প্ৰাকৃতিক উপগ্ৰহ
৪ প্ৰবন্ধ
-
চন্দ্ৰ
চন্দ্ৰ বা জোন পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ। চন্দ্ৰ সৌৰজগতৰ বৃহৎ উপগ্ৰহসমূহৰ অন্যতম, আৰু গ্ৰহৰ আকাৰ আৰু উপগ্ৰহৰ আকাৰৰ অনুপাতৰ ক্ষেত্ৰত সৌৰজগতৰ ভিতৰতে সৰ্ববৃহৎ। চন্দ্ৰৰ উৎপত্তি প্ৰায় ৪৫০ কোটি বৰ্ষৰ পূৰ্বে হোৱা বুলি ধাৰণা কৰা হয়। চন্দ্ৰৰ উৎপত্তিৰ বিষয়ে বিভিন্ন জনে অনুমান কৰিছে।
-
প্ৰাকৃতিক উপগ্ৰহ
এটা প্ৰাকৃতিক উপগ্ৰহ (Natural satellite) হৈছে এক জ্যোতিৰ্বৈজ্ঞানিক বস্তু যি গ্ৰহ বা বাওনা গ্ৰহ এটাক প্ৰদক্ষিণ কৰে (বা কেতিয়াবা আন এটা সৰু সৌৰজগতৰ বস্তুৰ)। ইংৰাজীত ইয়াক মুন (moon) বুলিও কয়। সৌৰজগতত, ২০৫টা জ্ঞাত প্ৰাকৃতিক উপগ্ৰহ থকা ছটা গ্ৰহউপগ্ৰহ প্ৰণালী আছে।
-
ডিমছ (উপগ্ৰহ)
ডিমছ (ইংৰাজী: Deimos) মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ সৰু আৰু আটাইতকৈ বাহিৰৰ উপগ্ৰহ। মঙ্গলৰ আনটো উপগ্ৰহৰ নাম ফ'বছ। ৬.২ কিলোমিটাৰ (৩.৯ মিটাৰ) গড় ব্যাসাৰ্ধৰ এই উপগ্ৰহটোৱে মঙ্গলৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩০.৩ ঘণ্টা সময় লয়। গ্ৰীক দেৱতা ডিমছৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।
-
ফ'বছ (উপগ্ৰহ)
ফ'বছ (ইংৰাজী: Phobos) মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ভিতৰৰ উপগ্ৰহ। মঙ্গলৰ আনটো উপগ্ৰহৰ নাম ডিমছ। ১১ কিলোমিটাৰ (৭ মিটাৰ) গড় ব্যাসাৰ্ধৰ এই উপগ্ৰহটোৱে মঙ্গলৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৭ ঘণ্টা ৩৯.২ মিনিট সময় লয়।