সমাজ বিজ্ঞান
৩৬ প্ৰবন্ধ
-
অৰ্থনীতি
অৰ্থনীতি (economics) হৈছে সমাজ বিজ্ঞানৰ এটা বিভাগ। ই এখন দেশ অথবা এটা অঞ্চলৰ দ্ৰব্য আৰু সেৱাৰ উৎপাদন, যোগান, বিনিময়, বিতৰণ আৰু ভোগৰ বিষয়ে আলোচনা কৰে। মানুহৰ জীৱন ধাৰণাৰ বাবে বিভিন্ন সম্পদৰ প্ৰয়োজন। সম্পদ সীমিত কিন্তু অভাৱ অসীম।
-
মানৱ অধিকাৰ
মানৱ অধিকাৰ হৈছে সাৰ্বজনীনভাৱে স্বীকৃতিপ্ৰাপ্ত নৈতিক নীতি বা নীতি যিয়ে মানৱ আচৰণৰ মানদণ্ড স্থাপন কৰে আৰু ইয়াক প্ৰায়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আইন উভয়ৰে দ্বাৰা সুৰক্ষিত কৰা হয়।
-
সমাজ বিজ্ঞান
সামাজ বিজ্ঞান হৈছে জ্ঞনৰ এটা শাখা, যিয়ে সমাজ আৰু মানুহৰ আচৰণৰ ওপৰত আলোচনা কৰে। সামাজিক বিজ্ঞানক সাধাৰণতে জ্ঞনৰ এখন বিস্তৃত ক্ষেত্ৰ হিচাপে গণ্য কৰা হয়, যাৰ অন্তৰ্গত নৃবিজ্ঞান, প্ৰত্নতত্ত্ব, অপৰাধ বিজ্ঞান, অৰ্থনীতি, শিক্ষা, ইতিহাস, ভাষাবিজ্ঞান, ৰাজনীতি বিজ্ঞান, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, সমাজ…
-
ব্ৰিটিছ সাম্ৰাজ্য
ব্ৰিটিছ সাম্ৰাজ্যত যুক্তৰাজ্য আৰু ইয়াৰ পূৰ্বৰ ৰাষ্ট্ৰসমূহে শাসিত বা প্ৰশাসন কৰা ডমিনিয়ন, উপনিবেশ, প্ৰটেক্টৰেট, মেণ্ডেট আৰু অন্যান্য ভূখণ্ডসমূহ অন্তৰ্ভুক্ত আছিল।
-
সমাজতত্ত্ব
সমাজতত্ত্ব (Sociology) হ'ল মানুহৰ সামাজিক আচৰণ, সমাজ, সামাজিক সমন্ধ, সামাজিক আন্তঃক্ৰিয়া আৰু সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰা বিষয়। ই হ'ল এক সমাজ বিজ্ঞান যি সামাজিক শৃংখলা আৰু সামাজিক পৰিবৰ্তনৰ বিষয়ে জ্ঞান অৰ্জন কৰিবৰ বাবে পৰীক্ষালব্ধ অনুসন্ধান আৰু সমালোচনাত্মক বিশ্লেষণৰ বিভিন্ন পদ্ধতি প্ৰয়োগ কৰে।
-
ৰাষ্ট্ৰ
ৰাষ্ট্ৰ হৈছে এটা ৰাজনৈতিক সত্তা যিয়ে নিৰ্দিষ্ট ভূখণ্ডৰ ভিতৰত সমাজ আৰু জনসংখ্যাক পৰিচালনা কৰে। চৰকাৰক আধুনিক ৰাষ্ট্ৰসমূহৰ আধাৰভূত যন্ত্ৰ হিচাপে গণ্য কৰা হয়। এখন দেশত সাধাৰণতে এখন ৰাষ্ট্ৰ থাকে, যাৰ ভিতৰত বিভিন্ন প্ৰশাসনিক বিভাজন থাকে।
-
সংবিধান
সংবিধান হৈছে কোনো এটা ৰাজনৈতিক একক, সংগঠন বা আন কোনো ধৰণৰ আইনী সত্তা চলাবলৈ প্ৰযোজ্য মৌলিক নীতিসমূহ বা স্থাপিত পূৰ্বনীতিসমূহৰ সংহিতা, যিয়ে সাধাৰণতে সেই সত্তাটোৰ শাসনৰ ধৰণ নিৰ্ধাৰণ কৰে।
-
জনপ্ৰব্ৰজন
