পৰিৱেশ বিজ্ঞান
২৩ প্ৰবন্ধ
-
আই ইউ চি এন ৰঙা তালিকা
আই ইউ চি এন ৰঙা তালিকা (IUCN Red List বা IUCN Red List of Threatened Species) ১৯৬৩ চনত প্ৰতিষ্ঠিত বিশ্বৰ অধিকাংশ জীৱৰ বৰ্তমান অৱস্থা আৰু আনুষাঙ্গিক তথ্য সম্বলিত তালিকা বিশেষ; যি তালিকাৰ যোগে প্ৰতিটো প্ৰজাতিৰ বৰ্তমান অৱস্থা অথবা বিলুপ্তিৰ সম্ভাৱনা সম্পৰ্কে সম্যক ধাৰণা পোৱা যায়।
-
মৰুভূমি
মৰুভূমি (Desert) হ’ল এক অতি শুকান বিস্তৃত অঞ্চল বা ভূ-মণ্ডল। ইয়াত বৰষুণৰ পৰিমাণ অতি কম। ইয়াত নামমাত্ৰ হে গছ-গছনিৰে ভৰা ঠাই আছে আৰু যিখিনি আছে অতি সোনকালে শুকাই যায়, যদিহে বাহিৰৰ পৰা পানী যোগান ধৰা নহয় মৰুভূমিৰ অৰ্থ আমি এনেকেও বুজিব পাৰো, যি অঞ্চলত বহু অংশ পানী বাষ্পীভূত হৈ হেৰাই যায়, আৰু…
-
গোলকীয় উষ্ণতা বৃদ্ধি
গোলকীয় উষ্ণতা বৃদ্ধি হ'ল পৰিৱেশৰ প্ৰতি এটা ভয়ানক প্ৰত্যাহ্বান। পৃথিৱীৰ জলবায়ু তন্ত্ৰৰ গড় উষ্ণতা দিনক দিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ১৯৭১ চনৰ পৰা, বৰ্ধিত শক্তিৰ ৯০% সাগৰ-মহাসাগৰত জমা হৈছে, মুখ্যতঃ ০ ৰ পৰা ৭০০ মি. অঞ্চলত।
-
জৈৱ বৈচিত্ৰ্য
জৈৱ বৈচিত্ৰ্য (Biodiversity) ই জীৱিত প্ৰজাতিৰ বিভিন্নতা আৰু সিহঁতে বাস কৰা জটিল পৰিবেশ তন্ত্ৰৰ বিষয়ে আভাস দিয়ে। অতি শুকান মৰুভূমিৰ পৰা ক্ৰান্ত্ৰীয় বৃষ্টি অৰণ্যলৈ, বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা সাগৰৰ গভীৰতালৈ বিস্তৃত হৈ থকা বিভিন্ন প্ৰজাতিৰ জীৱবোৰে ৰং, আকৃতি, আকাৰ ইত্যাদিৰ বিভিন্নতা থকা সত্ত্বেও…
-
পৰিৱেশ বিজ্ঞান
পৰিৱেশ বিজ্ঞান ( ইংৰাজী: Environmental science ) হৈছে, ভৌতিক, জীৱবৈজ্ঞানিক আৰু তথ্য-প্ৰযুক্তিৰ সমন্বয়ত পৰিৱেশ আৰু পৰিৱেশৰ বিভিন্ন সমস্যাসমূহৰ অধ্যয়ন তথা সমাধানৰ সৈতে জড়িত বিজ্ঞানৰ এটা বহুবিভক্ত শাখা।
-
পৃথিৱীৰ বায়ুমণ্ডল
পৃথিৱীৰ বায়ুমণ্ডল হৈছে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ দ্বাৰা ধৰি ৰখা গেছৰ স্তৰ, যাক সামূহিকভাৱে বায়ু বুলি জনা যায়, যিয়ে পৃথিৱীক আগুৰি ধৰি ইয়াৰ গ্ৰহীয় বায়ুমণ্ডল গঠন কৰে।
-
বৰ্ষাৰণ্য
বৰ্ষাৰণ্য (Rain Forest) হৈছে সেইবোৰ অৰণ্যাঞ্চল যিবোৰত বছৰটোৰ সকলো সময়তে মাত্ৰাধিক বৰষুণ হয়। এনে অৰণ্য নিৰৱচ্ছিন্ন সেমেকা জলবায়ু সহিব পৰা বৃহৎ গছেৰে বিশেষকৈ চিৰসেউজ উদ্ভিদেৰে পৰিপূৰ্ণ হৈ থাকে। বৰ্ষাৰণ্যত ১৮০-২২০ ফুট পৰ্যন্ত উচ্চতাৰ গছ দেখিবলৈ পোৱা যায়।
-
প্ৰাকৃতিক পৰিৱেশ
প্ৰাকৃতিক পৰিৱেশ বুলিলে পৃথিৱী বা ইয়াৰ কোনো এটা অঞ্চলৰ সমগ্ৰ জীৱ আৰু জড়সমূহক একেলগে বুজায়। ই সকলো জীৱিত প্ৰজাতিৰ এটা পাৰস্পৰিক ক্ৰিয়াৰ পৰিৱেশ। এই ধাৰণাটো কিছুমান মৌলৰ দ্বাৰা প্ৰকাশ কৰা হয়: * সম্পূৰ্ণ পৰিস্থিতিক গোট যি মানুহৰ হস্তক্ষেপৰ অবিহনে সকলো উদ্ভিদ, অণুজীৱ, মাটি, শিল, বায়ুমণ্ডল আৰু সেই…
