মনোবিজ্ঞান
৭১ প্ৰবন্ধ
-
মনোবিজ্ঞান
মনোবিজ্ঞান (ইংৰাজী: Psychology) মন আৰু আচৰণৰ বৈজ্ঞানিক অধ্যয়ন। ইয়াৰ বিষয়-বস্তুৰ ভিতৰত মানুহ আৰু অন্যান্য প্ৰাণীৰ আচৰণ, চেতন আৰু অচেতন উভয় প্ৰক্ৰিয়া, আৰু চিন্তা, অনুভূতি তথা প্ৰেৰণা আদিৰ দৰে মানসিক প্ৰক্ৰিয়াসমূহ অন্তৰ্ভুক্ত।
-
আচৰণ
আচৰণ বা আচাৰ বা ব্যৱহাৰ (Behaviour) হৈছে কোনো ব্যক্তিবিশেষ, জীৱ, প্ৰণালী অথবা কৃত্ৰিম বুদ্ধিমত্তাচালিত যন্ত্ৰই তেওঁলোকৰ লগত অথবা কিছুমান বিশেষ পৰিৱেশত প্ৰদৰ্শন কৰা ক্ৰিয়াকলাপ অথবা ধৰণ-কৰণ; যিয়ে অইন এটা প্ৰণালী অথবা জীৱকো কেতিয়াবা জড়িত কৰি লয়।
-
মনোবিশ্লেষণ
মনোবিশ্লেষণ বা মনঃসমীক্ষণ হৈছে মনোবিজ্ঞানৰ এক তত্ত্ব। এই তত্ত্বৰ প্ৰভাৱতেই চিকিৎসাবিজ্ঞানত সংযোজিত হৈছিল এক নতুন শাখা; সেয়া হ'ল চিকিৎসা মনোবিজ্ঞান বা মনোৰোগ বিজ্ঞান। মনোবিজ্ঞানৰ পিতৃ আছিল অষ্ট্ৰীয়াৰ ভিয়েনা চহৰৰ শৰীৰবিজ্ঞানী চিগ্মণ্ড ফ্ৰয়েড।
-
মনোবিজ্ঞানী
মনোবিজ্ঞানী (Psychologist) হৈছে এনে এগৰাকী ব্যক্তি যি অস্বাভাৱিক মানসিক স্থিতি, বোধগত, ধাৰণাগত, আৱেগজনিত আৰু সামাজিক ক্ৰিয়া আৰু আচৰণৰ বিষয়ে অধ্যয়ন অথবা চৰ্চা কৰে।
-
মানসিক বিসংগতি
মানসিক বিসংগতি হৈছে একপ্ৰকাৰৰ, মানসিক অথবা আচৰণগত সমস্যা। মানসিক বিসংগতি থকা ব্যক্তিয়ে সাধাৰণ জীৱন যাপন কৰিব নোৱাৰে নাইবা সাধাৰণ জীৱন যাপনৰ ক্ষমতা হেৰুৱাই পেলায়। বিভিন্ন ধৰণৰ মানসিক বিসংগতি দেখা পোৱা যায়, আৰু এনে বিসংগতিৰ লক্ষণো বিভিন্ন ধৰণৰ হয়। মানসিক বিসংগতিৰ কাৰণবোৰ স্পষ্ট নহয়।
-
বোধগত পক্ষপাতিতা
বোধগত পক্ষপাতিতা (Cognitive bias) হৈছে পৰিচিত আচৰণ, যুক্তিবাদ আৰু বিবেচনাৰ লগত ঘটা বিচ্যুতিৰ এক পদ্ধতিগত বিন্যাস। ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱা ব্যক্তি এজনে প্ৰবিষ্টি (input) এটাৰ উপলব্ধি হিচাপে নিজাববীয়াকৈ এটা “বিষয়গত বাস্তৱতা”ৰ সৃষ্টি কৰে।
-
সামাজিক মনোবিজ্ঞান
