জ্যোতিৰ্বিজ্ঞান
২৯ প্ৰবন্ধ
-
জ্যোতিৰ্বিজ্ঞান
জ্যোতিৰ্বিজ্ঞান (ইংৰাজী: Astronomy) মহাবিশ্বৰ ভ্ৰাম্যমান জ্যোতিষ্কবোৰৰ বিষয়ে বিজ্ঞান। এই বিজ্ঞান জ্যোতিষশাস্ত্ৰ (astrology) নহয়। জ্যোতিৰ্বিজ্ঞান বিশেষজ্ঞসকলক জ্যোতিৰ্বিজ্ঞানী (astronomer) বোলা হয়।
-
গ্ৰহ
গ্ৰহ হৈছে কোনো তৰা বা মৃত তৰাৰ চাৰিওফালে পৰিভ্ৰমণ কৰা এক প্ৰকাৰৰ জ্যোতিৰ্বৈজ্ঞানিক পিণ্ড যি নিজৰ মাধ্যাকৰ্ষণৰ ফলত গোলাকৃতিৰ হৈ থাকে, তাপনিউক্লিয় সংযোজন ঘটাবলৈ অপৰাগ, আৰু মাধ্যাকৰ্ষণিক পৰিসৰ থকা সকলো বস্তুকে নিজৰ ফাললৈ আকৰ্ষিত কৰে।
-
বিশ্বব্ৰহ্মাণ্ড
বিশ্বব্ৰহ্মাণ্ড (Universe) হৈছে স্থান আৰু কাল সম্বন্ধীয় সমস্ত বিষয়। পৃথিবী আৰু অন্যান্য সমস্ত গ্ৰহ, সূৰ্য তথা অন্যান্য তৰা আৰু নক্ষত্ৰ, জ্যোতিৰ্বলয়স্থ স্থান আৰু তাৰ অন্তৰ্বৰ্তীস্থ গুপ্ত পদাৰ্থ, লেম্ডা-ছিডিএম নক্সা, তমোশক্তি আৰু শূন্যস্থান (মহাকাশ) - যিবোৰ এতিয়াও তাত্ত্বিকভাৱে জ্ঞাত কিন্তু…
-
আইজাক নিউটন
ছাৰ আইজাক নিউটন (২৫ ডিচেম্বৰ ১৬৪২ – ২০ মাৰ্চ ১৭২৬/২৭) আছিল এগৰাকী ইংৰাজ বহুবিশাৰদ ( Polymath), আৰু তেখেত এগৰাকী গণিতজ্ঞ, পদাৰ্থবিদ, জ্যোতিৰ্বিজ্ঞানী, অপৰসায়নবিদ (alchemist), ধৰ্মতাত্ত্বিক, আৰু লেখক হিচাপে অৱদান আগবঢ়াই গৈছে।
-
নক্ষত্ৰ
নক্ষত্ৰ অথবা তৰা (Star) হৈছে প্লাজমা দশাস্থিত অতি উজ্জ্বল আৰু সুবৃহৎ গোলাকাৰ বস্তুপিণ্ড। উচ্চ তাপত নক্ষত্ৰ নিউক্লীয় সংযোজন বিক্ৰিয়াৰ মাধ্যমত ক্ৰমাগত নিজৰ জ্যোতি উৎপন্ন কৰে। নিউক্লীয় সংযোজনৰ পৰা উৎপন্ন তাপ আৰু চাপ মহাকৰ্ষণীয় সঙ্কোচনক বাধা দি ৰাখে।
-
হাতীপটি
হাতীপটি হৈছে এখন তাৰকাৰাজ্য। সৌৰ জগতৰ কেন্দ্ৰ সূৰ্য এই তাৰকাৰাজ্যৰ অংশ। ই এক সৰ্পিলাকাৰ তাৰকাৰাজ্য। পৃথিৱী হাতীপটি তাৰকাৰাজ্যৰ কোনো এক অংশত অৱস্থিত। এই তাৰকাৰাজ্যখন ৰাতিৰ সময়ত পৰিষ্কাৰ আকাশৰ এক প্ৰান্তৰ পৰা অন্য প্ৰান্তলৈ বিস্তৃত পাতল শুকুলা মেঘৰ দৰে দেখা পোৱা যায়।
-
প্ৰাকৃতিক উপগ্ৰহ
এটা প্ৰাকৃতিক উপগ্ৰহ (Natural satellite) হৈছে এক জ্যোতিৰ্বৈজ্ঞানিক বস্তু যি গ্ৰহ বা বাওনা গ্ৰহ এটাক প্ৰদক্ষিণ কৰে (বা কেতিয়াবা আন এটা সৰু সৌৰজগতৰ বস্তুৰ)। ইংৰাজীত ইয়াক মুন (moon) বুলিও কয়। সৌৰজগতত, ২০৫টা জ্ঞাত প্ৰাকৃতিক উপগ্ৰহ থকা ছটা গ্ৰহউপগ্ৰহ প্ৰণালী আছে।