-
পৰিস্থিতিতন্ত্ৰ
পৰিস্থিতিতন্ত্ৰ বা পৰিৱেশ ব্যৱস্থা, পৰিৱেশ আৰু ইয়াত বাস কৰা জীৱই পাৰস্পৰিক ক্ৰিয়াৰ জৰিয়তে গঠন কৰা ব্যৱস্থা। জৈৱিক আৰু অজৈৱিক উপাদানসমূহ পুষ্টি চক্ৰ আৰু শক্তিৰ প্ৰবাহৰ জৰিয়তে একেলগে সংযুক্ত হৈ থাকে। পৰিস্থিতিতন্ত্ৰসমূহ বাহ্যিক আৰু অভ্যন্তৰীণ কাৰকৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।
-
বায়ু প্ৰদূষণ
বায়ু প্ৰদূষণ(Air pollution) হ’ল বায়ুমণ্ডলত প্ৰদূষক পদাৰ্থৰ উপস্থিতিৰ ফলত বায়ু দূষিত হোৱা, যিয়ে মানুহ আৰু অন্যান্য জীৱৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু জলবায়ু বা বয়-বস্তুৰ ক্ষতি সাধন কৰে।
-
প্ৰাকৃতিক সম্পদ
প্ৰাকৃতিক সম্পদ (Natural Resources) হৈছে প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদাৰ্থ জীৱৰ জীৱন তথা জীৱনধাৰণৰ বাবে আৱশ্যক। মাটি,পানী,বায়ু,খনিজ পদাৰ্থ,উদ্ভিদ তথা প্ৰাণী আদি সকলো প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত।
-
সেউজ গৃহ প্ৰভাৱ
সেউজ গৃহ প্ৰভাৱ (Green house effect) বিভিন্ন উৎসৰ পৰা ওলোৱা ধূলি, ধোৱা বাষ্প আদিয়ে বায়ুমণ্ডলক আচ্ছাদিত কৰি কুঁৱলীৰ সৃষ্টি কৰে। এই কুঁৱলীৰ ফলত বায়ুমণ্ডলৰ অস্পষ্টতা বাঢ়ে।
-
পৰিৱেশ অধ্যয়ন
পৰিৱেশ অধ্যয়ন বিষয়টো তাত্বিক আৰু বিৱব্যৱাহাৰি ব্যাখ্যা কৰা�� অধ্যয়ন ( ইংৰাজী: Environmental studies ) হৈছে বিভিন্ন জটিল সমস্যা সমাধানৰ অৰ্থে পৰিৱেশ আৰু মানুহৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াসমূহৰ অধ্যয়ন। পৰিৱেশ অধ্যয়নত প্ৰাকৃতিক পৰিৱেশ, মানৱ সৃষ্ট পৰিৱেশ আৰু সিহঁতৰ মাজৰ সমন্ধ সম্পৰ্কেও অধ্যয়ন কৰা হয়।
-
পৰিস্থিতি বিজ্ঞান
পৰিস্থিতি বিজ্ঞান হৈছে কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত সেই অঞ্চলৰ সকলো প্ৰকাৰৰ জীৱৰ আন্তঃক্ৰিয়াসমূহৰ বৈজ্ঞানিক অধ্যয়ন। জীৱবিজ্ঞান আৰু ভূবিজ্ঞানক সাঙুৰি ই এটা বহু শাখাযুক্ৰ ক্ষেত্ৰ।
-
প্ৰদূষণ
প্ৰদূষণ হ’ল প্ৰাকৃতিক পৰিৱেশত দূষিত পদাৰ্থৰ প্ৰৱেশ ঘটাৰ ফলত হোৱা পৰিৱেশৰ বিৰূপ পৰিবৰ্তন। প্ৰদূষণে যিকোনো পদাৰ্থ (কঠিন, তৰল বা গেছ) বা শক্তি (যেনে তেজস্ক্ৰিয়তা, তাপ, শব্দ বা পোহৰ)ৰ ৰূপ ল’ব পাৰে। প্ৰদূষণৰ কাৰক অৰ্থাৎ প্ৰদূষকসমূহ বিদেশী পদাৰ্থ/শক্তি বা প্ৰাকৃতিকভাৱে পোৱা যিকোনো কাৰক হ’ব পাৰে।
-
এচিদ বৰষুণ