সামাজিক মনোবিজ্ঞান (Social Psychology) হৈছে মানুহৰ চিন্তা, অনুভূতি আৰু আচৰণ কেনেদৰে আনৰ প্ৰকৃত, কাল্পনিক আৰু উপস্থিতিৰ দ্বাৰা প্ৰভাৱিত হয় তাৰ এক বৈজ্ঞানিক অধ্যয়ন। সামাজিক মনোবিজ্ঞানীয়ে সাধাৰণতে মানসিক অৱস্থা আৰু সামাজিক পৰিস্থিতিৰ মাজৰ সম্পৰ্কৰ ফলত হোৱা মানুহৰ আচৰণ আৰু ব্যৱহাৰ বৰ্ণনা কৰে।
-
চিন্তা
চিন্তা (Thought ) আৰু বিচাৰ শব্দ দুটাই অতি সাধাৰণ অৰ্থত সংবেদনশীল উদ্দীপনাৰ পৰা স্বাধীনভাৱে হ’ব পৰা জ্ঞানমূলক প্ৰক্ৰিয়াক বুজায়। ইহঁতৰ আটাইতকৈ পেৰাডাইমেটিক ৰূপসমূহ হ’ল বিচাৰ, যুক্তি, ধাৰণা গঠন, সমস্যা সমাধান, আৰু বিবেচনা।
-
ব্যক্তিত্ব মনোবিজ্ঞান
ব্যক্তিত্ব মনোবিজ্ঞান ( Personality Psychology) হৈছে মনোবিজ্ঞানৰ এটা শাখা যিয়ে ব্যক্তিত্ব আৰু ব্যক্তিৰ মাজত ইয়াৰ তাৰতম্য পৰীক্ষা কৰে। ইয়াৰ লক্ষ্য হৈছে মানসিক শক্তিৰ বাবে মানুহ কেনেকৈ ব্যক্তিগতভাৱে বেলেগ বেলেগ হয় তাক দেখুৱাব পৰা।
-
ভ্ৰম
ভ্ৰম (Illusion) হৈছে এটাক আন এটা বুলি কৰা বোধ। ভ্ৰম এটি বিকৃতি, যি মানৱ মস্তিষ্কক সাধাৰণতে সংবেদনশীল উদ্দীপনা, সংগঠিত আৰু ব্যাখ্যা কৰি প্ৰকাশ কৰিব পাৰে। ভ্ৰমে আমাৰ বাস্তৱতাৰ উপলব্ধিক বিকৃত কৰে যদিও সাধাৰণতে সেইবোৰ প্ৰায়ভাগ লোকৰ দ্বাৰাই হয়।
-
সৌন্দৰ্য
সৌন্দৰ্য (Beauty) হ'ল কোনো ব্যক্তি, জীৱ, স্থান বা বুদ্ধিৰ এনে এক বৈশিষ্ঠ যাৰ ফলত আনন্দ, অৰ্থ বা সন্তুষ্টিৰ অনুভৱ হয়। সৌন্দৰ্যক সৌন্দৰ্যতত্ত্ব, সমাজ বিদ্যা, সমাজ মনোবিজ্ঞান আৰু সংস্কৃতিৰ অংশ হিচাপে অধ্যয়ন কৰা হয়। সাংস্কৃতিক ভাবে সৌন্দাৰ্যক বিশদ ভাবে বাণিজ্যিকৰণ কৰা হৈছে।
-
ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান
ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান (Industrial and organizational psychology) হৈছে মনোবিজ্ঞানৰ ভিতৰত এক প্ৰয়োগ শৃঙ্খলা যি ঔদ্যোগিক, কৰ্ম আৰু সংস্থাগত ক্ষেত্ৰত মানুহৰ মনোভাৱ আৰু আচৰণ ব্যাখ্যা কৰে।
-
কাঠামোবদ্ধ প্ৰভাৱ
