সৌৰজগত
১৬ প্ৰবন্ধ
-
পৃথিৱী
পৃথিৱী (Earth) হৈছে মানুহসহ কোটি কোটি প্ৰজাতি জীৱৰ আবাসস্থল। ই এটা মধ্যমীয়া আকাৰৰ গ্ৰহ। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে পৃথিৱীৰ স্থান তৃতীয়। সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব ১৪.৯৬ কোটি কিলোমিটাৰ। লেটিন ভাষাত এই গ্ৰহৰ নাম টেৰা (Terra)।
-
সূৰ্য
সৌৰজগতৰ কেন্দ্ৰত থকা নক্ষত্ৰটো হ’ল বেলি বা সূৰ্য। সৌৰজগতৰ মুঠ ভৰৰ ৯৮.৫% ভৰৰ গৰাকী হ’ল সূৰ্য। পৃথিৱী সূৰ্যৰ পৰা গড়ে ১৪,৯৫,৭৮,০০০ কিমি (৯,২৯,৫৬,০০০ মাইল) আঁতৰত আছে। পোহৰে এই দূৰত্ব অতিক্ৰম কৰিবলৈ ৮ মিনিট ১৯ ছেকেণ্ড সময় লয়।
-
চন্দ্ৰ
চন্দ্ৰ বা জোন পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ। চন্দ্ৰ সৌৰজগতৰ বৃহৎ উপগ্ৰহসমূহৰ অন্যতম, আৰু গ্ৰহৰ আকাৰ আৰু উপগ্ৰহৰ আকাৰৰ অনুপাতৰ ক্ষেত্ৰত সৌৰজগতৰ ভিতৰতে সৰ্ববৃহৎ। চন্দ্ৰৰ উৎপত্তি প্ৰায় ৪৫০ কোটি বৰ্ষৰ পূৰ্বে হোৱা বুলি ধাৰণা কৰা হয়। চন্দ্ৰৰ উৎপত্তিৰ বিষয়ে বিভিন্ন জনে অনুমান কৰিছে।
-
সৌৰজগত
সূৰ্য আৰু তাক কেন্দ্ৰ কৰি চাৰিওফালে প্ৰদক্ষিণ কৰি থকা ৮টা গ্ৰহ ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি গ্ৰহ, ইউৰেনাছ, আৰু নেপচুন লগতে সিহঁতৰ উপগ্ৰহসমূহ, গ্ৰহবোৰৰ মাজত অৱস্থান কৰি থকা অসংখ্য গ্ৰহাণু, লগতে সূৰ্য্যৰ লগত মহাকৰ্ষণ শক্তিৰ বলত বান্ধ খাই ইয়াক প্ৰদক্ষিণ কৰি থকা সকলো মহাজাগতিক…
-
মঙ্গল গ্ৰহ
সৌৰজগতৰ চতুৰ্থ গ্ৰহ হৈছে মঙ্গল গ্ৰহ। পৃথিৱীৰ পৰা এই গ্ৰহটো ৰঙা বৰণৰ দৰে দেখি। মঙ্গলগ্ৰহ সৌৰজগতৰ শেষ পাৰ্থিৱ গ্ৰহ। অৰ্থাৎ এই গ্ৰহটোৰো ভূ-ত্বক পৃথিৱী ভূ-ত্বকৰ সৈতে বহুখিনি সাদৃশ্য আছে।
-
শনি গ্ৰহ
শনিগ্ৰহ (ইংৰাজীত: Saturn) সৌৰজগতৰ ৬ষ্ঠ তম গ্ৰহ। বৃহস্পতি গ্ৰহৰ পিছত এইটো গ্ৰহটো সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ। শনি এটা গেছীয় বিশাল গ্ৰহ, যাৰ গড় ব্যাসাৰ্ধ পৃথিৱীৰ প্ৰায় নগুণ। ইয়াৰ ঘনত্ব পৃথিৱীৰ গড় ঘনত্বৰ অষ্টমাংশ যদিও ইয়াৰ ভৰ ৯৫ গুণতকৈও অধিক।
-
বৃহস্পতি গ্ৰহ
বৃহস্পতি গ্ৰহ (ইংৰাজীত: Jupiter জুপিটৰ, আ-ধ্ব-ব: ˈdʒu:.pɪ.tə(ɹ)) সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহ পঞ্চম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ বৃহত্তম গ্ৰহ। বৃহস্পতিগ্ৰহটোক বাদ দি সৌৰজগতৰ বাকী সকলো গ্ৰহৰ ভৰকে একেলগ কৰিলেও বৃহস্পতিৰ ভৰতকৈ আঢ়ৈ গুণ বেছি হ’ব।
-
শুক্ৰ গ্ৰহ
শুক্ৰ গ্ৰহ সূৰ্যৰ পৰা দূৰত্বৰ দিশত সৌৰজগতৰ দ্বিতীয় গ্ৰহ। এই পাৰ্থিৱ গ্ৰহটোক অনেক সময়ত পৃথিৱীৰ "ভনী গ্ৰহ" বুলি আখ্যায়িত কৰা হয়, কাৰণ পৃথিৱী আৰু শুক্ৰৰ মাজত গাঠনিক উপাদান আৰু আচাৰ আচৰণ বহুতো সাদৃশ্য আছে।