-
তাৰকাৰাজ্য
তাৰকাৰাজ্য (Galaxy) হৈছে মহাকৰ্ষণ শক্তিৰ দ্বাৰা আবদ্ধ এটি অতি বৃহৎ সুশৃঙ্খল ব্যৱস্থা যি তৰা, আন্তঃনাক্ষত্ৰিক গেছ আৰু ধূলিকণা, প্লাজমা তথা প্ৰচুৰ পৰিমাণে অদৃশ্য বস্তুৰ (কৃষ্ণ পদাৰ্থ) দ্বাৰা গঠিত।
-
চন্দ্ৰ গ্ৰহণ
চন্দ্ৰ গ্ৰহণ (Lunar eclipse) হৈছে এক মহাজাগতিক পৰিঘটনা। যেতিয়া পৃথিৱীৰ ছাঁ সম্পূৰ্ণৰূপে চন্দ্ৰৰ ওপৰত পৰে,তেতিয়াই চন্দ্ৰগ্ৰহণ হোৱা বুলি কোৱা হয়। এই পৰিঘটনা তেতিয়াই সম্ভৱ হয় যেতিয়া সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ সম্পূৰ্ণৰূপে বা নিকটতম স্থানত একে ৰৈখিক হয়, কেৱল পূৰ্ণিমা তিথিতহে চন্দ্ৰগ্ৰহণ হয়।
-
ধূমকেতু
ধূমকেতু (Comet) হ'ল বৰফ আৰু ধূলিৰে গঠিত জোতিষ্ক। ধূমকেতুবোৰক প্ৰায়ে লেতেৰা বৰফৰ বল বুলি কোৱা হয়। ধূমকেতুৰ ধূলি বৰফ,কাৰ্বন-ডাইাক্সাইড,কাৰ্বন-মন'অক্সাইড,এম'নিয়া,মিথেন আদিৰে গঠিত। বহু গৱেষকৰ মতে ধূমকেতুৰ জৰিয়তে পৃথিৱীলৈ পানী আৰু জৈৱিক অণু আহিছিল,যি পাছলৈ পৃথিৱীত জীৱ সৃষ্টিত সহায় কৰিলে।
-
সূৰ্য গ্ৰহণ
সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ নিজ-নিজ কক্ষপথত আৱৰ্তন কৰি থাকোঁতে কেতিয়াবা চন্দ্ৰ যেতিয়া পৰিভ্ৰমণৰ অৱস্থাত কিছু সময়ৰ বাবে পৃথিৱী আৰু সূৰ্যৰ মাজত অৱস্থান কৰে, তেতিয়া পৃথিবীৰ কোনো দৰ্শকৰ বাবে সূৰ্য আংশিক বা সম্পূৰ্ণৰূপে অদৃশ্য হৈ পৰে (কিছু সময়ৰ বাবে)। এই ঘটনাকে সূৰ্যগ্ৰহণ বোলা হয়।
-
অশ্বিনী
অশ্বিনী ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ প্ৰথমটো নক্ষত্ৰ, যাৰ বিস্তাৰ ০°-০'-০"ৰ পৰা ১৩°-২০'লৈকে, এই ৰাশিৰ মেষ ৰাশিৰ মূৰৰ সৈতে মিল আছে, য'ত β আৰু γ Arietis তৰাও অন্তৰ্ভুক্ত। অশ্বিনী নামটো বৰাহমিহিৰে (ষষ্ঠ শতিকা) ব্যৱহাৰ কৰিছে।
-
কৃত্তিকা
নক্ষত্ৰ থুপ কৃতিকা, (জনপ্ৰিয়ভাৱে লিপিবদ্ধ কৰা কৃত্তিকা), কেতিয়াবা কাৰ্তিকা বুলিও জনা যায়, পশ্চিম জ্যোতিৰ্বিজ্ঞানত প্লেইডেছ নামৰ মুকলি তৰাৰ থুপৰ সৈতে মিল আছে; ই বৃষ নক্ষত্ৰমণ্ডল গঠন কৰা থুপবোৰৰ ভিতৰত এটা।
-
বাওনা গ্ৰহ
বাওনা গ্ৰহ (Dwarf planet) হ’ল সৌৰজগতৰ এক ধৰনৰ জ্যোতিষ্ক। প্লুটো, হাউনেয়া, মাকেমাকে(makemake) আৰু এৰিছ বৃহৎ আকাৰৰ বাবে নিজ মধ্যাকৰ্ষণ শক্তিৰ ফলত গোলাকাৰ হোৱা বাবে বাওনা গ্ৰহ(dwarf planet) বুলিও কোৱা হয়।
