বিজ্ঞান
গণিত, পদাৰ্থ, ৰসায়ন, জীৱবিজ্ঞান আৰু মহাকাশ · ৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৱাল্টাৰ লুইন পদাৰ্থ বিজ্ঞান শ্ৰেণীকোঠাৰ পাঠসমূহ
“ৱাল্টাৰ লুইনৰ পদাৰ্থ বিজ্ঞানৰ শ্ৰেণীকোঠাৰ পাঠসমূহ” হৈছে এম আই টিৰ পদাৰ্থবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৱাল্টাৰ লুইনে তিনিটা পাঠ্যক্ৰমৰ ওপৰত আগবঢ়োৱা শ্ৰেণীকোঠাৰ ভিডিঅ ৰূপ।
-
ৱেইলি ৱু
ৱেইলি (লিলি) ৱু হৈছে এজনী চীনা-আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁ ইউনিভাৰ্ছিটি অৱ টেক্সাছ এট ডেলাছত ডাটা কমিউনিকেচন আৰু ডাটা মেনেজমেণ্ট লেবৰেটৰীৰ সঞ্চালক আৰু কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপিকা।
-
ৱেবৰ প্ৰথম গভীৰ ক্ষেত্ৰ
ৱেবৰ প্ৰথম গভীৰ ক্ষেত্ৰ হৈছে জেমছ ৱেব মহাকাশ দূৰবীণৰ দ্বাৰা গ্ৰহণ কৰা প্ৰথমখন কাৰ্যকৰী ছবি, য'ত পৃথিৱীৰ পৰা ৪.৬ বিলিয়ন আলোকবৰ্ষ দূৰত থকা SMACS 0723 নামৰ তাৰকাপুঞ্জৰ চৌদিশৰ আকাশ দেখা গৈছে।
-
পদাৰ্থ বিজ্ঞান
পদাৰ্থ বিজ্ঞান (ইংৰাজী: Physics) হৈছে প্ৰাকৃতিক বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা য'ত স্থান-কালৰ মাজেৰে পদাৰ্থ, ইয়াৰ গতি আৰু আচৰণকে ধৰি অন্যান্য সংযুক্ত ধাৰণাসমূহ; যেনে শক্তি আৰু বল ইত্যাদি বিষয়সমূহ অধ্যয়ন কৰা হয়।
-
ৰসায়ন বিজ্ঞান
ৰসায়ন বিজ্ঞান হৈছে ভৌতিক বিজ্ঞানৰ এটা শাখা য’ত পদাৰ্থৰ গুণাগুণ, ক্ৰিয়া-বিক্ৰিয়া, সংযুক্তি, পৰিৱৰ্তন, প্ৰস্তুতি পদ্ধতি আৰু পদাৰ্থবোৰৰ মাজত ঘটা মিলনৰ নিয়ম, প্ৰক্ৰিয়া আদি আলোচনা কৰা হয়। বহলকৈ ইয়াক জৈৱ ৰসায়ন, অজৈৱ ৰসায়ন আৰু ভৌত ৰসায়ন এই তিনি ভাগত ভগাব পাৰি।
-
চন্দ্ৰ
চন্দ্ৰ বা জোন পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ। চন্দ্ৰ সৌৰজগতৰ বৃহৎ উপগ্ৰহসমূহৰ অন্যতম, আৰু গ্ৰহৰ আকাৰ আৰু উপগ্ৰহৰ আকাৰৰ অনুপাতৰ ক্ষেত্ৰত সৌৰজগতৰ ভিতৰতে সৰ্ববৃহৎ। চন্দ্ৰৰ উৎপত্তি প্ৰায় ৪৫০ কোটি বৰ্ষৰ পূৰ্বে হোৱা বুলি ধাৰণা কৰা হয়। চন্দ্ৰৰ উৎপত্তিৰ বিষয়ে বিভিন্ন জনে অনুমান কৰিছে।