-
বুধ গ্ৰহ
বুধ (ইংৰাজী Mercury; (মাৰ্কিউৰী) সৌৰজগতৰ প্ৰথম আৰু ক্ষুদ্ৰতম গ্ৰহ। এই গ্ৰহটো সূৰ্যৰ সবাতোকৈ নিকটতম গ্ৰহ। ইয়াৰ কোনো উপগ্ৰহ নাই। বুধে নিজ মেৰুদণ্ডৰ ওপৰত এবাৰ ঘুৰিবলৈ ৫৮.৬৫ পৃথিৱী-দিন সময় লয়৷ এই গ্ৰহটোৱে সূৰ্যক প্ৰতি ৮৮ দিনে এবাৰকৈ প্ৰদক্ষিণ কৰে।
-
ইউৰেনাচ
ইউৰেনাচ (ইংৰাজীত: Uranus) সৌৰজগতৰ সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহটো সপ্তম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ তৃতীয় বৃহত্তম গ্ৰহ। গ্ৰহটোৰ নাম আকাশৰ গ্ৰীক দেৱতা ক্ৰ'নচৰ পিতৃ, জ্যুচৰ পিতামহ তথা এৰিচৰ প্ৰপিতামহ ইউৰেনাচৰ পৰা লোৱা হৈছে।
-
নেপচুন
নেপচুন (ইংৰাজীত: Neptune) সৌৰজগতৰ সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহটো অষ্টম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ চতুৰ্থ বৃহত্তম গ্ৰহ আনহাতে ভৰৰ দিশত এই গ্ৰহটোৱে তৃতীয় স্থান অধিকাৰ কৰিছে। ৰোমানলোকসকলৰ সাগৰীয় দেৱতা নেপচুনৰ পৰাই গ্ৰহটোৰ নাম নেপচুন ৰখা হৈছে।
-
প্লুটো
প্লুটো (সৰু গ্ৰহ পদবী: ১৩৪৩৪০ প্লুটো; প্ৰতীক: এবং
-
উৰ্ট মেঘ
ওৰ্ট মেঘ বা অ'পিক-ওৰ্ট মেঘ ( বা ) জ্যোৰ্তিবিজ্ঞানীসকলৰ মতে সূৰ্য্যৰ চাৰিওফালে ১,০০,০০০ জ্যোৰ্তিবিজ্ঞান একক (A.U.) দূৰত্বত সূৰ্য্যক প্ৰদক্ষিণ কৰি থকা গ্ৰহাণুপুঞ্জ আৰু ধূমকেতুৰ অঞ্চল বা পটী।
-
চেৰেছ
চেৰেছ (প্রতীক: ) সৌৰজগতৰ সবাতোকৈ ক্ষুদ্ৰ আৰু গ্ৰহাণুবলয়ৰ একমাত্ৰ বাওনা গ্ৰহ। ইটালীয় জ্যোতিৰ্বিদ গুইছেপ্পি পিয়াজ্জিয়ে ১৮০১ খৃষ্টাব্দৰ প্ৰথম দিনাই (অৰ্থাত ১ জানুৱাৰী, ১৮০১) এই গ্ৰহটো আৱিস্কাৰ কৰিছিল । চেৰেছ নামটোৰ উৎস হৈছে ৰোমান দেৱী চেৰেছ যাক শস্য, ফল-মূল তথা মাতৃস্নেহৰ দেৱী বুলি জনা যায়।
-
ডিমছ (উপগ্ৰহ)
ডিমছ (ইংৰাজী: Deimos) মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ সৰু আৰু আটাইতকৈ বাহিৰৰ উপগ্ৰহ। মঙ্গলৰ আনটো উপগ্ৰহৰ নাম ফ'বছ। ৬.২ কিলোমিটাৰ (৩.৯ মিটাৰ) গড় ব্যাসাৰ্ধৰ এই উপগ্ৰহটোৱে মঙ্গলৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩০.৩ ঘণ্টা সময় লয়। গ্ৰীক দেৱতা ডিমছৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।
-
ফ'বছ (উপগ্ৰহ)
ফ'বছ (ইংৰাজী: Phobos) মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ভিতৰৰ উপগ্ৰহ। মঙ্গলৰ আনটো উপগ্ৰহৰ নাম ডিমছ। ১১ কিলোমিটাৰ (৭ মিটাৰ) গড় ব্যাসাৰ্ধৰ এই উপগ্ৰহটোৱে মঙ্গলৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৭ ঘণ্টা ৩৯.২ মিনিট সময় লয়।