বোধগত পক্ষপাতিতা
১১ প্ৰবন্ধ
-
বোধগত পক্ষপাতিতা
বোধগত পক্ষপাতিতা (Cognitive bias) হৈছে পৰিচিত আচৰণ, যুক্তিবাদ আৰু বিবেচনাৰ লগত ঘটা বিচ্যুতিৰ এক পদ্ধতিগত বিন্যাস। ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱা ব্যক্তি এজনে প্ৰবিষ্টি (input) এটাৰ উপলব্ধি হিচাপে নিজাববীয়াকৈ এটা “বিষয়গত বাস্তৱতা”ৰ সৃষ্টি কৰে।
-
কাঠামোবদ্ধ প্ৰভাৱ
কাঠামোবদ্ধ প্ৰভাৱ হৈছে একধৰণৰ বোধগত পক্ষপাতিতা য'ত মানুহে বিকল্প এটা নিৰ্বাচনৰ সময়ত সেইটো যোগাত্মক সংকেতৰ দ্বাৰা উপস্থাপিত নে বিয়োগাত্মক সংকেতৰ দ্বাৰা উপস্থাপিত-তাৰ ওপৰত গুৰুত্ব দিয়ে। উদাহৰণস্বৰূপে-পৰাজয় অথবা প্ৰাপ্তিৰ বিষয়টো।
-
নিশ্চিতকৰণ পক্ষপাতিতা
নিশ্চিতকৰণ পক্ষপাতিতা (en-Confirmation bias) হৈছে এনে এটা প্ৰৱণতা যাৰ তাড়নাত মানুহ এজনে সেইবোৰ তথ্যকে স্মৰণ কৰে, সন্ধান কৰে, অথবা সেইবোৰ তথ্যৰ পক্ষেই সমৰ্থন আগবঢ়ায় যিবোৰে তথ্যয়েই তেওঁৰ পূৰ্ব-আৰোপিত ব্যক্তিগত বিশ্বাস অথবা প্ৰমূল্যবোৰক শক্তি যোগাব। ই একপ্ৰকাৰৰ বোধগত বা জ্ঞানীয় পক্ষপাতিতা।
-
লঙ্গৰকৰণ
লঙ্গৰকৰণ বা কেন্দ্ৰীকৰণ(en: Anchoring or Focalism) হৈছে একধৰণৰ বোধগত পক্ষপাতিতা য'ত এগৰাকী ব্যক্তিয়ে আহৰণ কৰা তথ্যৰ প্ৰথমাংশত অধিক গুৰুত্ব প্ৰদান কৰে। লঙ্গৰকৰণ উদ্ভৱ হয় তেতিয়া, যেতিয়া সিদ্ধান্তগঠনৰ সময়ত, কোনো ব্যক্তিবিশেষে এটা তথ্যৰ প্ৰথমতে পোৱা অংশটোক অগ্ৰাধিকাৰ দিয়ে আৰু তাৰ ওপৰত ভিত্তি…
-
স্ব-সেৱা পক্ষপাতিতা
স্ব-সেৱা পক্ষপাতিতা (self-serving bias) হৈছে এনে একধৰণৰ বোধগত পক্ষপাতিতা যি আত্ম-মৰ্যাদা বৰ্তাই ৰখা আৰু প্ৰোজ্জ্বল কৰাৰ প্ৰৱণতাটোৰ দ্বাৰা কক্ষচ্যুত হয়৷ এইয়া এনে এটা প্ৰৱণতা য'ত মানুহে নিজকে অধিক অনুকূলভাৱে সজাবলৈ যত্নৱান হয়৷ তেওঁলোকে সাফল্যবোৰক নিজৰ সামৰ্থ আৰু প্ৰচেষ্টাৰ লগত সংযুক্ত কৰে আৰু…
-
প্ৰাথমিক আৰোপন ত্ৰুটি
