অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

অলিগুৰিয়া

অলিগুৰিয়া বা হাইপ'ইউৰেচিছ হৈছে প্ৰস্ৰাৱৰ কম উৎপাদন বিশেষকৈ দিনে ৮০ মিলিলিটাৰকৈ অধিক কিন্তু ৪০০ মিলিলিটাৰতকৈ কম। প্ৰস্ৰাৱৰ উৎপাদন হ্ৰাস পোৱাটো পানীলগা, বৃক্ক বিকলতা, হাইপ’ভ’লেমিক শ্বক, হাইপাৰঅস্মোলাৰ হাইপাৰগ্লাইচেমিক ননকেটটিক চিনড্ৰম (HHNS), মাল্টিপল অৰ্গেন ডিছফংচন চিনড্ৰম, প্ৰস্ৰাৱৰ বাধা/প্ৰস্ৰাৱ…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

অলিগুৰিয়া বা হাইপ'ইউৰেচিছ হৈছে প্ৰস্ৰাৱৰ কম উৎপাদন বিশেষকৈ দিনে ৮০ মিলিলিটাৰকৈ অধিক কিন্তু ৪০০ মিলিলিটাৰতকৈ কম।১ প্ৰস্ৰাৱৰ উৎপাদন হ্ৰাস পোৱাটো পানীলগা, বৃক্ক বিকলতা, হাইপ’ভ’লেমিক শ্বক, হাইপাৰঅস্মোলাৰ হাইপাৰগ্লাইচেমিক ননকেটটিক চিনড্ৰম (HHNS), মাল্টিপল অৰ্গেন ডিছফংচন চিনড্ৰম, প্ৰস্ৰাৱৰ বাধা/প্ৰস্ৰাৱ ধৰি ৰখা, ডায়েবেটিক কেট’এচিড’ছিছ (DKA), প্ৰি-এক্লেম্পচিয়া, আৰু প্ৰস্ৰাৱৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে।

অলিগুৰিয়াৰ বাহিৰেও এনুৰিয়া আছে, যিয়ে প্ৰস্ৰাৱ প্ৰায় কমকৈ হোৱাটো বুজায়, ক্লিনিকেলভাৱে দিনে ৮০ বা ১০০ মিলিলিটাৰকৈ কম বুলি শ্ৰেণীভুক্ত কৰা হয়।১

অলিগুৰিয়া শব্দটো অলিগোৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে “সৰু, কম’’ + -uria, গ্ৰীক শব্দ ouron ৰ পৰা, যাৰ অৰ্থ হৈছে “প্ৰস্ৰাৱ।’’২

সংজ্ঞা

অলিগুৰিয়া কেঁচুৱাৰ ক্ষেত্ৰত ১ মিলিলিটাৰ/কিলোগ্ৰাম/ঘণ্টাতকৈ কম,৩ শিশুৰ ক্ষেত্ৰত ০.৫ মিলিলিটাৰ/কিলোগ্ৰাম/ঘণ্টাতকৈ কম,৩ আৰু প্ৰাপ্তবয়স্কৰ প্ৰতি ২৪ ঘণ্টাত ৪০০ মিলিলিটাৰ৩ বা ৫০০ মিলিলিটাৰ৪তকৈ কম প্ৰস্ৰাৱৰ উৎপাদন হিচাপে সংজ্ঞায়িত কৰা হয় - ই ১৭ বা ২১ মিলিলিটাৰ/ঘণ্টাৰ সমান। উদাহৰণস্বৰূপে, ৭০ কিলোগ্ৰাম ওজনৰ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ই ০.২৪ বা ০.৩ মিলিলিটাৰ/কিলোগ্ৰাম/ঘণ্টাৰ সমান। কিন্তু বিকল্পভাৱে প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰতো অলিগুৰিয়াৰ সংজ্ঞা দিবলৈ ০.৫ মিলিলিটাৰ/কিলোগ্ৰাম/ঘণ্টাৰ মান সাধাৰণতে ব্যৱহাৰ কৰা হয়।৪

কেঁচুৱাৰ ক্ষেত্ৰত

কেঁচুৱাৰ ক্ষেত্ৰত অলিগুৰিয়াক ১ মিলিলিটাৰ/কিলোগ্ৰাম/ঘণ্টাতকৈ কম বুলি সংজ্ঞায়িত কৰিলে ই বৃক্কৰ বিকলতাৰ বাবে নহয়।৫

তথ্যসূত্ৰ

  1. ↑ Boon, Nicholas A.; Colledge, Nicki R.; Walker, Brian R. (2006). Davidson's Principles & Practice of Medicine. Elsevier/Churchill Livingstone. পৃ. 475. ISBN 978-0-443-10057-4
  2. ↑ Oliguria · Origin and meaning of oliguria by Online Etymology Dictionary. www.etymonline.com
  3. ↑ (1998). Acute oliguria. N Engl J Med. পৃ. 671–5 Free Full Text
  4. ↑ Merck manuals > Oliguria Last full review/revision March 2009 by Soumitra R. Eachempati
  5. ↑ Arant B. (1987). Postnatal development of renal function during the first year of life. Pediatr Nephrol. পৃ. 308–13

সম্পৰ্কিত শ্ৰেণী

চিকিৎসা বিজ্ঞানমানৱ বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অলিগুৰিয়া” প্ৰবন্ধৰ সংশোধন ৬৩১৩০১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।