৰ’গ্ৰাম অবিহনে কোনো কাৰ্য সমাধা কৰিব নোৱাৰে।
-
চি (প্ৰগ্ৰামিং লেংগুৱেজ)
চি (C) হ’ল বেল লেবৰটেৰিজত ১৯৬৯ ৰ পৰা ১৯৭৩ চনৰ কালছোৱাত ডেনিচ ৰিট্চী ৰ দ্বাৰা বিকাশিত এটা কম্পিউটাৰ প্ৰগ্ৰামিং লেংগুৱেজ। ই এজন প্ৰগ্ৰেমাৰক কম্পিউটাৰ আৰ্কিটেক্সাৰৰ হাই লেভেল লেংগুৱেজৰ পৰা ল' লেভেল লেংগুৱেজলৈকে এক বিস্তৃত পৰিসৰ প্ৰদান কৰে।
-
কাৰ্ণেল
কম্পিউটাৰ বিজ্ঞানত কাৰ্ণেল হৈছে বেছিভাগ কম্পিউটাৰৰ অপাৰেটিং চিষ্টেমৰ মূল ভাগ; ই কোনো এপ্লিকেচন আৰু হাৰ্ডৱেৰ পৰ্যায়ত কতা ডেটা বিশ্লেষণৰ সংযোগী ব্যৱস্থা। কাৰ্ণেলৰ প্ৰধান দায়িত্ব হৈছে চিষ্টেম বা প্ৰণালীটোৰ সম্পদসমূহৰ পৰিচালনা (হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ অংশৰ মাজত যোগাযোগ)।
-
ইউবাণ্টু
ইউবাণ্টু (Ubuntu; উচ্চাৰণ:/ʊˈbʊntuː/) হৈছে ডেবিয়ান ডিষ্ট্ৰীবিউশ্যন বা সংকলনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এক কম্পিউটাৰ অপাৰেটিং চিষ্টেম, যাক বিনামূলীয়া আৰু মুকলি উৎস চফ্টৱেৰ ৰূপে বিতৰণ কৰা হয়। এই অপাৰেটিং চিষ্টেমটোক দক্ষিণ আফ্ৰিকীয় এক প্ৰচলিত প্ৰবাদ ইউবাণ্টু-ৰ পৰা নামকৰণ কৰা হৈছে।
-
কম্পিউটাৰ ভাইৰাছ
কম্পিউটাৰ ভাইৰাছ (Computer Virus) এটা কম্পিউটাৰ প্ৰ’গ্ৰাম যি নিজে নিজৰ প্ৰতিলিপি তৈয়াৰ কৰিব পাৰে। ভাইৰাছবোৰক মেলৱেৰ (Malware) বা এডৱেৰ (Adware) বা স্পাইৱেৰৰ (Spyware) লগত একে বুলি ভবা হয় যদিও, এইবোৰৰ নিজৰ প্ৰতিলিপি তৈয়াৰ কৰাৰ ক্ষমতা নাথাকে।
-
আকাশ টেবলেট
আকাশ হৈছে ভাৰত চৰকাৰ, আই আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহঃযোগত ব্ৰিটিছ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ কৰি উলিওৱা এণ্ড্ৰইড প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা। আকাশ হৈছে বৰ্তমান বিশ্বৰ সকলোতকৈ কম খৰচী টেবলেট। ইয়াক Ubislate 7+ (বাণিজ্যিক নাম) বুলিও জনা যায়। ই বজাৰত $৬০ত ঊপলভ্য।
-
কম্পিউটাৰ প্ৰগ্ৰেমিং
কম্পিউটাৰ প্ৰগ্ৰেমিং বা ক'ডিং হৈছে কিছুমান নিৰ্দেশনাৰ গঠন, যাক প্ৰগ্ৰেম বোলা হয়, যিবোৰক কম্পিউটাৰে কোনো কাম সম্পন্ন কৰিবলৈ অনুসৰণ কৰিব পাৰে। ইয়াত এটা বা ততোধিক প্ৰগ্ৰেমিং ভাষাত ক'ড লিখি এলগৰিদমসমূহ ডিজাইন আৰু প্ৰণয়ন কৰা হয়, বিভিন্ন পদ্ধতিবোৰ এটা এটাকৈ বুজাই দিয়া হয়।
-
কম্পিউটাৰ হাৰ্ডৱেৰ
এটি কম্পিউটাৰক সাধাৰণতে দুভাগত ভাগ কৰা হয়: হাৰ্ডৱেৰ আৰু চফ্টৱেৰ। হাৰ্ডৱেৰ হৈছে সেইখিনি অংশ, যাক চকুৰে দেখা যায় আৰু স্পৰ্শ কৰিব পৰা যায়। উদাহৰণ স্বৰূপে মনিটৰ, মাউচ, মাডাৰবৰ্ড, হাৰ্ড ডিস্ক ইত্যাদি। বিভিন্ন কম্পিউটাৰ হাৰ্ডৱেৰ অংশৰে এটি ব্যক্তিগত কম্পিউটাৰ তৈয়াৰ কৰা হয়।