-
মহাকাশ যাত্ৰা
মহাকাশ যাত্ৰা (Spaceflight বা space flight) হৈছে মহাকাশত বা বহিঃ মহাকাশলৈ কৰা যাত্ৰা। মহাকাশ যাত্ৰা মানৱবিহীন নাইবা মানৱ পৰিবাহী হ'ব পাৰে। ছ'ভিয়েট সংঘৰ য়ুৰি গেগেৰিন আছিল মহাকাশ যাত্ৰা কৰা প্ৰথম মহাকাশচাৰী।
-
কালপুৰুষ (তাৰকামণ্ডলী)
কালপুৰুষ বা অৰিয়ন (Orion) হৈছে মহাকাশীয় বিষুৱৰেখাত অৱস্থিত আৰু সমগ্ৰ বিশ্বতে দৃশ্যমান এক নক্ষত্ৰপুঞ্জ বা তাৰকামণ্ডলী। ই নিশাৰ আকাশৰ আটাইতকৈ সুস্পষ্ট আৰু চিনাক্ত কৰিব পৰা তাৰকামণ্ডলীসমূহৰ অন্যতম। ইয়াক গ্ৰীক কিংবদন্তিৰ চিকাৰী অৰিয়নৰ নামেৰে নামকৰণ কৰা হৈছে।
-
গ্ৰহাণু
গ্ৰহাণু হৈছে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰা অসংখ্য শিল বা বৰফেৰে গঠিত ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰহৰ সমষ্টি। সাধাৰণতে গ্ৰহাণুবোৰৰ অৱস্থান মঙল আৰু বৃহস্পতিৰ মাজত। এতিয়ালৈকে দুহেজাৰৰো অধিক গ্ৰহাণুৰ সন্ধান পোৱা গৈছে। ইয়াৰ আটাইতকৈ ডাঙৰটোৰ নাম ছিৰিছ, ইয়াৰ ব্যাস 780 কিলোমিটাৰ।
-
মৃগশিৰা
মৃগশিৰা (দেৱনাগৰী: मृगशीर्ष) হৈছে হিন্দু জ্যোতিষ আৰু জ্যোতিষ বিজ্ঞানত ব্যৱহৃত চন্দ্ৰ ভৱনৰ ৫ম নক্ষত্ৰ ইয়াৰ অৱস্থান সূৰ্য্য সিদ্ধান্তত বৰ্ণনা কৰা হৈছে। এই নক্ষত্ৰৰ প্ৰথম দুটা পদ বৃষভ ৰাশিৰ অংশ, যিটো হৈছে বৃষ ৰাশি।
-
যন্তৰ মন্তৰ, নতুন দিল্লী
নতুন দিল্লীৰ যন্তৰ মন্তৰ (Jantar Mantar) হৈছে খালি চকুৰে পৰ্যবেক্ষণৰ উদ্দেশ্যে নিৰ্মাণ কৰা এটি মান-মণ্ডপ বা মানমন্দিৰ। ভাৰতৰ পাঁচটা যন্তৰ মন্তৰৰ ভিতৰত ই অন্যতম। "যন্তৰ মন্তৰ"ৰ অৰ্থ হʼল "স্বৰ্গৰ সামঞ্জস্য জুখিব পৰা যন্ত্ৰ।" ইয়াত সৰ্বমুঠ ১৩টা স্থাপত্য জ্যোতিৰ্বিজ্ঞানৰ যন্ত্ৰ আছে।
-
আদ্ৰা
আৰ্দ্ৰা হিন্দু জ্যোতিৰ্বিজ্ঞানৰ ষষ্ঠ নক্ষত্ৰ (চন্দ্ৰ ভৱন), যাৰ বিস্তৃতি মিথুন ৰাশি আৰু অৰিয়ান নক্ষত্ৰৰ বেটেলজিউজ তৰাকে ধৰি ৬°-৪০'-০"ৰপৰা ২০°-০০'লৈকে।
-
চন্দ্ৰ এক্স-ৰশ্মি মানমন্দিৰ
চন্দ্ৰ এক্স-ৰে' মানমন্দিৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা মহাকাশ দূৰবীক্ষণ যন্ত্ৰ। ভাৰতীয়-আমেৰিকান জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী সুব্ৰমনিয়ম চন্দ্ৰশেখৰৰ নামৰে ৰখা এই দূৰবীক্ষণ যন্ত্ৰটো ১৯৯৯ চনত ইয়াৰ কক্ষপথলৈ নিক্ষেপ কৰা হয়। ইয়াৰ দাপোণখনৰ ছিদ্ৰ ১.২ মিটাৰ (৪ ফুট) আৰু ফ'কেল দৈৰ্ঘ্য ১০ মিটাৰ (৩৩ ফুট)।
