ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
১৫ প্ৰবন্ধ
-
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (Indian Space Research Organisation), চমুকৈ ইছৰো ভাৰতৰ প্ৰধান মহাকাশ গৱেষণা সংস্থা। ভাৰত চৰকাৰৰ নিয়ন্ত্ৰণাধীন এই সংস্থাটি বিশ্বৰ অগ্ৰণী মহাকাশ গৱেষণা সংস্থাসমূহৰ অন্যতম। অতীতৰ বহুতো সুসংহত প্ৰচেষ্টাৰ ফলস্ৰুতিত ১৯৬৯ চনত ইছৰোৱে বৰ্তমানৰ ৰূপত প্ৰতিষ্ঠিত হয়।
-
চন্দ্ৰযান-১
চন্দ্ৰযান ১ (चन्द्रयान-१, lit: Moon vehicle ) ভাৰতৰ প্ৰথম মানৱবিহীন চন্দ্ৰযান। ২০০৮ চনৰ অক্টোবৰ মাহত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইয়াক উৎক্ষেপন কৰে আৰু ২০০৯ চনৰ আগষ্ট মাহলৈ চলাই ৰাখে। ভাৰতৰ মহাকাশ কৰ্মসূচীত এই অভিযান এক বৃহৎ পদক্ষেপ।
-
মংগল গ্ৰহৰ কক্ষপথ অভিযান
মংগল গ্ৰহৰ কক্ষপথ অভিযান বা বেচৰকাৰীভাৱে কোৱামঙ্গলযান (ইংৰাজী: Mars Orbiter Mission বা চমুকৈ MOM, সংস্কৃত: मङ्गलयान, "Mars-craft") পৃথিৱীৰ পৰা মঙ্গল গ্ৰহলৈ কৰা এক মহাকাশ অভিযান। ২০১৩ চনৰ ৫ নৱেম্বৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা ইয়াক সফলতাৰে পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হয়।
-
সতীশ ধৱন মহাকাশ কেন্দ্ৰ
সতীশ ধৱন মহাকাশ কেন্দ্ৰ (ইংৰাজী: Satish Dhawan Space Centre, সংক্ষেপে SDSC) বা শ্ৰীহৰিকোটা ৰেঞ্জ (ইংৰাজী: Sriharikota Range, সংক্ষেপে SHAR) ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা পৰিচালিত এটা ৰকেট উৎক্ষেপণ কেন্দ্ৰ। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত এই কেন্দ্ৰটো অৱস্থিত।
-
চন্দ্ৰযান-৩
চন্দ্ৰযান-৩ হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা চন্দ্ৰত অনুসন্ধানৰ বাবে প্ৰস্তুত কৰা তৃতীয় চন্দ্ৰ অভিযান। ইয়াত চন্দ্ৰযান-২ৰ দৰেই এখন লেণ্ডাৰ আৰু এখন ৰ’ভাৰ আছে, কিন্তু ইয়াত অৰবিটাৰ নাই।
-
চন্দ্ৰযান-২
চন্দ্ৰযান-২ (चन्द्रयान-२;; lit: Moon-vehicle ) হৈছে চন্দ্ৰযান-১ ৰ পিছত ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা প্ৰস্তুত কৰা এই অভিযানটো ভূ-সকালীকৃত উপগ্ৰহ উৎক্ষেপণ যান মাৰ্ক ৩ ৰ (GSLV Mk III) দ্বাৰা উৎক্ষেপণৰ পৰিকল্পনা কৰা হৈছে।
-
গগনযান
গগনযান (Gaganyaan) হৈছে এক ভাৰতীয় মানৱযুক্ত কক্ষপথীয় মহাকাশযান, যি মানৱ মহাকাশ যাত্ৰা কাৰ্যসূচীৰ অংশ। মহাকাশযানখন তিনিজন মহাকাশচাৰীক কঢ়িয়াই নিয়াৰ বাবে প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ পৰিকল্পিত উন্নত সংস্কৰণটো উপস্থাপন আৰু ডকিং ক্ষমতাৰে সজ্জিত কৰা হ'ব।
-
এষ্ট্ৰ'ছেট
