জ্যোতিৰ্পদাৰ্থ বিজ্ঞান
৮ প্ৰবন্ধ
-
কৃষ্ণগহ্বৰ
কৃষ্ণগহ্বৰ (Black hole) হৈছে মহাকাশৰ একো একোটা বিশেষ অঞ্চল, য'ৰ পৰা একোয়েই, আনকি পোহৰো; ওলাই যাব নোৱাৰে। সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব অনুসৰি পৰ্যাপ্তভাৱে গাঢ় (compact) বা অতি ঘনত্ব বিশিষ্ট ভৰপিণ্ডই কাল-স্থান (Spacetime) স্থানাংক তন্ত্ৰৰ নিজস্ব বিশেষ স্থানত সৃষ্টি কৰা বিকৃতি(deformation)ৰ জৰিয়তে…
-
প্লাজমা
প্লাজমা পদাৰ্থৰ তথাকথিত চতুৰ্থ অৱস্থা (কঠিন, তৰল আৰু গেছীয়ৰ পিছৰ অৱস্থা )। ১৯২০ চনত ৰসায়নবিদ আৰভিং লেংমুৰিৰে পোনপ্ৰথমে প্লাজমা শব্দটো আগবঢ়াইছিল। প্লাজমা হৈছে আয়নিত গেছ যত মুক্ত ইলেক্ট্ৰন আৰু ধনাত্মক আয়নৰ সংখ্যা প্ৰায় সমান।
-
নিউট্ৰন তৰা
নিউট্ৰণ তৰাবোৰ এক প্ৰকাৰৰ নাক্ষত্ৰিক অৱশিষ্ট যিবোৰ অতিমাত্ৰা ভৰৰ নীহাৰিকা (প্ৰকাৰ II, প্ৰকাৰ Ib বা প্ৰকাৰ Ic)ৰ বিস্ফোৰণৰ পিছত হোৱা মহাকৰ্ষণিক সংকোচনৰ ফলত সৃষ্টি হয়। এনেকুৱা তৰাবোৰ সম্পূৰ্ণৰূপে নিউট্ৰন নামৰ এক উপ-আণৱিক, আধানহীন আৰু প্ৰ’টনতকৈ সামাণ্য ভৰযুক্ত কণাৰে গঠিত।
-
সূৰ্য গ্ৰহণ
সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ নিজ-নিজ কক্ষপথত আৱৰ্তন কৰি থাকোঁতে কেতিয়াবা চন্দ্ৰ যেতিয়া পৰিভ্ৰমণৰ অৱস্থাত কিছু সময়ৰ বাবে পৃথিৱী আৰু সূৰ্যৰ মাজত অৱস্থান কৰে, তেতিয়া পৃথিবীৰ কোনো দৰ্শকৰ বাবে সূৰ্য আংশিক বা সম্পূৰ্ণৰূপে অদৃশ্য হৈ পৰে (কিছু সময়ৰ বাবে)। এই ঘটনাকে সূৰ্যগ্ৰহণ বোলা হয়।
-
আলোক-বৰ্ষ
এক আলোক-বৰ্ষ বা পোহৰ-বৰ্ষ (ইংৰাজীত Light-year বা light year, চমুকৈ: ly) মহাজাগতিক দূৰত্ব সূচিত কৰা এটা একক। ই প্ৰায় ৯ লাখ কোটি কিলোমিটাৰ (বা প্ৰায় ৬ লাখ কোটি মাইলৰ সমান)। আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংস্থা (IAU)-ৰ মতে, এক আলোক বৰ্ষ হৈছে এক জুলিয়ান বৰ্ষত পোহৰে অতিক্ৰম কৰিব পৰা দূৰত্ব।
-
বাওনা গ্ৰহ
বাওনা গ্ৰহ (Dwarf planet) হ’ল সৌৰজগতৰ এক ধৰনৰ জ্যোতিষ্ক। প্লুটো, হাউনেয়া, মাকেমাকে(makemake) আৰু এৰিছ বৃহৎ আকাৰৰ বাবে নিজ মধ্যাকৰ্ষণ শক্তিৰ ফলত গোলাকাৰ হোৱা বাবে বাওনা গ্ৰহ(dwarf planet) বুলিও কোৱা হয়।
-
জ্যোতিৰ্পদাৰ্থ বিজ্ঞান
জ্যোতি পদাৰ্থ ৰ্বিজ্ঞান (Astrophysics) জ্যোতিৰ্বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ ঊমৈহতীয়া ভাগ, য’ত জ্যোতিৰ্বিজ্ঞানৰ অৱয়ব সমূহৰ ভোতিক ধৰ্ম আৰু সিহঁতৰ পৰস্পৰে পৰস্পৰৰ ওপৰত কৰা ক্ৰিয়াৰ অলোচনা কৰা হয়।
-
দেৰগাঁও উল্কাপিণ্ড
দেৰগাঁও উল্কাপিণ্ড নামেৰে নামাংকিত এই উল্কাপিণ্ডটো ২০০১ চনৰ ২ মাৰ্চ তাৰিখে বিয়লি প্ৰায় ৪:৪০ বজাত অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱত (অক্ষাংশ: ২৬°৪১' উত্তৰ দ্ৰাঘিমাংশ: ৯৩°৫২' পূব) পৰিছিল।