মানুহে স্থায়ী বা অস্থায়ীভাৱে বাসস্থান সলাই এঠাইৰ পৰা আন এঠাইলৈ গমন কৰাকে জনপ্ৰব্ৰজন (Human migration) বোলে। সহজ অৰ্থত জনপ্ৰব্ৰজন হৈছে এজন বা তাতোধিক ব্যক্তিয়ে যেতিয়া স্থায়ীৰূপে নাইবা দীৰ্ঘদিনৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বাসস্থান সলনি কৰে।
-
লিংগভিত্তিক অধ্যয়ন
লিংগভিত্তিক অধ্যয়ন (Gender studies) লিংগ পৰিচয় তথা লিংগ প্ৰতিনিধিত্ব বিশ্লেষণৰ বাবে নিবেদিত এটি আন্তঃশৃঙ্খলা শিক্ষামূলক ক্ষেত্ৰ। ইয়াৰ অন্তৰ্গত বিষয় সমূহ হৈছে মহিলাসকলৰ অধ্যয়ন (নাৰী, নাৰীবাদ, লিংগ তথা ৰাজনীতি সম্পৰ্কিত), পুৰুষ অধ্যয়ন আৰু কুইয়াৰ অধ্যয়ন।
-
অৰ্থব্যৱস্থা
অৰ্থব্যৱস্থা হ'ল পণ্য আৰু সেৱাৰ উৎপাদন, বিতৰণ, বাণিজ্য আৰু উপভোগৰ ব্যৱস্থা। সাধাৰণতে, ইয়াক এনে এক সামাজিক ব্যৱস্থা বুলি বুজা হয় য'ত দুৰ্লভ সম্পদৰ উৎপাদন, ব্যৱহাৰ আৰু পৰিচালনাৰ সৈতে সম্বন্ধিত কাৰ্য, বাৰ্তা আৰু ভৌতিক প্ৰকাশ দেখা যায়।
-
নাগৰিকত্ব
নাগৰিকত্ব (citizenship) হৈছে এজন ব্যক্তিক এখন সাৰ্বভৌম দেশে ইয়াৰ নিজস্ব আইনৰ অধীনত প্ৰদান কৰা সদস্যপদ। ৰাষ্ট্ৰসংঘৰ মতে নাগৰিকত্ব হৈছে "এখন দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰাৰ অধিকাৰৰ প্ৰতি স্বীকৃতি"। টি.এইচ.
-
একনায়কত্ববাদ
একনায়কত্ববাদ (Dictatorship) হৈছে এক স্বৈৰাচাৰী চৰকাৰ যাৰ বৈশিষ্ট্য হৈছে এজন নেতা বা নেতাৰ এটা গোট, যিয়ে চৰকাৰী ক্ষমতা কম বা কোনো সীমাবদ্ধতা নোহোৱাকৈয়ে গ্ৰহণ কৰে।
-
ফেচিবাদ
ফেচিবাদ (Fascism) হৈছে এক স্বৈৰাচাৰী, উগ্ৰ জাতীয়তাবাদ-ভিত্তিক ৰাজনৈতিক মতবাদ, যি সাধাৰণতে গণতন্ত্ৰ, ব্যক্তি-স্বাধীনতা আৰু সমাজবাদৰ বিপৰীতত অৱস্থিত। ফেচিবাদত ৰাজ্যক কেন্দ্ৰীয় শক্তি হিচাপে গণ্য কৰা হয় আৰু এজন একনায়ক নেতাক ধৰ্মীয় আস্থাৰ দৰে পূজা কৰা হয়।
-
বৰ্ণবৈষম্য
বৰ্ণবৈষম্য (Racism) হৈছে মতবাদ, যাৰ মাধ্যমত কিছুমান জাতি বা জাতিগত গোট আন গোটবিলাকতকৈ বেছি উন্নত বুলি ধৰা হয়, আৰু সেই আধাৰত বিদ্বেষ, অপবঞ্চনা বা অন্যায় ব্যৱহাৰ কৰা হয়। এইটো সামাজিক, ৰাজনৈতিক, আৰু অৰ্থনৈতিক প্ৰেক্ষাপটৰ সমস্যা হিচাপে বিশ্বজুৰি বিদ্যমান।
-
শান্তি
শান্তি হৈছে এক সমন্বয়ৰ অৱস্থা। সমাজৰ অৰ্থত শান্তিৰ অৰ্থ সাধাৰণতে ব্যক্তি বা গোটৰ মাজত সংঘাতৰ অভাৱ (যেনে যুদ্ধ) আৰু হিংসাৰ ভয়ৰ পৰা মুক্ত হোৱা বুলি ব্যৱহাৰ কৰা হয়। শান্তিৰ প্ৰসাৰ বহু দৰ্শন, ধৰ্ম আৰু মতাদৰ্শৰ এটা মূল নীতি, যাৰ বহুতেই ইয়াক তেওঁলোকৰ দৰ্শনৰ মূল নীতি বুলি গণ্য কৰে।
