কোৱাণ্টাম বলবিজ্ঞান
৫ প্ৰবন্ধ
-
কোৱাণ্টাম বলবিজ্ঞান
কোৱাণ্টাম বলবিজ্ঞান (Quantum mechanics) পদাৰ্থ বিজ্ঞানৰ এক শাখা, যি পাৰমাণৱিক আৰু অতি পাৰমাণবিক স্তৰত দ্বৈত ধৰ্ম, অৰ্থাৎ কণা সদৃশ আৰু তৰংগ সদৃশ আচৰণ আৰু শক্তি আৰু পদাৰ্থৰ পাৰস্পৰিক ক্ৰিয়া সৰ্ম্পকীয় ব্যাখ্যা আগবঢ়ায়।
-
পাউলিৰ নিষেধ নীতি
পাউলিৰ নিষেধ নীতি (Pauli's exclusion principle) কোৱাণ্টাম বলবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ নীতি। এই নীতিমতে কোনো এটা কোৱাণ্টাম প্ৰণালীত দুটা বা তাতকৈ অধিক একে ফাৰ্মিয়ন (অৰ্দ্ধ-অখণ্ড স্পিন বিশিষ্ট কণা) একেটা কোৱাণ্টাম অৱস্থাত যুগপৎভাৱে থাকিব নোৱাৰে।
-
আলোক বিদ্যুৎ পৰিঘটনা
যেতিয়া কোনো ধাতৱ পৃষ্ঠত উপযুক্ত তৰংগদৈৰ্ঘ্যৰ পোহৰ (উদাহৰণস্বৰূপে জিংক পাটত অতিবেঙুনী পোহৰ আৰু ছডিয়াম, পটাছিয়াম, লিথিয়ামত দৃশ্যমান পোহৰ) পৰে, তেতিয়া পৃষ্ঠখনৰ পৰা ইলেকট্ৰন নিৰ্গমণ হয়। এই পৰিঘটনাটোকেই আলোক-বিদ্যুৎ পৰিঘটনা (ইংৰাজী: Photoelectric effect) বুলি কোৱা হয়।
-
প্লেংকৰ ধ্ৰুৱক
প্লেংকৰ ধ্ৰুবক (Planck constant) হৈছে এটা মৌলিক ধ্ৰুবক সংখ্যা যাৰ মান শক্তিৰ এক কোৱান্টামৰ অন্তৰ্নিহিত শক্তি আৰু এই কোৱান্টামৰ কম্পনাঙ্কৰ অনুপাতৰ সমান। এই ধ্ৰুবকক ⟨\,h⟩ দ্বাৰা সূচিত কৰা হয়।
-
কোৱাণ্টাম ডট্
কোৱাণ্টাম ডট (Quantum dot) এনে এক বিশেষ আকাৰত থকা পদাৰ্থ (প্ৰধানতঃ অৰ্ধপৰিবাহী) য’ত এক্সাইট’ন (exciton) (এযোৰ ইলেক্ট্ৰন আৰু হ’ল) তিনিওটা দিশৰ পৰাই আৱদ্ধ হৈ থাকে। এই কোৱাণ্টাম ডটবোৰৰ ধৰ্ম সেই পদাৰ্থবিধৰ আনবিক অবস্থা আৰু স্থূল অৱস্থাৰ ধৰ্মৰ মাজত থাকে।