সমাজতত্ত্ব
১১ প্ৰবন্ধ
-
বংশ
বংশ (Clan) বুলিলে প্ৰকৃত বা অনুভূত আত্মীয়তা আৰু তেজৰ সম্পৰ্কৰ দ্বাৰা একত্ৰিত হোৱা মানুহৰ এটা গোটক বুজোৱা হয়। বংশৰ বিৱৰণ অজ্ঞাত হ’লেও বংশই প্ৰতিষ্ঠাপক সদস্য বা এপিকেল পূৰ্বপুৰুষৰ পৰা বংশবৃক্ষ দাবী কৰিব পাৰে।
-
অনুলোম
অনুলোম এটা সংস্কৃত শব্দ, যিটো শব্দ উচ্চ জাতত জন্মা পুৰুষ আৰু পুৰুষৰ নিজৰ তুলনাত নিম্ন জাতৰ মহিলাৰ মাজত হোৱা অতিবিবাহৰ মিলন বুজাবলৈ মনুস্মৃতি অৰ্থাৎ মনুৰ নিয়মত (শ্ৰাদ্ধদেৱ মনু) ব্যৱহাৰ কৰা হয়।
-
প্ৰতিলোম
প্ৰতিলোম মনুস্মৃতি অৰ্থাৎ মনুৰ নিয়ম (শ্ৰাদ্ধদেৱ মনু)ত অনুলোমৰ বিপৰীত অৰ্থত ব্যৱহৃত এটা সংস্কৃত শব্দ, উচ্চ জন্মৰ নাৰী আৰু নাৰীৰ নিজৰ তুলনাত নিম্ন জাতৰ (জন্ম অনুসৰি) পুৰুষৰ মাজত হোৱা বিবাহক বৰ্ণনা কৰিবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয়।
-
নাৰীকৰণ (সমাজতত্ত্ব)
সমাজতত্ত্ব অনুসৰি নাৰীত্বকৰণ (ইংৰাজী: Feminization) হ’ল কোনো সমাজ, গোট বা সংগঠনত লিংগ ভূমিকাৰ পৰিৱৰ্তন, য’ত নাৰীত্বৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ অৰ্থ এনে এক গোট বা পেচাত নাৰীৰ অন্তৰ্ভুক্তিও হ’ব পাৰে যি এসময়ত পুৰুষৰ আধিপত্যত আছিল।
-
অনাচাৰৰ নিষেধাজ্ঞা
অনাচাৰৰ নিষেধাজ্ঞা (Incest taboo) হ’ল এনে এক সাংস্কৃতিক নিয়ম বা নীতি যিয়ে একেটা পৰিয়ালৰ কিছুমান সদস্যৰ মাজত, মূলতঃ তেজৰ দ্বাৰা সম্পৰ্কিত ব্যক্তিৰ মাজত যৌন সম্পৰ্ক নিষিদ্ধ কৰে।
-
ঈশ্বৰ মানৱ (ভাৰত)
ঈশ্বৰ মানৱ(God man) হৈছে এক প্ৰকাৰৰ চমৎকাৰী গুৰুক বুজাবলৈ ভাৰতত স্ত্ৰী-পুৰুষ নিৰ্বিশেষে ব্যৱহাৰ কৰা এটা কথিত শব্দ। এই সকলক সাধাৰণতে তেওঁলোকৰ অনুগামী সকলে অৰ্ধদেৱতাৰ দৰে ব্যক্তিত্বলৈ উন্নীত কৰে। সাধাৰণতে এই ব্যক্তিত্বৰ উপস্থিতি উচ্চ পৰ্যায়ৰ, আৰু সমাজৰ বৃহৎ অংশৰ দৃষ্টি আৰু সমৰ্থন আকৰ্ষণ কৰিবলৈ সক্ষম।
-
চীনা ভূত বিবাহ
চীনা পৰম্পৰাত ভূত বিবাহ (ghost marriage; 'আত্মাৰ বিবাহ') হৈছে এনে এক বিবাহ য'ত এজন বা দুয়োপক্ষৰ মৃত্যুৰ পিছত এই বিবাহ সম্পন্ন হয়। অন্যান্য ধৰণৰ ভূত বিবাহ বিশ্বজুৰি প্ৰচলিত, বিশেষকৈ ১৯৫৯ চনৰ পৰা ফ্ৰান্সত এই বিবাহৰ প্ৰচলন আছিল।
-
দুগ্ধ আত্মীয়তা
দুগ্ধ আত্মীয়তা (milk kinship) হৈছে অজৈৱিক মাতৃয়ে শিশুক লালনৰ সময়ত দুগ্ধ পানৰ জড়িয়তে গঠন হোৱা আত্মীয়তা। ই সহযোগী সমাজৰ সদস্যসকলৰ সৈতে আনুগত্য গঢ়ি তোলাৰ এক প্ৰকাৰ। দুগ্ধ আত্মীয়তাত অংশগ্ৰহণৰ ক্ষেত্ৰত শ্ৰেণী আৰু অন্যান্য স্তৰভিত্তিক ব্যৱস্থাই কোনো গুৰুত্ব নাপালে।
-
পৰিৱেশ নাৰীবাদ
পৰিৱেশ নাৰীবাদ (Ecofeminism) হৈছে নাৰীবাদ আৰু ৰাজনৈতিক পৰিৱেশ বিজ্ঞানৰ এক শাখা। পৰিৱেশ নাৰীবাদী চিন্তাবিদসকলে মানুহ আৰু প্ৰাকৃতিক জগতৰ মাজৰ সম্পৰ্ক বিশ্লেষণ কৰিবলৈ লিংগৰ ধাৰণাটোৰ সহায় লয়। ফৰাচী লেখক ফ্ৰান্সোৱা ডি অ'বনে তেওঁৰ 'লে ফেমিনিছম অ' লা মৰ্ট' (১৯৭৪) গ্ৰন্থত এই শব্দটো উদ্ভাৱন কৰিছিল।
-
বহিৰ্বিবাহ
বহিৰ্বিবাহ ( Exogamy) বা অসবৰ্ণ বিবাহ হৈছে নিজৰ সামাজিক গোটৰ বাহিৰৰ ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ সামাজিক নীতি। গোটটোৱে বহিৰ্বিবাহৰ পৰিসৰ তথা প্ৰসাৰ আৰু ইয়াৰ ধাৰাবাহিকতা নিশ্চিত কৰা নিয়ম আৰু বলবৎকাৰী ব্যৱস্থাসমূহৰ সংজ্ঞা নিৰ্ধাৰণ কৰে।
-
মজুৰি শ্ৰমিক
মজুৰী শ্ৰমিক(Wage labour) (সাধাৰণতে বেতনপ্ৰাপ্ত কাম, বেতনপ্ৰাপ্ত নিযুক্তি, বেতনপ্ৰাপ্ত শ্ৰমিক, বা মজুৰী দাসত্ত্ব)ৰ দ্বাৰা এজন শ্ৰমিক আৰু নিয়োগকৰ্তাৰ মাজৰ আৰ্থসামাজিক সম্পৰ্কক বুজোৱা হয়, য'ত শ্ৰমিকে তেওঁলোকৰ শ্ৰমিক শক্তি এক আনুষ্ঠানিক বা অনানুষ্ঠানিক নিযুক্তি চুক্তিৰ অধীনত বিক্ৰী কৰে।