অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

অণুজীৱবিজ্ঞান

অণুজীৱবিজ্ঞান (Microbiology) চকুৰে মণিব নোৱাৰা জীৱ বা জীৱসদৃশ কণাৰ জীৱন প্ৰণালী, ইহঁতৰ প্ৰভাৱ, প্ৰতিৰোধ আৰু শৰীৰে এনে জীৱৰ প্ৰতি দেখুওৱা প্ৰতিক্ৰিয়াৰ অধ্যয়ন। এই বিষয়ৰ ক্ষুদ্ৰ জীৱ যেনে, ভাইৰাছ, বেক্টেৰিয়া, পৰজীৱী, ভেঁকুৰ, পেলু ইত্যাদি সাঙুৰি লোৱা হয়।

হালনাগাদ: ১০ ডিচেম্বৰ ২০১৩ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

অণুজীৱবিজ্ঞান (Microbiology) চকুৰে মণিব নোৱাৰা জীৱ বা জীৱসদৃশ কণাৰ জীৱন প্ৰণালী, ইহঁতৰ প্ৰভাৱ, প্ৰতিৰোধ আৰু শৰীৰে এনে জীৱৰ প্ৰতি দেখুওৱা প্ৰতিক্ৰিয়াৰ অধ্যয়ন।১ এই বিষয়ৰ ক্ষুদ্ৰ জীৱ যেনে, ভাইৰাছ, বেক্টেৰিয়া, পৰজীৱী, ভেঁকুৰ, পেলু ইত্যাদি সাঙুৰি লোৱা হয়। প্ৰিঅ'নৰ দৰে অজীৱ কিন্তু জীৱিন্ত লক্ষণ থকা কণাসমূহকো এই বিজ্ঞানৰ ভিতৰতে অধ্যয়ন কৰা হয়। শৰীৰে অনুজীৱৰ সংক্ৰমণৰ প্ৰতি প্ৰতিৰোধী ব্যৱস্থাৰে (Immune System) প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অণুজীৱবিজ্ঞানৰ আওতাতে প্ৰতিৰোধী ব্যৱস্থাও অধয়্যন কৰা হয়। অধ্যয়নৰ বিষয় ভেদে অণুজীৱবিজ্ঞানক ভাইৰ'লজী, বেক্টেৰিঅ'লজী, পেৰাছাইট'লজী, মাইক'লজী, ইম্যুনোলজী আদি ভাগত ভগোৱা হৈছে। অধ্যয়নৰ উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি অণুজীৱবিজ্ঞানক চিকিৎসা অণুজীৱবিজ্ঞান, কৃষি অণুজীৱবিজ্ঞান, ঔষধি অণুজীৱবিজ্ঞান ইত্যাদি বহুতো ভাগত ভাগ কৰা হৈছে। চিকিৎসা অণুজীৱবিজ্ঞানত মানৱ দেহত ৰোগৰ সৃষ্টি কৰিব পৰা অণুজীৱ বিলাকৰ বিষয়ে অধ্যয়ন কৰা হয়। তেনেকৈ কৃষিৰ ক্ষেত্ৰত বেমাৰ সৃষ্টি কৰিব পৰা অণুজীৱৰ অধ্যয়ন কৰা হয় কৃষি অণুজীৱবিজ্ঞানত।

অণুজীৱবিজ্ঞানৰ বিশেষজ্ঞ সকলক মাইক্ৰ'বায়োলজিষ্ট বোলা হয়।

তথ্যসূত্ৰ

  1. ↑ www.britannica.com/EBchecked/topic/380246/microb আহৰণ কৰা তাৰিখঃ ০৬-০৩-২০১২

সম্পৰ্কিত শ্ৰেণী

বিজ্ঞানচিকিৎসা বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অণুজীৱবিজ্ঞান” প্ৰবন্ধৰ সংশোধন ১৩০৪১৩ (১০ ডিচেম্বৰ ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।