বিজ্ঞান
গণিত, পদাৰ্থ, ৰসায়ন, জীৱবিজ্ঞান আৰু মহাকাশ · ৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
লেকলাংকি কোষ
লেকলাংকি কোষ (ইংৰাজী: The Leclanché cell) হ'ল এবিধ বিদ্যুত কোষ। ১৮৬৬ চনত ফৰাচী বিজ্ঞানী জৰ্জ লেকলাংকিয়ে (ইংৰাজী: Georges Leclanché) এই কোষ আৱিস্কাৰ কৰিছিল। এই কোষত কেথ’ড হিচাপে এডাল কাৰ্বনৰ দণ্ড, এন’ড হিচাপে এডাল জিংকৰ দণ্ড আৰু বিদ্যুত-বিশ্লেষ্য হিচাপে এম’নিয়াম ক্লৰাইড (NH4Cl) ব্যৱহাৰ কৰা হয়।
-
২০০ (সংখ্যা)
২০০ (দুশ) হৈছে ১৯৯-ৰ পিছৰ আৰু ২০১-ৰ আগৰ প্ৰাকৃতিক সংখ্যা। গণিতত ২০০ এটা প্ৰচুৰ (অধিক) সংখ্যা (abundant number), কিয়নো ইয়াৰ উপযুক্ত গুণনীয়কসমূহৰ যোগফল ২৬৫, যি নিজ সংখ্যা ২০০তকৈ বেছি।
-
ৱিকিপিডিয়াত বিজ্ঞানৰ তথ্য
ৱিকিপিডিয়াত বিজ্ঞানৰ তথ্য (Science information on Wikipedia) বুলিলে সাধাৰণতে ৱিকিপিডিয়াই বিজ্ঞান সমন্ধীয় যিসমূহ তথ্যৰ যোগান ধৰে সেইসমূহকে বুজোৱা হয়। এই তথ্যবোৰৰ প্ৰভাৱ আৰু গুণগতমান সম্পৰ্কে প্ৰায়ে আলোচনা হোৱা দেখা যায়।