তথ্য বা ইনফৰমেশ্যন হৈছে বিশেষ সজ্জাত সজ্জিত চিহ্নৰ (symbol) দ্বাৰা প্ৰকাশিত বাৰ্তা message)। বিভিন্ন চিহ্ন আৰু পদ্ধতি ব্যৱহাৰ কৰি ইয়াক সংৰক্ষিত বা এঠাইৰ পৰা আনঠাইলৈ কোনো যোগাযোগ ব্যৱস্থা ব্যৱহাৰ কৰি সৰবৰাহ কৰিব পৰা যায়। যিকোনো গতিশীল (ডাইনামিক) নিকায়ত (চিষ্টেম) সংঘটিত ঘটনাৰাজী (ইভেণ্ট) তথ্য বুলিব পৰা যায়।১ ভিন ভিন প্ৰসংগত তথ্যক ভিন ভিন ৰূপত প্ৰকাশ আৰু ব্যৱহাৰ কৰা যায়। তদুপৰি ইনফৰ্মেশ্যন চিষ্টেমত "কনষ্ট্ৰেইণ্ট", শিক্ষাত "ইন্ষ্ট্ৰাকশ্যন", জ্ঞান (নলেজ), ভাষাতত্ত্বত "অৰ্থ", এণ্ট্ৰপী আদি বিভিন্ন ধাৰণাৰ লগতো তথ্যৰ ধাৰণা ওতপ্ৰোত ভাৱে জড়িত।
তথ্যসূত্ৰ
- ↑ L. Floridi, Information - A Very Short Introduction (Oxford University Press) provides a short overview
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তথ্য” প্ৰবন্ধৰ সংশোধন ২৩৫৭১১ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।