-
গণ (জীৱবিদ্যা)
গণ( genus plural: genera) হৈছে, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত পৰিয়ালৰ তলত আৰু প্ৰজাতিৰ ওপৰত অৱস্থান কৰা এক বিশেষ বৰ্গীয় স্থান। জীৱৰ দ্বৈৰাশিক নামকৰণত, প্ৰতিটো প্ৰজাতিৰ বৈজ্ঞানিক নামটোৰ প্ৰথম পদটো প্ৰজাতিটোৰ গণৰ নামটোৱেই পূৰণ কৰে; যেনে - Pongo pygmaeus আৰু Pongo abelii হ'ল, Pongo (ওৰাংওটাং) নামৰ…
-
জ্যোতিৰ্বিজ্ঞান
জ্যোতিৰ্বিজ্ঞান (ইংৰাজী: Astronomy) মহাবিশ্বৰ ভ্ৰাম্যমান জ্যোতিষ্কবোৰৰ বিষয়ে বিজ্ঞান। এই বিজ্ঞান জ্যোতিষশাস্ত্ৰ (astrology) নহয়। জ্যোতিৰ্বিজ্ঞান বিশেষজ্ঞসকলক জ্যোতিৰ্বিজ্ঞানী (astronomer) বোলা হয়।
-
গ্ৰহ
গ্ৰহ হৈছে কোনো তৰা বা মৃত তৰাৰ চাৰিওফালে পৰিভ্ৰমণ কৰা এক প্ৰকাৰৰ জ্যোতিৰ্বৈজ্ঞানিক পিণ্ড যি নিজৰ মাধ্যাকৰ্ষণৰ ফলত গোলাকৃতিৰ হৈ থাকে, তাপনিউক্লিয় সংযোজন ঘটাবলৈ অপৰাগ, আৰু মাধ্যাকৰ্ষণিক পৰিসৰ থকা সকলো বস্তুকে নিজৰ ফাললৈ আকৰ্ষিত কৰে।
-
লো
লো হৈছে এটা মৌলিক পদাৰ্থ যাৰ পাৰমাণবিক সংখ্যা ২৬ আৰু ৰাসায়নিক সংকেত Fe। ই এক প্ৰকাৰৰ ধাতু। ধাতুসমূহৰ ভিতৰত প্ৰাচুৰ্যৰ দিশত প্ৰকৃতিত এলুমিনিয়ামৰ পিছতেই লো দ্বিতীয় স্থানত আছে। প্ৰকৃতিত বিশুদ্ধ লো বিৰল, ইয়াক সদায় অন্য ধাতুৰ সৈতে মিশ্ৰ ৰূপতহে পোৱা যায়।
-
মৰুভূমি
মৰুভূমি (Desert) হ’ল এক অতি শুকান বিস্তৃত অঞ্চল বা ভূ-মণ্ডল। ইয়াত বৰষুণৰ পৰিমাণ অতি কম। ইয়াত নামমাত্ৰ হে গছ-গছনিৰে ভৰা ঠাই আছে আৰু যিখিনি আছে অতি সোনকালে শুকাই যায়, যদিহে বাহিৰৰ পৰা পানী যোগান ধৰা নহয় মৰুভূমিৰ অৰ্থ আমি এনেকেও বুজিব পাৰো, যি অঞ্চলত বহু অংশ পানী বাষ্পীভূত হৈ হেৰাই যায়, আৰু…
-
প্ৰাণীবিজ্ঞান
