নৃতত্ব
৪ প্ৰবন্ধ
-
নৃতত্ত্ব
নৃতত্ত্ব (Anthropology) হৈছে মানৱজাতিৰ বৈজ্ঞানিক অধ্যয়ন যিয়ে জীৱবিজ্ঞান আৰু সমাজবিজ্ঞানক সংযোগ কৰে। ই অতীত আৰু বৰ্তমান উভয় সময়ৰে মানৱ আচৰণ, মানৱ জীৱবিজ্ঞান, সংস্কৃতি, সমাজ আৰু ভাষা বিজ্ঞানৰ লগতে প্ৰাচীন মানুহৰ বিষয়েও আলোচনা কৰে।
-
উত্তৰণৰ বিধি
উত্তৰণৰ বিধি বা ৰিট অৱ পেচেজ হ’ল পৰিৱৰ্তনৰ এক পৰ্ব বা আচাৰ যিটো তেতিয়া সংঘটিত হয় যেতিয়া কোনো ব্যক্তিয়ে এটা গোট এৰি আন এটা গোটত প্ৰৱেশ কৰে। ইয়াৰ লগত সমাজৰ মৰ্যাদাৰ উল্লেখযোগ্য পৰিৱৰ্তন জড়িত হৈ আছে।
-
মেঘালয়ৰ মাতৃবংশীয় সমাজ
উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীত মাতৃবংশ প্ৰথাৰ প্ৰচলন আছে। নাৰীৰ উত্তৰপুৰুষৰ জৰিয়তে বংশৰ আভাস পোৱাকে মাতৃবংশ বোলে। এই সমাজ ব্যৱস্থাত কোনো এজন ব্যক্তিক তেওঁৰ মাতৃৰ বংশৰে সূচোৱা হয় আৰু সম্পত্তিৰ বা উপাধিৰ উত্তৰাধিকাৰ জড়িত থাকে।
-
সংঘাত
সংঘাত (Conflict) হৈছে সংগ্ৰাম আৰু স্বাৰ্থ, মতামত আৰু নীতিৰ সংঘৰ্ষ। সংঘাত সদায় সমাজত দৃশ্যমান হয়; কিয়নো সংঘাতৰ ভিত্তি ব্যক্তিগত, বৰ্ণগত, শ্ৰেণী, বৰ্ণ, ৰাজনৈতিক আৰু আন্তঃৰাষ্ট্ৰীয় হ’ব পাৰে।