ৰসায়ন বিজ্ঞান
২২ প্ৰবন্ধ
-
ৰসায়ন বিজ্ঞান
ৰসায়ন বিজ্ঞান হৈছে ভৌতিক বিজ্ঞানৰ এটা শাখা য’ত পদাৰ্থৰ গুণাগুণ, ক্ৰিয়া-বিক্ৰিয়া, সংযুক্তি, পৰিৱৰ্তন, প্ৰস্তুতি পদ্ধতি আৰু পদাৰ্থবোৰৰ মাজত ঘটা মিলনৰ নিয়ম, প্ৰক্ৰিয়া আদি আলোচনা কৰা হয়। বহলকৈ ইয়াক জৈৱ ৰসায়ন, অজৈৱ ৰসায়ন আৰু ভৌত ৰসায়ন এই তিনি ভাগত ভগাব পাৰি।
-
কয়লা
কয়লা (Coal) হৈছে ভূমিৰ অন্তৰ্ভাগৰ স্তৰত পোৱা দহনশীল এক গেদীয় শিল। ইয়াক মূলতঃ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। মুঠ উৎপাদিত শক্তিৰ ৩৫-৪০% কয়লাৰ পৰা আহে। কয়লা প্ৰধানকৈ কাৰ্বনৰ দ্বাৰা নিৰ্মিত হয় আৰু তাৰ লগতে হাইড্ৰ্'জেন, ছালফাৰ, অক্সিজেন আৰু নাইট্ৰ'জেনও কিছু পৰিমাণে থাকে।
-
পৰমাণু
পৰমাণু হৈছে পদাৰ্থৰ মৌলিক গাঁথনি আৰু ই গধুৰ কেন্দ্ৰীয় নিউক্লিয়াছ আৰু ইয়াৰ চাৰিওফালে ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনৰ ডাৱৰেৰে গঠিত। আনহাতে নিউক্লিয়াছ হৈছে ধনাত্মক আধানযুক্ত প্ৰ’টন আৰু আধানহীন নিউট্ৰন কণিকাৰে (ব্যতিক্ৰম হৈছে হাইড্ৰ’জেন-১ পৰমাণু, যিটো নিউট্ৰন কণিকা অবিহনে একমাত্ৰ সুস্থিৰ নিউক্লিড)…
-
ৰাসায়নিক মৌল
ৰাসায়নিক মৌল বা মৌল হৈছে এক প্ৰকাৰৰ পৰমাণুৰ দ্বাৰা গঠিত ৰসায়ন, যিটো কোনো পদাৰ্থৰ সবাতোকৈ মৌলিক অংশ যাক সাধাৰণতে কোনো ৰাসায়নিক বা ভৌতিক বিক্ৰীয়াৰে তাতোকৈ সৰলীকৃত পদাৰ্থলৈ ৰূপান্তৰণ ঘটাব নোৱাৰি। ইহঁতৰ পৰমাণু কেন্দ্ৰত সম সংখ্যক প্ৰট'ন (একে আণৱিক সংখ্যা Z) থাকে।
-
ধাতু
ধাতু হৈছে খুব দ্ৰুত গতিত আয়ন সৃষ্টি কৰিব পৰা কিছুমান মৌলিক পদাৰ্থ। ধাতুৰ ৰাসায়নিক বন্ধনক ধাতব বন্ধন বোলে।
-
ৰাসায়নিক যৌগ
ৰাসায়নিক যৌগ হৈছে দুটা বা তাতোধিক ভিন্ন মৌল ৰাসায়নিক বন্ধনৰ দ্বাৰা লগলাগি সৃষ্টি হোৱা এক গঠন। মৌলবোৰ কিদৰে লগলাগে তাৰ ভিত্তিত চাৰি প্ৰকাৰৰ যৌগ গঠিত হয়: সহযোজী বান্ধনিৰ দ্বাৰা, লৱনসমূহ আয়নিয় বান্ধনিৰ দ্বাৰা, ধাতু সমূহ ধাতৱ বান্ধনিৰ দ্বাৰা আৰু কিছুমান জটিল যৌগ সমন্বয়ী সহযোজী বান্ধনিৰ দ্বাৰা।