প্ৰাথমিক আৰোপন ত্ৰুটি (fundamental attribution error)ৰ আন দুটা নাম হৈছে সংযুক্তি পক্ষপাতিতা (correspondence bias) আৰু আৰোপন প্ৰভাৱ (attribution effect)৷ সামাজিক মনোবিজ্ঞানত প্ৰাথমিক আৰোপন ত্ৰুটিক একধৰণৰ প্ৰৱণতাৰ জৰিয়তে চিহ্নিত কৰা হয়৷ যাৰ জৰিয়তে মানুহে কোনো ব্যক্তিবিশেষৰ আচৰণৰ ক্ষেত্ৰত…
-
বেণ্ডৱাগন প্ৰভাৱ
বেণ্ডৱাগন প্ৰভাৱ হৈছে এটা বিশেষ প্ৰপঞ্চ। কোনো এটা বিশেষ সিদ্ধান্ত, ধাৰণা অথবা বিশ্বাসত পতিয়ন যোৱা মানুহৰ সংখ্যাটো বেছি হোৱাৰ লগে লগে সেইবোৰৰ গ্ৰহণযোগ্যতাৰ হাৰো বৃদ্ধি পাবলৈ ধৰে।
-
বিশ্বাস পক্ষপাতিতা
বিশ্বাস পক্ষপাতিতা (Belief Bias) হৈছে একধৰণৰ প্ৰৱণতা যাৰ প্ৰভাৱত যুক্তি-চালিত সিদ্ধান্ত এটাক বিচাৰ কৰোঁতে যুক্তিটোৰ পৰিৱৰ্তে সিদ্ধান্তটোকহে গুৰুত্ব দিয়া হয়৷ এজন ব্যক্তিয়ে সিদ্ধান্ত-বিৰোধী প্ৰতি-যুক্তিসমূহক নাকচ কৰি নিজৰ মূল্যবোধ, বিশ্বাস আৰু পূৰ্ব-আৰোপিত জ্ঞানক সমৰ্থন কৰা সিদ্ধান্ত এটাক গ্ৰহণ…
-
বিলম্বিত উপলব্ধি পক্ষপাতিতা
বিলম্বিত উপলব্ধি পক্ষপাতিতা (Hindsight bias)-ৰ আন দুটা নাম হৈছে মই এনে হ'ব বুলি জানিছিলোঁৱেই প্ৰপঞ্চ (knew-it-all-along phenomenon) আৰু বগাই যোৱা নিৰ্ধাৰণবাদ (creeping determinism)। এইয়া একধৰণৰ সহজাত প্ৰৱণতা যাৰ প্ৰভাৱত মানুহে অতীতৰ ঘটনা এটাক বাস্তৱতকৈ অধিক অনুমানযোগ্য হিচাপে ঠাৱৰ কৰে।
-
বেন ফ্ৰেংকলিন প্ৰভাৱ
বেন ফ্ৰেংকলিন প্ৰভাৱ (Ben Franklin effect) হৈছে এটা প্ৰস্তাৱিত মনোবৈজ্ঞানিক প্ৰপঞ্চ, য'ত: ইতিমধ্যেই অনুগ্ৰহ (সহায়) কৰি থোৱা মানুহ এজনে অইন এজন মানুহৰ প্ৰতি পুনৰ অনুগ্ৰহ কৰাৰ সম্ভাৱনীতা দেখা যায়-লাগিলে সেই মানুহজনৰ পৰা তেওঁ অনুগ্ৰহ লাভ কৰকেই বা নকৰকেই৷ ইয়াৰ এটা ব্যাখ্যা হৈছে- বোধগত অসন্তুষ্টতা…
-
স্বাভাৱিক পক্ষপাতিতা
স্বাভাৱিক পক্ষপাতিতা (en-Normalcy bias), বা স্বাভাৱিকত্ব পক্ষপাত, হৈছে একধৰণৰ বোধগত পক্ষপাতিতা যাৰ দ্বাৰা প্ৰভাৱিত হৈ মানুহে আসন্ন বিপদৰ সতৰ্কবাণী আওকান কৰে বা অবিশ্বাস কৰে।