-
ঔপনিৱেশিকতাবাদ
ঔপনিৱেশিকতাবাদ (Colonialism) হৈছে এটা বিদেশী গোটৰ দ্বাৰা আন এখন ভূখণ্ড, প্ৰাকৃতিক সম্পদ আৰু জনসাধাৰণৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন। উপনিৱেশবাদীয়সকলে উপনিৱেশাধীন অঞ্চলৰ ৰাজনৈতিক আৰু জনজাতীয় শক্তিৰ ওপৰত নিয়ন্ত্ৰণ কৰে।
-
কমনৱেলথ অৱ নেচনছ
কমনৱেলথ অৱ নেচনছ বা ৰাষ্ট্ৰমণ্ডল বা জাতিসমূহৰ সংঘ (Commonwealth of Nations, সাধাৰণতে কেৱল কমনৱেলথ বুলি জনা যায়) হৈছে এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন য'ত মূলতঃ ৫৬খন স্বাধীন ৰাষ্ট্ৰ সদস্য ৰূপে যুক্ত। এই সংগঠনটোত অতিৰিক্তকৈ বেলেগ অঞ্চল আৰু নিৰীক্ষক সদস্যও থাকে।
-
পুৰাতত্ত্ব
পুৰাতত্ত্ব বা প্ৰত্নতত্ত্ব (Archaeology) হৈছে ভৌতিক সংস্কৃতিৰ উদ্ধাৰ আৰু বিশ্লেষণৰ জৰিয়তে মানুহৰ কাৰ্যকলাপৰ অধ্যয়ন। প্ৰত্নতাত্ত্বিক অভিলেখসমূহ উপাদান, স্থাপত্য, জৈৱিক সমল বা পৰিৱেশীয় সমল, প্ৰত্নতাত্ত্বিক স্থান আৰু সাংস্কৃতিক ভূচিত্ৰৰ দ্বাৰা গঠিত।
-
লিংগ দৃঢ়বদ্ধতা
লিংগ দৃৃৃঢ়বদ্ধতাৰ (Gender stereotypes) 'দৃঢ়তা' বা ‘নিৰ্দিষ্ট' ধাৰণাটো ব্যক্তিক কোনো এক দল বা উপদলত শ্ৰেণীভুক্ত কৰাক সূচায়। ই এক সাধাৰণ সামাজিক সমস্যা।কোনো নিৰ্দিষ্ট বিশ্বাসৰ অন্তৰ্গত ব্যক্তিসকলক বিশেষত ঋণাত্মক শ্ৰেণীৰ অন্তৰ্ভুক্ত ব্যক্তিক সূচাবলৈ এই ‘দৃঢ়বদ্ধতা' শব্দৰ ব্যৱহাৰ কৰা হয়।
-
ৰাজতন্ত্ৰ
ৰাজতন্ত্ৰ (Monarchy) হৈছে একপ্ৰকাৰ শাসন ব্যৱস্থা, য'ত এজন ব্যক্তি, অৰ্থাৎ ৰজা বা ৰাণীয়ে নিজৰ জীৱনকালৰ শেষলৈকে, বা পদত্যাগ নকৰা পৰ্যন্ত, ৰাষ্ট্ৰপ্ৰমুখ হিচাপে শাসন কৰে।
-
মৌখিক ইতিহাস
মৌখিক ইতিহাস (Oral history) হ'ল ব্যক্তি, পৰিয়াল, গুৰুত্বপূৰ্ণ ঘটনা, বা দৈনন্দিন জীৱনৰ বিষয়ে ঐতিহাসিক তথ্যৰ সংগ্ৰহ আৰু অধ্যয়ন, য'ত অডিঅ' ট্ৰেপ, ভিডিঅ' ট্ৰেপি, বা পৰিকল্পিত সাক্ষাৎকাৰৰ প্ৰতিলিপি ব্যৱহাৰ কৰা হয়।
-
সাম্ৰাজ্যবাদ
সাম্ৰাজ্যবাদ (Imperialism) হৈছে বিদেশী ভূমিৰ ওপৰত ক্ষমতা সম্প্ৰসাৰণৰ নীতি। ইয়াক প্ৰায় অনৈতিক বুলি গণ্য কৰা হয়, কিয়নো ইয়াৰ লক্ষ্য স্থানীয় জনসাধাৰণক শোষণ কৰি সোনকালে ধনী হোৱা।
-
ইউৰোপীয় জ্ঞানোদয়