-
পৰ্যাবৃত্ত তালিকা
পৰ্য্যাবৃত্ত তালিকা হৈছে পৰমাণু সংখ্যা অনুসৰি ৰাসায়নিক মৌলসমূহ(এতিয়ালৈকে আৱিষ্কৃত ১১৮ টা) সজোৱা তালিকা। তালিকাখনত ১৮টা থিয় শাৰী আৰু ৭টা পথালি শাৰী আছে। একোটা থিয় শাৰীক গ্ৰুপ বা বৰ্গ আৰু পথালি শাৰীক পিৰিয়ড বা পৰ্য্যায় বোলে।
-
খনিজ পদাৰ্থ
খনিজ পদাৰ্থ হৈছে প্ৰাকৃতিকভাৱে উপলব্ধ ৰাসায়নিক পদাৰ্থ। ই সাধাৰণ অৱস্থাত কঠিন আৰু ৰাসায়নিকভাৱে সুস্থিৰ। খনিজ পদাৰ্থৰ সংজ্ঞা সম্পৰ্কে ৰসায়নবিদ সকলৰ মাজত বহুমত আছে যদিও ইয়াৰ কেইটা মান বৈশিষ্ট্যক সংজ্ঞা নিৰূপণৰ বাবে ধৰি ল’ব পৰা যায়। সেই বৈশিষ্ট্য কেইটা হৈছে - # ই প্ৰাকৃতিক ভাৱে উপলব্ধ।
-
জৈৱিক ৰসায়ন
জৈৱিক ৰসায়ন (Organic chemistry) হৈছে ৰসায়ন বিজ্ঞানৰ এটা উপশাখা য'ত জৈৱযৌগ আৰু জৈৱপদাৰ্থসমূহৰ ধৰ্ম, গঠন আৰু বিক্ৰিয়াসমূহৰ বিশয়ে বিজ্ঞানসন্মত অধ্যয়ন কৰা হয়। জৈৱযৌগ আৰু জৈৱপদাৰ্থসমূহ হৈছে সেইবোৰ য'ত কাৰ্বনৰ অণুৰ উপস্থিতি আছে।
-
গ্লিচাৰল
গ্লিচাৰল (ইংৰাজী: Glycerol) এবিধ বৰণহীন, গোন্ধহীন,গাঢ়, তেলেতীয়া, মিঠা সোৱাদযুক্ত তৰল পদাৰ্থ৷ ইয়াৰ IUPAC নাম প্ৰপেন-1,2,3-ট্ৰাইঅ'ল। পানীত বিশেষভাৱে দ্ৰৱণীয়৷ তদুপৰি পানীৰ প্ৰতি ইয়াৰ আকৰ্ষণ ইমান বেছি যে আৰ্দ্ৰ বায়ুৰ পৰা ই নিজৰ ওজনৰ আধা জলীয় বাষ্প শোষণ কৰিব পাৰে৷ চাবোন শিল্পত গ্লিচাৰল প্ৰধান…
-
চাবোন
চাবোন এবিধ পৰিষ্কাৰক ৰাসায়নিক দ্ৰব্য। ইয়াৰ বুৰঞ্জী অতি প্ৰাচীন। খৃষ্টপূৰ্ব ২৮০০ চনৰ বেবিলন সভ্যতাৰ দিনৰ পৰা চাবোন মানুহৰ উপযোগী হৈ থকাৰ প্ৰমাণ পোৱা গৈছে। তেতিয়া ইয়াক বনোৱা হৈছিল জন্তুৰ চৰ্বিক ছাঁইৰ সৈতে উতলাই।
-
ৰাসায়নিক অভিযান্ত্ৰিকী