-
জ্যোতিৰ্পদাৰ্থ বিজ্ঞান
জ্যোতি পদাৰ্থ ৰ্বিজ্ঞান (Astrophysics) জ্যোতিৰ্বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ ঊমৈহতীয়া ভাগ, য’ত জ্যোতিৰ্বিজ্ঞানৰ অৱয়ব সমূহৰ ভোতিক ধৰ্ম আৰু সিহঁতৰ পৰস্পৰে পৰস্পৰৰ ওপৰত কৰা ক্ৰিয়াৰ অলোচনা কৰা হয়।
-
পুনৰ্বসু
পুনৰ্বসু হিন্দু জ্যোতিষত এক নক্ষত্ৰ; ই মিথুন ৰাশিৰ দুটা উজ্জ্বল নক্ষত্ৰ - কেষ্টাৰ আৰু প'লাক্সক বুজোৱা এটা তৰা।
-
পূৰ্ব ফাল্গুনী
পূৰ্ব ফাল্গুনী ( पूर्व फाल्गुनी) হিন্দু জ্যোতিষ শাস্ত্ৰৰ একাদশ নক্ষত্ৰ (এটা চন্দ্ৰ ভৱন)। ই সিংহ ৰাশিৰ ১৩°২০′ৰপৰা ২৬°৪০′লৈকে বিস্তৃত আৰু ইয়াৰ পিছত আছে উত্তৰ ফাল্গুনী।
-
ভৰণী
ভৰণী (দেৱনাগৰী: भरणी) হিন্দু জ্যোতিৰ্বিজ্ঞানৰ দ্বিতীয় নক্ষত্ৰ, ই সকলো মিলি ৩৫, ৩৯, আৰু ৪১টা আৰিয়েটিৰ সৈতে মিলি আছে। জ্যোতিষত ভৰণীত শুক্ৰ (শুক্ৰ গ্ৰহ)ই শাসন কৰে।
-
কপাৰনিকাচ বিপ্লৱ
কপাৰনিকাচ বিপ্লৱ আছিল মহাবিশ্বক বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰত পৃথিৱী স্থবিৰ বুলি বৰ্ণনা কৰা আকাশৰ টলেমিক আৰ্হিৰ পৰা সৌৰজগতৰ কেন্দ্ৰত সূৰ্য্য থকা সূৰ্য্যকেন্দ্ৰিক আৰ্হিলৈ পৰিৱৰ্তন।
-
কৰ্কট নীহাৰিকা
ট'ৰাছ (Taurus) তাৰকাৰাজ্যত থকা এক উজ্জ্বল নীহাৰিকা। পৃথিৱীৰ পৰা ই প্ৰায় ৫,০০০ পোহৰ-বৰ্ষ দূৰত অৱস্থিত। ই এটা চুপাৰন'ভাৰ অৱশেষ আৰু ইয়াৰ ব্যাস প্ৰায় ১২ পোহৰ-বৰ্ষ। ১০৫৪ চনত চীন আৰু আন দেশৰ জ্যোতিৰ্বিদসকলে প্ৰথমে ইয়াক প্ৰতক্ষ্য কৰে।
-
গ্ৰসন (জ্যোতিৰ্বিজ্ঞান)
গ্ৰসন দুটা বস্তুৰ মাজত থকা আন এটা বস্তুৰ বাবে পৰ্যবেক্ষকৰপৰা এটা বস্তু সাময়িকভাৱে বা সম্পূৰ্ণৰূপে অদৃশ্য হোৱা এক জ্যোতিৰ্বৈজ্ঞানিক পৰিঘটনা। এই শব্দটো সাধাৰণতে জ্যোতিৰ্বিজ্ঞানত ব্যৱহাৰ কৰা হয়।
-
দামোদৰ
দামোদৰ, সম্পূৰ্ণ নাম বতাছেৰী দামোদৰ নামবুদিৰি খ্ৰীষ্টীয় পোন্ধৰ শতিকাৰ সময়ছোৱাৰ কেৰালাৰ জ্যোতিৰ্বিজ্ঞান আৰু গণিত বিদ্যালয়ৰ এজন জ্যোতিৰ্বিজ্ঞানী-গণিতজ্ঞ আছিল। তেওঁ পৰমেশ্বৰ (১৩৬০–১৪২৫)ৰ পুত্ৰ, যিয়ে জ্যোতিৰ্বিজ্ঞানৰ গণনাৰ ড্ৰিগানিটা(drigganita) ব্যৱস্থা বিকশিত কৰিছিল।