অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

মহাকৰ্ষণ

মহাকৰ্ষণ (ইংৰাজী: gravitation) হৈছে এক প্ৰাকৃতিক পৰিঘটনা, যাৰ দ্বাৰা ভৌতিক পদাৰ্থসমূহে ইয়াৰ ভৰৰ সমানুপাতিক এক বলৰ জৰিয়তে আন পদাৰ্থক আকৰ্ষণ কৰিব পাৰে। দৈনন্দিন জীৱনত মহাকৰ্ষণ এক অতিকে পৰিচিত পৰিঘটনা, ইয়ে ভৰযুক্ত বস্তুৰ ওজনৰ কাৰক, আৰু যেতিয়া কোনো এটা বস্তু ওপৰৰ পৰা এৰি দিয়া হয় তেতিয়া বস্তুটো…

হালনাগাদ: ৭ ফেব্ৰুৱাৰী ২০১৭ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

মহাকৰ্ষণ (ইংৰাজী ভাষা: gravitation) হৈছে এক প্ৰাকৃতিক পৰিঘটনা, যাৰ দ্বাৰা ভৌতিক পদাৰ্থসমূহে ইয়াৰ ভৰৰ সমানুপাতিক এক বলৰ জৰিয়তে আন পদাৰ্থক আকৰ্ষণ কৰিব পাৰে। দৈনন্দিন জীৱনত মহাকৰ্ষণ এক অতিকে পৰিচিত পৰিঘটনা, ইয়ে ভৰযুক্ত বস্তুৰ ওজনৰ কাৰক, আৰু যেতিয়া কোনো এটা বস্তু ওপৰৰ পৰা এৰি দিয়া হয় তেতিয়া বস্তুটো ঘূৰি আহি মাটিত পৰাৰ কাৰণো এই মহাকৰ্ষণেই। মহাকৰ্ষণৰ ফলতেই বিশৃংখলিত (ইংৰাজী ভাষা: dispersed) পদাৰ্থ সংগঠিত (ইংৰাজী ভাষা: coalesce) হ'ব পাৰে আৰু সংগঠিত পদাৰ্থ অক্ষত (ইংৰাজী ভাষা: intact) অৱস্থাত থাকিব পাৰে। এই প্ৰক্ৰিয়াৰ দ্বাৰাই পৃথিৱী আৰু সূৰ্যকে ধৰি বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ পদাৰ্থ আৰু বস্তু বৰ্তি আছে। মহাকৰ্ষণৰ প্ৰভাৱতেই সূৰ্যৰ চৰিওফালে পৃথিৱীকে ধৰি অন্যান্য গ্ৰহসমুহে নিৰ্দিষ্ট কক্ষপথত প্ৰদক্ষিণ কৰি আছে, সেই একেই প্ৰক্ৰিয়াৰে চন্দ্ৰই পৃথিৱীৰ চৌপাশে পৰিভ্ৰমণ কৰে। সাগৰত জোৱাৰৰ সৃষ্টি, প্ৰাকৃতিক তাপ পৰিচলন ( যাৰ জৰিয়তে ঘনত্ব নতি (বা নতিমাত্ৰা) (ইংৰাজী ভাষা: density gradient) আৰু মধ্যাকৰ্ষণৰ প্ৰভাৱত তৰল প্ৰবাহিত হয়), উত্তাপনৰ জৰিয়তে সংগঠিত তৰা আৰু গ্ৰহৰ অৰ্ন্তভাগৰ উচ্চ উষ্ণতা, আৰু পৃথিৱীত সংঘটিত আন বহুতো পৰিঘটনাৰ মূলতে হৈছে মহাকৰ্ষণ।

সম্পৰ্কিত শ্ৰেণী

ধ্ৰুপদী বলবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাকৰ্ষণ” প্ৰবন্ধৰ সংশোধন ১৬৫৭৩১ (৭ ফেব্ৰুৱাৰী ২০১৭)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।