আলোক বিজ্ঞান
৫ প্ৰবন্ধ
-
পোহৰ
মানুহৰ চকুৰ বাবে সংবেদনশীল বিদ্যুত চুম্বকীয় বৰ্ণালীৰ দৃশ্যমান অংশক পোহৰ বা দৃশ্যমান পোহৰ বা আলোক (Light) বোলা হয়। দৃশ্যমান পোহৰৰ তৰংগদৈৰ্ঘ্যৰ পৰিসৰ হৈছে প্ৰায় ৩৮০ বা ৪০০ নেন'মিটাৰৰ পৰা প্ৰায় ৭৬০ বা ৭৮০ নেন'মিটাৰ আৰু কম্পনাংকৰ পৰিসৰ হৈছে প্ৰায় ৪০৫ হাৰ্টজৰ পৰা ৭৯০ হাৰ্টজৰ ভিতৰত।
-
ৰং
ৰং হৈছে মানুহৰ দৃষ্টিয়ে পাৰ্থক্য কৰিব পৰা কিছুমান আলোক ধৰ্ম, এইবোৰ সাধাৰণতে ৰঙা, নীলা, হালধীয়া, সেউজীয়া আৰু আন আন ভাগত বিভক্ত। পোহৰৰ বৰ্ণালীসমূহেই হৈছে ৰঙৰ উৎস হৈছে (বৰ্ণালী হৈছে তৰংগদৈৰ্ঘ্য সাপেক্ষে পোহৰৰ বিতৰণ)।
-
ৰ'দ
ৰ'দ বা বেলিৰ পোহৰ হৈছে বেলিৰ পৰা নিৰ্গত বিদ্যুৎচুম্বকীয় বিকিৰণ যি তৰংগ বা পোহৰ ৰূপে পৃথিৱীত পৰে। পৃথিৱীৰ বায়ুমণ্ডলে ৰ'দৰ বহুখিনি পোহৰ শোষণ কৰে। বেলিৰ ৰশ্মি আৰু তাপ বায়ুমণ্ডলৰ মাজেৰে পৃথিৱীৰ পৃষ্ঠত উপনীত হয়। বেলিৰ পৰা ৰ'দ পৃথিৱী পাবলৈ প্ৰায় ৮.৩ মিনিট সময় লাগে।
-
মৰীচিকা
মৰীচিকা (ইংৰাজী: Mirage) উত্তপ্ত মৰুভূমি অঞ্চলত সম্পূৰ্ণ বিজ্ঞানসন্মত কাৰণত হোৱা এক দৃষ্টি বিভ্ৰম। মৰীচিকাৰ সংঘটিত হয় পোহৰৰ পূৰ্ণ প্ৰতিফলনৰ ফলত। এই পৰিঘটনাত অদূৰত পানীৰ উৎস থকা যেন বোধ হয়, যদিও দৰাচলতে তেনে ধৰণৰ একো নাথাকে।
-
আলোক তন্তু
আলোক তন্তু বা আলোক আঁহ (ইংৰাজী: optical fibre) হৈছে, বিশুদ্ধ কাঁচ(চিলিকা) ৰে নিৰ্মিত মানুহৰ চুলিৰ দৰে পাতল, নমনীয়, লেহুকা আৰু স্বচ্ছ আঁহ। আলোক তন্তুৰ মূখ্য কাম হৈছে পোহৰ বা আন তৰংগৰ পৰিবহন, আলোক তন্তুক এবিধ অতি পাৰদৰ্শী তৰংগ বাহক (ৱেভ গাইড) হিচাপে ব্যৱহাৰ কৰিব পৰা যায়।