কাঠামোবদ্ধ প্ৰভাৱ হৈছে একধৰণৰ বোধগত পক্ষপাতিতা য'ত মানুহে বিকল্প এটা নিৰ্বাচনৰ সময়ত সেইটো যোগাত্মক সংকেতৰ দ্বাৰা উপস্থাপিত নে বিয়োগাত্মক সংকেতৰ দ্বাৰা উপস্থাপিত-তাৰ ওপৰত গুৰুত্ব দিয়ে। উদাহৰণস্বৰূপে-পৰাজয় অথবা প্ৰাপ্তিৰ বিষয়টো।
-
নিশ্চিতকৰণ পক্ষপাতিতা
নিশ্চিতকৰণ পক্ষপাতিতা (en-Confirmation bias) হৈছে এনে এটা প্ৰৱণতা যাৰ তাড়নাত মানুহ এজনে সেইবোৰ তথ্যকে স্মৰণ কৰে, সন্ধান কৰে, অথবা সেইবোৰ তথ্যৰ পক্ষেই সমৰ্থন আগবঢ়ায় যিবোৰে তথ্যয়েই তেওঁৰ পূৰ্ব-আৰোপিত ব্যক্তিগত বিশ্বাস অথবা প্ৰমূল্যবোৰক শক্তি যোগাব। ই একপ্ৰকাৰৰ বোধগত বা জ্ঞানীয় পক্ষপাতিতা।
-
লঙ্গৰকৰণ
লঙ্গৰকৰণ বা কেন্দ্ৰীকৰণ(en: Anchoring or Focalism) হৈছে একধৰণৰ বোধগত পক্ষপাতিতা য'ত এগৰাকী ব্যক্তিয়ে আহৰণ কৰা তথ্যৰ প্ৰথমাংশত অধিক গুৰুত্ব প্ৰদান কৰে। লঙ্গৰকৰণ উদ্ভৱ হয় তেতিয়া, যেতিয়া সিদ্ধান্তগঠনৰ সময়ত, কোনো ব্যক্তিবিশেষে এটা তথ্যৰ প্ৰথমতে পোৱা অংশটোক অগ্ৰাধিকাৰ দিয়ে আৰু তাৰ ওপৰত ভিত্তি…
-
স্ব-সেৱা পক্ষপাতিতা
স্ব-সেৱা পক্ষপাতিতা (self-serving bias) হৈছে এনে একধৰণৰ বোধগত পক্ষপাতিতা যি আত্ম-মৰ্যাদা বৰ্তাই ৰখা আৰু প্ৰোজ্জ্বল কৰাৰ প্ৰৱণতাটোৰ দ্বাৰা কক্ষচ্যুত হয়৷ এইয়া এনে এটা প্ৰৱণতা য'ত মানুহে নিজকে অধিক অনুকূলভাৱে সজাবলৈ যত্নৱান হয়৷ তেওঁলোকে সাফল্যবোৰক নিজৰ সামৰ্থ আৰু প্ৰচেষ্টাৰ লগত সংযুক্ত কৰে আৰু…
-
হতাশা
হতাশা মনৰ উছাহহীন অৱস্থা আৰু কাম-কাজৰ প্ৰতি উদাসীন এক অৱস্থা। ২০২০ চনলৈকে ইয়ে বিশ্বৰ প্ৰায় ৩.৫% বা বিশ্বৰ প্ৰায় ২৮ কোটি লোকক আক্ৰান্ত কৰে। হতাশাই ব্যক্তিৰ চিন্তা, আচৰণ, অনুভৱ আৰু সুস্থতাৰ অনুভূতিত প্ৰভাৱ পেলায়।
-
অচেতন মন
অচেতন মনৰ ধাৰণাটো মনোবিজ্ঞান অথবা মনোবিশ্লেষণৰ অন্তৰ্গত। মনৰ যিটো অংশ আমাৰ জাগ্ৰত চেতনাৰ বাহিৰত অথবা আমাৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ বাহিৰত তাকে সাধাৰণ অৰ্থত অচেতন মন বুলি কোৱা হয়। অচেতন মনে আমাৰ জৈৱিক প্ৰয়োজনৰ যেনে ভোক,পিয়াহ,টোপনি,যৌন-ক্ষুধা আদিৰ বাৰ্তা আমাৰ চেতনালৈ অথবা চেতন মনলৈ কঢ়িয়াই আনে।