ইউৰোপীয় জ্ঞানোদয় (Age of Enlightenment) বা বৌদ্ধিক যুগ (Enlightenment) হৈছে ইউৰোপত ১৭শ শতিকাৰ শেষ ভাগৰ পৰা ১৮শ শতিকালৈ চলি থকা এক বৌদ্ধিক আৰু দাৰ্শনিক আন্দোলন। এই যুগত যুক্তি, বিজ্ঞান, মানৱ অধিকাৰ, ধৰ্মীয় সহিষ্ণুতা আৰু ৰাজনৈতিক স্বাধীনতাৰ ক্ষেত্ৰত নতুন চিন্তাধাৰাৰ বিকাশ ঘটে।
-
গণৰাজ্য
গণৰাজ্য (republic) শব্দটো লেটিনৰ res publica অৰ্থাৎ 'জনসাধাৰণৰ কথা' বা 'জনতাৰ কথা'ৰ পৰা উদ্ভৱ হৈছে। ই একপ্ৰকাৰ ৰাজ্যৰ ৰূপ, য'ত ৰাজনৈতিক ক্ষমতা জনতাৰ (বা জনতাৰ প্ৰতিনিধিৰ) হাতত থকা দেখা যায়—এই ক্ষেত্ৰত ইয়াক ৰাজতন্ত্ৰৰ বিপৰীত ধাৰণাক বুজোৱা হয়।
-
গৃহযুদ্ধ
গৃহযুদ্ধ হৈছে একেখন ৰাজ্য (বা দেশ)ৰ ভিতৰত সংগঠিত গোটৰ মাজত হোৱা যুদ্ধ। এটা পক্ষৰ লক্ষ্য হ’ব পাৰে দেশ বা কোনো অঞ্চলৰ ওপৰত নিয়ন্ত্ৰণ লোৱা, কোনো অঞ্চলৰ বাবে স্বাধীনতা লাভ কৰা, বা চৰকাৰী নীতি সলনি কৰা।
-
দাসত্ব
দাসত্ত্ব (Slavery) হৈছে এক সামাজিক-আইনি প্ৰথা য’ত এজন বা কিছুমান মানুহে মালিক (আন এজন বা আন কিছুমান বিত্তশালী মানুহ)ৰ ওচৰত শাৰীৰিক ভাবে নিজকে অৰ্পণ কৰে। ইয়াত শ্ৰমৰ বিনিময়ত উচিত মূল্য লাভ নকৰে। কেৱল দুবেলা দুমুঠি খাবলৈ দিয়ে, তাকো ভালদৰে নিদিয়ে।
-
অপপ্ৰচাৰ
অপপ্ৰচাৰ (Propaganda) হৈছে এনে যোগাযোগ যিটো মূলতঃ কোনো এজেণ্ডাক আগুৱাই নিবলৈ দৰ্শকক প্ৰভাৱিত বা বুজাবলৈ ব্যৱহাৰ কৰা হয়, যিটো বস্তুনিষ্ঠ নহ’বও পাৰে আৰু হয়তো কোনো বিশেষ সংশ্লেষণ বা ধাৰণাক উৎসাহিত কৰিবলৈ তথ্যসমূহ নিৰ্বাচিতভাৱে উপস্থাপন কৰা হ’ব পাৰে, বা উপস্থাপন কৰা তথ্যৰ প্ৰতি যুক্তিসংগত সঁহাৰিৰ…
-
আফ্ৰিকান ইউনিয়ন
আফ্ৰিকান ইউনিয়ন (ইংৰাজীত African Union, সংক্ষিপ্ত ৰূপে AU) হৈছে আফ্ৰিকা মহাদেশৰ ৫৫খন দেশৰ উদ্যোগত গঠিত আন্তঃৰাষ্ট্ৰীয় সংস্থা, যাৰ উদ্দেশ্য হৈছে মহাদেশীয় ঐক্য, শান্তি, সুৰক্ষা আৰু উন্নয়ন আগবঢ়োৱা।
-
সৈন্যবাহিনী
সৈন্যবাহিনী বা সামৰিক বাহিনী বা সশস্ত্ৰ বাহিনী হ'ল একধৰণৰ অতি সংগঠিত বাহিনী, যাক মূলতঃ যুদ্ধৰ বাবে উদ্দেশ্য কৰি গঠন কৰা হয়। সামৰিক বাহিনী সাধাৰণতে সাৰ্বভৌম ৰাষ্ট্ৰৰ দ্বাৰা অনুমোদিত আৰু ইয়াক ৰাষ্ট্ৰৰ দ্বাৰা ৰক্ষণাবেক্ষণ দিয়া হয়।
-
অ'পেক
অ'পেক (Organization of the Petroleum Exporting Countries, সংক্ষেপে OPEC) হৈছে খনিজ তৈল ৰপ্তানিৰ সৈতে জড়িত দেশসমূহৰ এক আন্তঃৰাষ্ট্ৰীয় সংগঠন। এই সংগঠনটোৰ উদ্দেশ্য হৈছে সদস্য ৰাষ্ট্ৰসমূহৰ খনিজ তৈল নীতি সমন্বয় কৰা আৰু বিশ্ব তেল বজাৰত স্থিতিশীলতা ৰক্ষা কৰা।