ৰাসায়নিক অভিযান্ত্ৰিকী (Chemical Engineering, কেমিকেল ইঞ্জিনিয়াৰিং) হ'ল প্ৰকৃতি অথবা ব্যৱহাৰিক বিজ্ঞান (ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান), জৈৱ বিজ্ঞান (জীৱবিজ্ঞান, অণুজীৱবিজ্ঞান, জৈৱ ৰসায়ন)ৰ সতে গণিতবিদ্যা আৰু অৰ্থনীতিৰ সমন্বয়ত গঢ় লোৱা অভিযান্ৰিক বিষয়ৰ এটা শাখা য'ত বিভিন্ন ৰাসায়নিক পদাৰ্থ…
-
অজৈৱ ৰসায়ন
ৰসায়ন বিজ্ঞানৰ এই শাখাটোত ঘাইকৈ অজৈৱ মৌল আৰু যৌগৰ গুণাগুণ অধ্যয়ন কৰা হয়। জৈৱ যৌগসমূহ বাদ দি আন সকলো ৰাসায়নিক পদাৰ্থৰ অধ্যয়ন ইয়াত সন্নিবিষ্ট। জৈৱ ৰসায়নৰ লগত ইয়াৰ পাৰ্থক্য লক্ষনীয় যদিও কিছু ক্ষেত্ৰত যেনে- জৈৱ-ধাতৱিক ৰসায়ন (ধাতৱিক কাৰ্বনেট)ৰ বেলিকা দুয়োটাৰ মিল দেখা যায়।
-
অজ’ন
অজ’ন হৈছে অক্সিজেনৰ এটা অৱৰূপ; নীলাভ ৰঙৰ এবিধ অতি সক্ৰিয় গেছ। ইয়াৰ IUPAC নাম ট্ৰাইঅক্সিজেন। ই এবিধ জাৰক। বায়ুৰ মাজেৰে শব্দহীন বৈদ্যুতিক ডিছচাৰ্জ পঠিয়াই উৎপন্ন কৰিব পৰা এইবিধ গেছৰ অণু একোটা তিনিটা অক্সিজেন পৰমাণুৰে গঠিত। ১৫ৰ পৰা ৩০ কিল’মিটাৰ উচ্চতাত থকা বায়ুমণ্ডলতহে কিছু অজ’ন থাকে।
-
সেউজ গৃহ গেছ নিৰীক্ষণ
সেউজ গৃহ গেছ নিৰীক্ষণ হৈছে সেউজ গৃহ গেছৰ নিৰ্গমন আৰু মাত্ৰাৰ প্ৰত্যক্ষ জোখ। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব জুখিবলৈ ইনফ্ৰাৰেড বিশ্লেষণ আৰু মেন’মেট্ৰিকে ধৰি কেইবাটাও ভিন্ন পদ্ধতি আছে। মিথেন আৰু নাইট্ৰাছ অক্সাইড আন যন্ত্ৰৰদ্বাৰা জুখিব পাৰি।
-
কাৰ্বন-১২
কাৰ্বন-১২ হৈছে কাৰ্বনৰ সুস্থিৰ আইছ'টপবোৰৰ ভিতৰত সকলোতকৈ বেছিকৈ উপলব্ধ আইছ'টপ। ইয়াৰ উপলব্ধতা হৈছে প্ৰায় ৯৮.৯৩%; নক্ষত্ৰত হোৱা ত্ৰি-আলফা পক্ৰিয়াৰ ফলত ইয়াৰ সৃষ্টি হয়।
-
সেউজ গৃহ গেছ পৰ্যবেক্ষণকাৰী উপগ্ৰহ-২
সেউজ গৃহ গেছ পৰ্যবেক্ষণ উপগ্ৰহ-২ (GOSAT-2), যাক ইবুক-২ (জাপানী: いぶき2号, হেপবাৰ্ন: Ibuki nigō) বুলিও কোৱা হয়, সেউজ গৃহ গেছ নিৰীক্ষণৰ বাবে নিবেদিত পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ। ই সেউজ গৃহ গেছ পৰ্যবেক্ষণ উপগ্ৰহ (GOSAT)ৰ উত্তৰাধিকাৰী।