-
অস্বাভাৱিক মনোবিজ্ঞান
অস্বাভাৱিক মনোবিজ্ঞান (Abnormal psychology) হৈছে মনোবিজ্ঞানৰ সেই শাখা যিয়ে আচৰণ, আৱেগ আৰু চিন্তাৰ অস্বাভাৱিক আৰ্হিৰ ওপৰত অধ্যয়ন কৰে, যিটোক সম্ভৱতঃ মানসিক বিকাৰ হিচাপে বুজিব পৰা যায়।
-
আচৰণবাদ
আচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সহাৰী জনোৱা কাৰ্যই হ'ল আচৰণ। আৰু যি তত্ত্বৰ সহায়ত এই আচৰণৰ অধ্যয়ন আৰু বিশ্লেষণ কৰা হয় সিয়েই আচৰণবাদ। আচৰণবাদীসকলে মানুহে কাহ মৰা,হাঁচি মৰা আদি সাধাৰণ শাৰীৰিক কাৰ্যৰ পৰা আৰম্ভ কৰি মানুহৰ উচ্চতম বৌদ্ধিক চিন্তা-চৰ্চালৈকে সকলো কামেই উদ্দীপক আৰু…
-
ইডিপাছ কমপ্লেক্স
ইডিপাছ কমপ্লেক্স (Oedipus complex) ধাৰণাটো মনোবিজ্ঞানৰ অৰ্থাৎ মনোবিশ্লষণৰ এটি অন্যতম ধাৰণা। ইয়াৰ অৰ্থ হ'ল পুত্ৰ সন্তানৰ মাতৃৰ প্ৰতি থকা এক ধৰণৰ অৱচেতন অনুৰাগ বা আসক্তি।
-
নাৰীবাদী মনোবিজ্ঞান
নাৰীবাদী মনোবিজ্ঞান (Feminist Psychology) হৈছে সামাজিক গাঁথনি আৰু লিংগক কেন্দ্ৰ কৰি গঢ়ি উঠা মনোবিজ্ঞানৰ এক প্ৰকাৰ। নাৰীবাদী মনোবিজ্ঞানে পুৰুষৰ দৃষ্টিকোণৰ পৰা কৰা ঐতিহাসিক মানসিক গৱেষণাৰ সমালোচনা কৰে। নাৰীবাদী মনোবিজ্ঞান নাৰীবাদৰ মূল্যবোধ আৰু নীতিৰ ওপৰত কেন্দ্ৰীভূত।
-
প্ৰাথমিক আৰোপন ত্ৰুটি
প্ৰাথমিক আৰোপন ত্ৰুটি (fundamental attribution error)ৰ আন দুটা নাম হৈছে সংযুক্তি পক্ষপাতিতা (correspondence bias) আৰু আৰোপন প্ৰভাৱ (attribution effect)৷ সামাজিক মনোবিজ্ঞানত প্ৰাথমিক আৰোপন ত্ৰুটিক একধৰণৰ প্ৰৱণতাৰ জৰিয়তে চিহ্নিত কৰা হয়৷ যাৰ জৰিয়তে মানুহে কোনো ব্যক্তিবিশেষৰ আচৰণৰ ক্ষেত্ৰত…
-
বিশ্বাস
বিশ্বাস (Belief) হ’ল কিবা এটা সঁচা বা পৰিস্থিতিৰ অৱস্থা সঁচা বুলি ভবা ব্যক্তিগত মনোভাৱ। বিষয়ভিত্তিক মনোভাৱ হ’ল কিবা এটা বিষয়ত কিবা এটা স্থিতি, গ্ৰহণ বা মতামত থকাৰ মানসিক অৱস্থা। জ্ঞানতত্ত্বত দাৰ্শনিকসকলে "বিশ্বাস" শব্দটো ব্যৱহাৰ কৰি পৃথিৱীৰ বিষয়ে এনে মনোভাৱক বুজায় যিবোৰ সঁচা বা মিছা হ'ব পাৰে।