-
কম্পিউটেবিলিটি থিয়ৰী
কম্পিউটাৰ বিজ্ঞানৰ এই বিভাগৰ অধীনত সংগণনৰ বা কম্পিউটেশ্যনৰ বিভিন্ন গাণিতীক আৰ্হি আৰু ইহঁতক ব্যৱহাৰ কৰি সমাধান কৰিব পৰা সমস্যাবোৰৰ সম্পৰ্কে অধ্যয়ন কৰা হয়। অসমীয়া ভাষাত ইয়াক সংগণনশীলতা তত্ব বুলিব পৰা যায়।
-
বাইট
বাইট অংকীয় জ্ঞানৰ একক, যি ৮ বিটৰ সমান। ঐতিহাসিকভাৱে এক বাইট পৰিকলন যন্ত্ৰত ১ আখৰ বা সংখ্যা প্ৰৱেশ কৰিবলৈ প্ৰয়োজনীয় বিটৰ পৰিমাণ। সেয়ে বহুতো পৰিকলন ব্যৱস্থাত বৰ্তমান ১ বাইটেই ঠিকনাযুক্ত সৰ্বনিম্ন জ্ঞানৰ পৰিমাণ। পূৰ্বতে বাইটৰ আকাৰ হাৰ্ডৱেৰৰ ওপৰত নিৰ্ভৰশীল আছিল আৰু বাইটৰ নিৰ্দিষ্ট জোখ নাছিল।
-
সৃষ্টিশীল কৃত্ৰিম বুদ্ধিমত্তা
সৃষ্টিশীল কৃত্ৰিম বুদ্ধিমত্তা (জেনেৰেটিভ AI, GenAI, বা GAI) হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ এখন উপক্ষেত্ৰ যি লিখনী, ছবি, ভিডিঅ' বা অন্য ধৰণৰ তথ্য সৃষ্টি কৰিবলৈ জেনেৰেটিভ মডেল ব্যৱহাৰ কৰে।
-
স্ক্ৰেচ্ছ্ (প্ৰগ্ৰামিং লেংগুৱেজ)
স্ক্ৰেচ (ইংৰাজীত-Scratch) এটা নতুন প্ৰগ্ৰামিং লেংগুৱেজ বা প্ৰগ্ৰাম সৃষ্টি কৰিবলৈ ব্যৱহৃত ভাষা যাৰ সহায়ত সাধু, খেল, এনিমেশ্যন আদি সৃষ্টি কৰিব পাৰি।
-
হেকাৰ
হেকাৰ (hacker) হৈছে এনে এজন ব্যক্তি যাৰ সাধাৰণতঃ কম্পিউটাৰৰ বিভিন্ন বিষয়ৰ জ্ঞান থাকে আৰু সেই জ্ঞান ধ্বংসাত্মক বা প্ৰয়োগাত্মক কাৰ্য্যত ব্যৱহাৰ কৰে। যেনে, কম্পিটাৰ নেটৱৰ্ক এটা বা কোনো চফ্টৱেৰৰ এটাৰ দুৰ্বলতা বিচাৰি উলিয়াই সেইবোৰক আঁতৰাবলৈ, বিনা অনুমতিত ব্যৱহাৰ কৰিবলৈ, শিকিবলৈ আদি বিভিন্ন কাৰণত।
-
টিউৰিং পৰীক্ষা
টিউৰিং পৰীক্ষা এনে এক পৰীক্ষা যাৰ দ্বাৰা এটা যন্ত্ৰৰ ক্ষমতা কিমান মানৱ-সম অথবা মানৱ-সদৃশ তাৰ পৰীক্ষা কৰা হয়। এলান ট্যুৰিঙে প্ৰস্তাৱ দিয়ে যে এজন মানৱ বিচাৰকে আন এজন মানৱ আৰু এটা মানৱ-সদৃশ বুদ্ধিমত্তাসম্পন্ন যন্ত্ৰৰ মাজৰ সাধাৰণ মানৱীয় ভাষাৰে হোৱা বাৰ্তালাপ বিচাৰ কৰিব।
-
ডেটা মাইনিং
ডেটা মাইনিং এটা কম্পিউটাৰ বিজ্ঞানৰ লগত জড়িত বিষয়। স্থানান্তৰে ইয়াক "তথ্যাধাৰত জ্ঞানান্বেষন" (-ও বোলা হয়। ডেটা মাইনিঙৰ মূল উদ্দেশ্য হৈছে বৃহৎ পৰিমাণৰ ডেটাৰ পৰা তথ্য বা জ্ঞান নিষ্কাষণ কৰা।
-
বিগ ডাটা
বৃহৎ-তথ্য বা বিগ ডাটা (Big Data) হ’ল এনে কিছু তথ্যৰ সমষ্টি যি অতি বৃহদাকাৰ আৰু জটিল আৰু ই গতানুগতিক তথ্য বিশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্লেষণৰ বাবে অনুপযুক্ত।