ৰসায়ন বিজ্ঞানৰ এই শাখাটোত ঘাইকৈ অজৈৱ মৌল আৰু যৌগৰ গুণাগুণ অধ্যয়ন কৰা হয়। জৈৱ যৌগসমূহ বাদ দি আন সকলো ৰাসায়নিক পদাৰ্থৰ অধ্যয়ন ইয়াত সন্নিবিষ্ট। জৈৱ ৰসায়নৰ লগত ইয়াৰ পাৰ্থক্য লক্ষনীয় যদিও কিছু ক্ষেত্ৰত যেনে- জৈৱ-ধাতৱিক ৰসায়ন (ধাতৱিক কাৰ্বনেট)ৰ বেলিকা দুয়োটাৰ মিল দেখা যায়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজৈৱ ৰসায়ন” প্ৰবন্ধৰ সংশোধন ২৭০৮৯৮ (১২ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।