জৈৱিক ৰসায়ন
৭ প্ৰবন্ধ
-
ভিটামিন
ভিটামিন (vitamins) বা খাদ্যপ্ৰাণ হ'ল একপ্ৰকাৰ প্ৰবল শক্তিসম্পন্ন জৈৱ-ৰাসায়নিক যৌগ। ১৯১২ চনত প'লেণ্ডৰ ৰসায়নবিদ কেছিমিৰ ফ্ৰেংকে সৰ্ব্বপ্ৰথমে খাদ্যত থকা এই দ্ৰব্যবোৰক 'ভিটামিন' বুলি নামকৰণ কৰিছিল। ভিটামিনবোৰক ইংৰাজী বৰ্ণমালাৰ আখৰ কিছুমানৰ দ্বাৰা নামকৰণ কৰা হয়।
-
লিপিড
লিপিড হৈছে চৰ্বী, মম, ষ্টেৰ'ল, স্নেহ-দ্ৰাব্য খাদ্যপ্ৰাণ (যেনে ভিটামিন এ, ডি, ই, আৰু কে) মনগ্লিচেৰাইড, ডাইগ্লিচেৰাইড, ট্ৰাইগ্লিচেৰাইড, ফছফ'লিপিড আৰু অন্য কিছুমানকে সাঙুৰিলোৱা এক শ্ৰেণীৰ প্ৰাকৃতিক অনু। লিপিডে প্ৰধানত শক্তিৰ সংৰক্ষণ, সংকেতন, আৰু কোষাৱৰণৰ গাঠনীয় উপাদান হিচাপে কাৰ্য কৰে।
-
জৈৱিক ৰসায়ন
জৈৱিক ৰসায়ন (Organic chemistry) হৈছে ৰসায়ন বিজ্ঞানৰ এটা উপশাখা য'ত জৈৱযৌগ আৰু জৈৱপদাৰ্থসমূহৰ ধৰ্ম, গঠন আৰু বিক্ৰিয়াসমূহৰ বিশয়ে বিজ্ঞানসন্মত অধ্যয়ন কৰা হয়। জৈৱযৌগ আৰু জৈৱপদাৰ্থসমূহ হৈছে সেইবোৰ য'ত কাৰ্বনৰ অণুৰ উপস্থিতি আছে।
-
এলক'হল
এলক'হল হৈছে একপ্ৰকাৰৰ জৈৱ যৌগ। ইহঁতৰ হাইড্ৰ'ক্সিল কাৰ্যকৰী গোটটো এটা এলকাইল বা এৰাইল গোটৰ কাৰ্বনৰ সৈতে এটা বন্ধনত আবদ্ধ হৈ থাকে। সাধাৰণভাৱে এলক'হলক CnH2n+1OH এই সাধাৰণ সূত্ৰৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। এলক'হল শব্দটো আৰবি শব্দ "আল-কুহ"ৰ পৰা আহিছে যাৰ অৰ্থ সাধাৰণভাৱে ইথানল।
-
ইথান'ল
ইথান'ল, হৈছে সুৰাজাতীয় পানীয়ত থকা প্ৰধান এলক'হল, ইষ্টৰ দ্বাৰা শৰ্কৰাৰ কিন্বনৰ ফলত উৎপাদিত হয়। ই এক প্ৰকাৰৰ নিউৰ'টক্সিক চাইক'এক্টিভ দ্ৰাগ আৰু মানহে অতীজৰে পৰা ব্যৱহাৰ কৰা ৰিক্ৰিয়েশ্বনেল দ্ৰাগ। ইয়াৰ মাত্ৰাধিক পানৰ ফলক এলক'হল বিষক্ৰিয়া হ'ব পাৰে।
-
জৈৱ গেছ
জৈৱ গেছ হ'ল অক্সিজেনৰ (বা বায়ুৰ) অনুপস্থিতিত জৈৱিক সামগ্ৰীৰ পচনৰ ফলত উদ্ভৱ হোৱা বিভিন্ন গেছৰ এক মিশ্ৰন। সকলো ধৰণৰ পচন জৈৱ সামগ্ৰী যেনে, পেলনীয়া শাক-পাচলি, গৰু-ছাগলীৰ বৃষ্ঠা, শস্য-সামগ্ৰীৰ অৱশিষ্ট অংশ আদিৰ পৰা জৈৱ গেছ প্ৰস্তুত কৰিব পাৰি।
-
মিথানল
মিথানল বা মিথাইল এলক’হল (Methanol or Methyl Alcohol) হৈছে এবিধ ৰাসায়নিক পদাৰ্থ তথা সৰলতম এলক’হল যাৰ আণৱিক সংকেত CH3OH। ইয়াক সংক্ষেপে MeOH হিচাপে লিখা হয়। মিথানল এবিধ পাতল, উদ্বায়ী, বৰণহীন, জ্বলনশীল তৰল যাৰ ইথানলৰ নিচিনা এক বিশেষ সুৰাৰ গোন্ধ আছে।