এষ্ট্ৰ'ছেট (ইংৰাজী: Astrosat) হৈছে জ্যোতিৰ্বিজ্ঞান গৱেষণাৰ বাবে নিৰ্মিত ভাৰতৰ প্ৰথমটো উপগ্ৰহ আৰু ২৮ ছেপ্টেম্বৰ তাৰিখে পি.এছ.এল.ভি. উৎক্ষেপন বাহনৰ সহায়েৰে ইযাক সফলতাৰে কক্ষপথত স্থাপন কৰা হয়।
-
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষসকল
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইংৰাজী: Indian Space Research Organisation), চমুকৈ ইছৰোৰ অধ্যক্ষ হৈছে সংস্থাটোৰ সৰ্বোচ্চ পদাধিকাৰী। ১৯৬২ চনত বিক্ৰম সাৰাভাইৰ অধ্যক্ষতাত Indian National Committee for Space Research (INCOSPAR) গঠন কৰা হৈছিল।
-
আদিত্য-এল১
আদিত্য-এল১ (Aditya-L1) হৈছে সূৰ্যৰ বায়ুমণ্ডলৰ অধ্যয়নৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) আৰু অন্যান্য বহুকেইটা ভাৰতীয় গৱেষণা সংস্থাৰ সমন্বয়ত ৰূপাংকণ তথা বিকাশ কৰা এখন ক'ৰ'ণাগ্ৰাফি মহাকাশযান (coronagraphy spacecraft)।
-
আৰ্যভট্ট (কৃত্ৰিম উপগ্ৰহ)
আৰ্যভট্ট (হিন্দী: आर्यभट) ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ। ভাৰতৰ বিখ্যাত জ্যোতিৰ্বিদ আৰ্যভট্টৰ নামেৰে এই উপগ্ৰহটোৰ নামকৰণ কৰা হৈছিল।
-
ব্যোমমিত্ৰা
ব্যোমমিত্ৰা (Vyommitra) হৈছে এগৰাকী মহাকাশ ভ্ৰমণকাৰী হিউমনয়ড (মানৱগুণ বিশিষ্ট) ৰবট। ২০২০ চনৰ ২২ জানুৱাৰী তাৰিখে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মানৱ মহাকাশযাত্ৰা আৰু অনুসন্ধানকাৰী আলোচনাচক্ৰত এগৰাকী নাৰীসদৃশ ৰবটৰ নাম ঘোষণা কৰে, যাক গগণযান নামৰ মহাকাশ অভিযানটোত আন মহাকাশচাৰীসকলৰ সৈতে…
-
ভাৰতীয় অন্তৰীক্ষ ষ্টেচন
ভাৰতীয় অৰ্বিটেল স্পেচ ষ্টেচন, যাক ভাৰতীয় অন্তৰীক্ষ ষ্টেচন বুলিও কোৱা হয়, ভাৰতৰ দ্বাৰা নিৰ্মাণ হ’বলগীয়া আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ দ্বাৰা পৰিচালিত পৰিকল্পিত মডিউলাৰ মহাকাশ কেন্দ্ৰ।
-
ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেম
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)-ৰ দ্বাৰা বিকশিত আৰু ভাৰত চৰকাৰৰ দ্বাৰা সম্পূৰ্ণভাৱে নিয়ন্ত্ৰিত ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেম (IRNSS) হৈছে এক স্বয়ংক্ৰিয় কৃত্ৰিম উপগ্ৰহ ভিত্তিক নেভিগেচন চিষ্টেম।
-
স্পেডেক্স
স্পেডেক্স বা স্পেচ ডকিং এক্সপেৰিমেণ্ট (SpaDeX বা Space Docking Experiment) ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা বিকশিত এক যমজ উপগ্ৰহ অভিযান। মানৱ মহাকাশ ভ্ৰমণ, মহাকাশত থকা উপগ্ৰহীয় সেৱা আৰু অন্যান্য নিকটতা কাৰ্যকলাপৰ প্ৰয়োগৰ পৰিসৰৰ সৈতে কক্ষপথৰ মিলন, ডকিং, গঠন উৰণ সৈতে সম্পৰ্কিত প্ৰযুক্তি বিকশিত…