অম্লবৃষ্টি বা এচিড-বৰষুণ (Acid rain) বৰ্ত্তমান শতিকাৰ এক অন্যতম বিশ্বজনীন সমস্যা। কল-কাৰখানা আৰু উদ্যোগবিলাকত ব্যৱহাৰ হোৱা বিভিন্ন জৈৱিক ইন্ধনবিলাকৰ দহনৰ ফলত প্ৰচুৰ পৰিমাণৰ ছালফাৰ-ডাই-অক্সাইড, নাইট্ৰ'জেন অক্সাইড আৰু হাইড্ৰ'জেন ক্লৰাইড আদি গেছ বায়ুমণ্ডললৈ নিৰ্গত হয়।
-
বন্ধ পৰিৱেশ ব্যৱস্থা
বন্ধ পৰিৱেশ ব্যৱস্থা বা নিহিত পৰিৱেশ ব্যৱস্থা (CES) হৈছে এনে পৰিৱেশ তন্ত্ৰ যিয়ে জীৱন ৰক্ষা কৰাত সহায় কৰিবলৈ ব্যৱস্থাৰ বাহিৰৰ কোনো অংশৰ সৈতে পদাৰ্থ বিনিময়ৰ ওপৰত নিৰ্ভৰ নকৰে। এই শব্দটো বেছিভাগেই সৰু, মানৱসৃষ্ট পৰিৱেশ তন্ত্ৰক বুজাবলৈ ব্যৱহাৰ কৰা হয়।
-
মানৱ অধিকাৰ আৰু জলবায়ু পৰিৱৰ্তন
মানৱ অধিকাৰ আৰু জলবায়ু পৰিৱৰ্তন (Human Rights and Climate Change) হৈছে এক ধাৰণামূলক আৰু আইনী পৰিকাঠামো যাৰ অধীনত আন্তৰ্জাতিক মানৱ অধিকাৰ আৰু গোলকীয় উত্তাপনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক অধ্যয়ন, বিশ্লেষণ আৰু সম্বোধন কৰা হয়।
-
ইৰানৰ জলবায়ু পৰিবৰ্তন
ইৰানৰ জলবায়ু পৰিৱৰ্তনয়ে পৰিৱেশত বিশেষ প্ৰভাৱ পেলাইছে। মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা (MENA) অঞ্চলৰ জলবায়ু পৰিৱৰ্তনৰ বাবে আটাইতকৈ সংবেদনশীল দেশসমূহৰ ভিতৰত ইৰাণ অন্যতম।
-
ইৰানৰ পানী মাফিয়া
ইৰানৰ পানী মাফিয়া (Water Mafia in Iran) (পাৰ্চী ভাষাত مافیای آب) শব্দটো চৰকাৰী বিষয়া, ঠিকাদাৰ আৰু নিৰাপত্তা সংস্থাৰ অনানুষ্ঠানিক, শক্তিশালী আৰু দুৰ্নীতিগ্ৰস্ত নেটৱৰ্কক বুজাবলৈ ব্যৱহাৰ কৰা হয় যিয়ে ইৰাণৰ জলসম্পদ নিয়ন্ত্ৰণ কৰি নিজৰ ব্যক্তিগত আৰু ৰাজনৈতিক স্বাৰ্থৰ সেৱা কৰে।
-
ইৰানৰ পৰিবেশৰ সমস্যা
ইৰানৰ পৰিবেশৰ সমস্যা ইৰাণ হ'ল বিশ্বৰ অন্যতম বৃহৎ আৰু ঘন জনবসতিপূৰ্ণ দেশ, ইয়াৰ আয়তন প্ৰায় ১৭ লাখ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ৯ কোটি ১৫ লাখ। ১৯৬৬ চনৰপৰা ইৰাণত জনসংখ্যাৰ অপৰিসীম বৃদ্ধি হৈছে, প্ৰথম অৱস্থাত ২৫,৭৮১,০৯০ জন লোকৰ সংখ্যা আৰু ২০১০ চনত মুঠ জনসংখ্যা ৭৫,৩৩০,০০০ হৈছিল।
-
জীৱমণ্ডল
জীৱমণ্ডল বা জৈৱ-মণ্ডল(প্ৰাচীন গ্ৰীক βίος (bíos) 'জীৱন' আৰু σφαῖρα (sphaîra) 'গোলক’ৰ পৰা), ইক'স্ফিয়াৰ বুলিও কোৱা হয় (প্ৰাচীন গ্ৰীক οἶκος (oîkos) 'বসতি, ঘৰ' আৰু σφαῖρα (sphaîra) 'গোলক'ৰ পৰা), হৈছে সকলো পৰিৱেশ তন্ত্ৰৰ বিশ্বব্যাপী যোগফল। ইয়াক পৃথিৱীৰ জীৱৰ জ’ন বুলিও ক’ব পাৰি।
-
তাহিৰ কুৰেছি
তাহিৰ কুৰেছি পাকিস্তানৰ এজন পৰিৱেশবিদ আছিল। তাহিৰ কুৰেছি এজন মেংগ্ৰোভ মেন বা মেংগ্ৰোভ হিৰো হিচাপে জনাজাত।(জন্ম,১৯৪৬-মৃত্যু,২০২০ চনত, উৰ্দু ভাষাত بائے مینگروز پاکستان) আছিল আই ইউ চি এন আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ (IUCN International Union for Conservation of Nature) ৰ এজন জ্যেষ্ঠ পাকিস্তানৰ…