-
বিশ্লেষণাত্মক মনোবিজ্ঞান
বিশ্লেষণাত্মক মনোবিজ্ঞানক (Analytical psychology, জাৰ্মান: Analytische Psychologie) কেতিয়াবা বিশ্লেষণাত্মক মনোবিজ্ঞান বুলি অনুবাদ কৰা হয় আৰু ইয়াক জংগিয়ান বিশ্লেষণ বুলিও কোৱা হয়।
-
বেণ্ডৱাগন প্ৰভাৱ
বেণ্ডৱাগন প্ৰভাৱ হৈছে এটা বিশেষ প্ৰপঞ্চ। কোনো এটা বিশেষ সিদ্ধান্ত, ধাৰণা অথবা বিশ্বাসত পতিয়ন যোৱা মানুহৰ সংখ্যাটো বেছি হোৱাৰ লগে লগে সেইবোৰৰ গ্ৰহণযোগ্যতাৰ হাৰো বৃদ্ধি পাবলৈ ধৰে।
-
ব্যক্তিত্ব
ব্যক্তিত্ব (Personality) হৈছে জৈৱিক আৰু পৰিৱেশগত কাৰকৰ পৰা গঠিত আচৰণ, জ্ঞান আৰু আৱেগিক আৰ্হিৰ বৈশিষ্ট্যপূৰ্ণ সমষ্টি, আৰু যিবোৰ সময়ৰ লগে লগে সলনি হয়। ব্যক্তিত্বৰ কোনো সাধাৰণভাৱে একমত সংজ্ঞা নাই যদিও বেছিভাগ তত্ত্বই কোনোবাই আগুৰি থকা পৰিৱেশৰ সৈতে প্ৰেৰণা আৰু মানসিক পাৰস্পৰিক ক্ৰিয়াৰ ওপৰত গুৰুত্ব…
-
ব্যৱহাৰিক মনোবিজ্ঞান
ব্যৱহাৰিক মনোবিজ্ঞান (Applied Psychology)হৈছে মানৱ আৰু প্ৰাণীৰ আচৰণ আৰু অভিজ্ঞতাৰ ব্যৱহাৰিক সমস্যা সমাধানৰ বাবে মানসিক পদ্ধতি আৰু বৈজ্ঞানিক মনোবিজ্ঞানৰ তথ্যৰ ব্যৱহাৰ।
-
সুখ
সুখ ভালে থকাৰ এক মানসিক অৱস্থা যাক যথেষ্ট অনুভৱ কৰাৰপৰা অতি স্ফূৰ্তি লৈকে ধনাত্মক বা ভাল লগা ভাবেৰে সংজ্ঞায়িত কৰা হয়। অনেকে সুখক জীৱবৈজ্ঞানিক, মনোবৈজ্ঞানিক, ধাৰ্মিক আৰু দাৰ্শনিক মাধ্যমেৰে সংজ্ঞায়িত কৰিবলৈ চেষ্টা কৰিছিল।
-
অন্ধকাৰ ত্ৰয়ী
অন্ধকাৰ ত্ৰয়ী(Dark Triad) হৈছে ব্যক্তিত্বৰ এক মানসিক তত্ত্ব, যাক প্ৰথমবাৰৰ বাবে ডেলৰয় এল পলহাছ আৰু কেভিন এম উইলিয়ামছে ২০০২ চনত প্ৰকাশ কৰিছিল, অন্ধকাৰ ত্ৰয়ীয়ে তিনিটা উল্লেখযোগ্যভাৱে আপত্তিজনক, কিন্তু অ-ৰোগজনিত ব্যক্তিত্বৰ প্ৰকাৰৰ বৰ্ণনা কৰে: কপটতা (Machiavellianism), আত্মমুগ্ধতা(sub-clinical…