গ্ৰহ
৮ প্ৰবন্ধ
-
পৃথিৱী
পৃথিৱী (Earth) হৈছে মানুহসহ কোটি কোটি প্ৰজাতি জীৱৰ আবাসস্থল। ই এটা মধ্যমীয়া আকাৰৰ গ্ৰহ। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে পৃথিৱীৰ স্থান তৃতীয়। সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব ১৪.৯৬ কোটি কিলোমিটাৰ। লেটিন ভাষাত এই গ্ৰহৰ নাম টেৰা (Terra)।
-
মঙ্গল গ্ৰহ
সৌৰজগতৰ চতুৰ্থ গ্ৰহ হৈছে মঙ্গল গ্ৰহ। পৃথিৱীৰ পৰা এই গ্ৰহটো ৰঙা বৰণৰ দৰে দেখি। মঙ্গলগ্ৰহ সৌৰজগতৰ শেষ পাৰ্থিৱ গ্ৰহ। অৰ্থাৎ এই গ্ৰহটোৰো ভূ-ত্বক পৃথিৱী ভূ-ত্বকৰ সৈতে বহুখিনি সাদৃশ্য আছে।
-
শনি গ্ৰহ
শনিগ্ৰহ (ইংৰাজীত: Saturn) সৌৰজগতৰ ৬ষ্ঠ তম গ্ৰহ। বৃহস্পতি গ্ৰহৰ পিছত এইটো গ্ৰহটো সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ। শনি এটা গেছীয় বিশাল গ্ৰহ, যাৰ গড় ব্যাসাৰ্ধ পৃথিৱীৰ প্ৰায় নগুণ। ইয়াৰ ঘনত্ব পৃথিৱীৰ গড় ঘনত্বৰ অষ্টমাংশ যদিও ইয়াৰ ভৰ ৯৫ গুণতকৈও অধিক।
-
বৃহস্পতি গ্ৰহ
বৃহস্পতি গ্ৰহ (ইংৰাজীত: Jupiter জুপিটৰ, আ-ধ্ব-ব: ˈdʒu:.pɪ.tə(ɹ)) সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহ পঞ্চম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ বৃহত্তম গ্ৰহ। বৃহস্পতিগ্ৰহটোক বাদ দি সৌৰজগতৰ বাকী সকলো গ্ৰহৰ ভৰকে একেলগ কৰিলেও বৃহস্পতিৰ ভৰতকৈ আঢ়ৈ গুণ বেছি হ’ব।
-
শুক্ৰ গ্ৰহ
শুক্ৰ গ্ৰহ সূৰ্যৰ পৰা দূৰত্বৰ দিশত সৌৰজগতৰ দ্বিতীয় গ্ৰহ। এই পাৰ্থিৱ গ্ৰহটোক অনেক সময়ত পৃথিৱীৰ "ভনী গ্ৰহ" বুলি আখ্যায়িত কৰা হয়, কাৰণ পৃথিৱী আৰু শুক্ৰৰ মাজত গাঠনিক উপাদান আৰু আচাৰ আচৰণ বহুতো সাদৃশ্য আছে।
-
বুধ গ্ৰহ
বুধ (ইংৰাজী Mercury; (মাৰ্কিউৰী) সৌৰজগতৰ প্ৰথম আৰু ক্ষুদ্ৰতম গ্ৰহ। এই গ্ৰহটো সূৰ্যৰ সবাতোকৈ নিকটতম গ্ৰহ। ইয়াৰ কোনো উপগ্ৰহ নাই। বুধে নিজ মেৰুদণ্ডৰ ওপৰত এবাৰ ঘুৰিবলৈ ৫৮.৬৫ পৃথিৱী-দিন সময় লয়৷ এই গ্ৰহটোৱে সূৰ্যক প্ৰতি ৮৮ দিনে এবাৰকৈ প্ৰদক্ষিণ কৰে।
-
ইউৰেনাচ
ইউৰেনাচ (ইংৰাজীত: Uranus) সৌৰজগতৰ সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহটো সপ্তম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ তৃতীয় বৃহত্তম গ্ৰহ। গ্ৰহটোৰ নাম আকাশৰ গ্ৰীক দেৱতা ক্ৰ'নচৰ পিতৃ, জ্যুচৰ পিতামহ তথা এৰিচৰ প্ৰপিতামহ ইউৰেনাচৰ পৰা লোৱা হৈছে।
-
নেপচুন
নেপচুন (ইংৰাজীত: Neptune) সৌৰজগতৰ সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহটো অষ্টম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ চতুৰ্থ বৃহত্তম গ্ৰহ আনহাতে ভৰৰ দিশত এই গ্ৰহটোৱে তৃতীয় স্থান অধিকাৰ কৰিছে। ৰোমানলোকসকলৰ সাগৰীয় দেৱতা নেপচুনৰ পৰাই গ্ৰহটোৰ নাম নেপচুন ৰখা হৈছে।