-
ৰাসায়নিক মৌলৰ তালিকা
আন্তৰ্জাতিক বিশুদ্ধ আৰু প্ৰয়োগ ৰসায়ন সংঘ (IUPAC)ই ১১৮টা ৰাসায়নিক মৌল চিনাক্ত কৰি আনুষ্ঠানিকভাৱে নামকৰণ কৰিছে। ৰাসায়নিক মৌল, যাক প্ৰায়ে কেৱল মৌল বুলি কোৱা হয়, হৈছে এনে একপ্ৰকাৰৰ পৰমাণু যাৰ পাৰমাণৱিক নিউক্লিয়াছত এটা নিৰ্দিষ্টসংখ্যক প্ৰ'টন থাকে (অৰ্থাৎ, এটা নিৰ্দিষ্ট পৰমাণু সংখ্যা, বা Z )।
-
অষ্টক নিয়ম
ৰাসায়নিক বিক্ৰিয়াৰ সময়ত মৌলৰ পৰমাণুবোৰে ইহঁতৰ যোজক কক্ষত আঠটা ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ কৰিব বিচাৰে। ইয়াৰ দ্বাৰা পৰমাণু এটাই পৰ্যাবৃত্ত তালিকাত ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছটোৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰে। ইয়াকে অষ্টক নিয়ম বোলে।
-
উপ্চেলাইট
উপ্চেলাইট মেগনেছিয়াম কাৰ্বনেটৰ এটা অনাৰ্দ্ৰ (ইংৰাজী: anhydrous) ৰূপ। ২০১৩ চনৰ জুলাই মাহত এই পদাৰ্থবিদৰ প্ৰথম সম্ভেদ প্ৰকাশিত হৈছিল। প্ৰতি গ্ৰামত ৮০০ মিটাৰ² পৃষ্ঠকালিসম্পন্ন উপ্চেলাইট এতিয়ালৈকে আৱিস্কৃত সকলো এলকালি আৰ্থ মেটেল কাৰ্বনেট(ইংৰাজী:alkali earth metal carbonate)ৰ ভিতৰত সৰ্বোচ্চ…
-
পদাৰ্থৰ অৱস্থা
পদাৰ্থৰ অৱস্থা বুলি ক’লে সম্পূৰ্ণ সুকীয়াকৈ পদাৰ্থৰ ভিন্ন দশাৰ উপস্থিতিকে বুজা যায়। দৈনন্দিন অভিজ্ঞতাৰ পৰা পদাৰ্থৰ: কঠিন, জুলীয়া, আৰু গেছীয় এই তিনিটা অৱস্থাৰ বিষয়ে জনা যায়। পদাৰ্থৰ আন অৱস্থাবোৰ যেনে প্লাজমা বৈজ্ঞানিক কাম-কাজতহে গুৰুত্বপূৰ্ণ।
-
বিশ্লেষণাত্মক ৰসায়ন
বিশ্লেষণাত্মক ৰসায়ন, যিয়ে পদাৰ্থক পৃথক, চিনাক্তকৰণ আৰু পৰিমাণ নিৰ্ণয় কৰিবলৈ যন্ত্ৰ আৰু পদ্ধতি অধ্যয়ন কৰে আৰু ব্যৱহাৰ কৰে। কাৰ্যক্ষেত্ৰত পৃথক্কৰণ, চিনাক্তকৰণ বা পৰিমাণীকৰণে সমগ্ৰ বিশ্লেষণটো গঠন কৰিব পাৰে বা আন পদ্ধতিৰ সৈতে সংযুক্ত কৰিব পাৰে। পৃথক্কৰণে বিশ্লেষক পৃথক কৰে।