শক্তি
৮ প্ৰবন্ধ
-
শক্তি
পদাৰ্থবিজ্ঞানত শক্তি (ইংৰাজী: Energy) হৈছে এনে এক বৈশিষ্ট্য (property) যাক লাভ কৰাৰ যোগেদি কোনো এক পদাৰ্থই কাম কৰিব পাৰে অথবা কোনো অন্য এক অৱস্থালৈ ৰূপান্তৰিত হ'ব পাৰে, কিন্তু ই কেতিয়াও সৃষ্টি অথবা বিনাশ হ'ব নোৱাৰে। শক্তিৰ এছ আই একক (SI unit) হৈছে জুল।
-
জলবিদ্যুৎ
জলবিদ্যুৎ (Hydroelectricity) হৈছে জলশক্তিৰ পৰা উৎপাদন হোৱা বিদ্যুৎ। ২০১৫ চনৰ তথ্য মতে, পৃথিৱীৰ সৰ্বমুঠ বিদ্যুৎ উৎপাদনৰ প্ৰায় ১৬.৬%য়েই হৈছে জলবিদ্যুৎ। আনহাতে, নৱীকৰণযোগ্য বৈদ্যুতিক শক্তিৰ প্ৰায় ৭০%য়েই হৈছে জলবিদ্যুৎ।
-
সৌৰ শক্তি
নৱীকৰণযোগ্য অন্যতম শক্তি হৈছে সৌৰশক্তি, ইয়াৰ উৎস হৈছে সূৰ্য। সূৰ্যৰ দ্বাৰা বিকিৰণ হোৱা ফ’টন কণাক (UV) সৌৰকোষ নামৰ আৰ্হিৰ দ্বাৰা আবদ্ব কৰি নিৰ্দিষ্ট পদ্বতিৰে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয়।
-
কাৰ্য্য
পদাৰ্থ বিজ্ঞানত, যেতিয়া বল প্ৰয়োগ কৰি বলৰ দিশত কিছু সৰণ ঘটাব পাৰি, তেতিয়া কাৰ্য্য কৰা হৈছে বুলি কোৱা হয়। উদাহৰণস্বৰূপে, যেতিয়া এটা ফুটবল মাটিৰ পৰা ওপৰত ৰখা হয় আৰু তাৰপাছত পেলাই দিয়া হয়, ফুটবলটোৰ ওপৰত কৰা কাৰ্যৰ পৰিমাণ হ'ব ফুটবলৰ ওজন (বল) আৰু মাটিৰ পৰা ওপৰত থকাৰ দূৰত্ব(সৰণ)ৰ গুণফল।
-
গতি শক্তি
পদাৰ্থ বিজ্ঞানত গতি শক্তি (Kinetic energy) হৈছে কোনো পদাৰ্থৰ গতিৰ ফলত উৎপন্ন হোৱা শক্তি। নিৰ্দিষ্ট ভৰৰ কোনো পদাৰ্থ এটাক স্থিৰাৱস্থাৰ পৰা উক্ত বেগলৈ ত্বৰিত কৰিবলৈ প্ৰয়োজন হোৱা কাৰ্যই তাৰ গতিশক্তি বুলি সংজ্ঞাবদ্ধ কৰা হয়।
-
বেঁতাৰ শক্তি স্থানান্তৰ
বেতাঁৰ শক্তি স্থানান্তৰ (Wireless Power Transfer; বেতাঁৰ শক্তি সংবহন বা WET) হৈছে তাঁৰ অবিহনে বৈদ্যুতিক শক্তিৰ ভৌতিক সংযোগ হিচাপে প্ৰতিষ্ঠিত হোৱা এক সংবহন ব্যৱস্থা।
-
ভূতাপীয় শক্তি
ভূতাপীয় শক্তি (Geothermal Power) হৈছে পৃথিৱীৰ ভূতাপীয় ক্ষমতাৰ দ্বাৰা উৎপাদন কৰা শক্তি৷ শুষ্ক বাস্প বৈদ্যুতিক কেন্দ্ৰ, স্ফুলিংগ বাস্প বৈদ্যুতিক কেন্দ্ৰ আৰু দ্বৈত চক্ৰ বিদ্যুৎ কেন্দ্ৰ (binary cycle power station) প্ৰযুক্তি ব্যৱহাৰ কৰি এতিয়ালৈকে এই শক্তি আহৰণ কৰি থকা হৈছে৷ ভূতাপীয় বিদ্যুৎ উৎপাদন…
-
শক্তিৰ সংৰক্ষণশীলতা
পদাৰ্থ বিজ্ঞানৰ মতে, কোনো এটা বিচ্ছিন্ন প্ৰণালী (isolated system)ৰ শক্তি সলনি হ’ব নোৱাৰে, ইয়াকেই শক্তিৰ সংৰক্ষণশীলতাৰ সূত্ৰ বুলি কোৱা হয়, এই সূত্ৰৰ মতে, শক্তিৰ শৃষ্টি বা ধ্বংশ হ’ব নোৱাৰে, কিন্তু শক্তি ইয়াৰ এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিৱৰ্তিত হ’ব পাৰে, উদাহৰণস্বৰূপে ডাইনামাইটৰ বিষ্ফোৰণৰ সময়ত…