প্ৰাণী বিদ্যা হৈছে জীৱবিজ্ঞানৰ এটা শাখা। এই শাখাত সকলো প্ৰাণীৰ বিষয়ে গৱেষণা কৰা হয়। জীৱবিদ্যা বা জীৱ বিজ্ঞানৰ যি শাখাত প্ৰাণীৰ বিষয়ে সম্যক আলোচনা আৰু বিভিন্ন তথ্য পৰিবেশিত কৰা হয় তাকে প্ৰাণী বিজ্ঞান বা প্ৰাণী বিদ্যা বোলে।
-
হৰম'ন
হ'ৰমন হৈছে যিকোনো সংকেতবাহী অনু, যি বহুকোষী জীৱৰ গ্ৰন্থিত উৎপাদন হয় আৰু জীৱটোৰ শৰীৰতত্ত্ব আৰু আচৰণ নিয়ন্ত্ৰণৰ বাবে নিৰ্দিষ্ট লক্ষ্য অংগলৈ সংবহন তন্ত্ৰৰ জৰিয়তে পৰিবাহিত হয়।
-
ৰূপ
ৰূপ হৈছে এবিধ মৌলিক পদাৰ্থ। ইয়াৰ পাৰমাণবিক সংখ্যা - ৪৭।
-
ৱিকি
'ৱিকি' (wiki) হৈছে এক ধৰণৰ 'ৱেবচাইট' য'ত 'ইণ্টাৰনেট' দৰ্শন কৰিবলৈ ব্যৱহাৰ কৰা 'ব্ৰাউজাৰ'ৰ যোগেদিয়েই 'ৱেবপৃষ্ঠা' এটা নতুনকৈ সৃষ্টি কৰিব পাৰি বা ইতিপূৰ্বে থকা পৃষ্ঠা এটা সম্পাদনা কৰিব পাৰি। 'ৱিকি'সমূহক সাধাৰণেতে 'ৱিকি ছফ্টৱেৰ'-এ চলায়, আৰু কেইবাজনো ব্যৱহাৰকাৰীয়ে সামূহিক ভাৱে ব্যৱহাৰ কৰে।
-
পৰিৱেশ বিজ্ঞান
পৰিৱেশ বিজ্ঞান ( ইংৰাজী: Environmental science ) হৈছে, ভৌতিক, জীৱবৈজ্ঞানিক আৰু তথ্য-প্ৰযুক্তিৰ সমন্বয়ত পৰিৱেশ আৰু পৰিৱেশৰ বিভিন্ন সমস্যাসমূহৰ অধ্যয়ন তথা সমাধানৰ সৈতে জড়িত বিজ্ঞানৰ এটা বহুবিভক্ত শাখা।
-
শিল
শিল হৈছে বিভিন্ন প্ৰকাৰৰ খনিজৰ সমন্বয়ত সৃষ্টি হোৱা ভূত্বক গঠনকাৰী পদাৰ্থ।
-
অণুজীৱ
অণুজীৱ হ'ল সেইসকল ক্ষুদ্ৰ জীৱ যাক খালী চকুৰে মনিব নোৱাৰি ৷ এই জীৱবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি। এই জীৱসমূহ এককোষী, বহুকোষী উভয় প্ৰকাৰৰ হব পাৰে ৷ সকলো প্ৰকাৰৰ ভাইৰাছ, বেক্টেৰিয়া, পৰজীৱী, ভেঁকুৰ, এককোষী শেলাই আদি অণুজীৱৰ অন্তৰ্গত ৷ খালী চকুৰে দেখা নোপোৱা অণুজীৱৰ সম্ভাৱ্য অস্তিত্বৰ বিষয়ে…
-
ইলেকট্ৰন
ইলেক্ট্ৰন (Electron; চিহ্ন: ) হৈছে একক ঋণাত্মক আধানযুক্ত এবিধ উপপাৰমাণৱিক কণা। লেপ্তন পৰিয়ালৰ অন্তৰ্ভুক্ত ইলেক্ট্ৰন হৈছে প্ৰথম প্ৰজন্মৰ কণা। ইলেক্ট্ৰনক প্ৰাথমিক কণাৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয় কাৰণ ইহঁতৰ কোনো উপাংশ বা উপগঠনৰ বিষয়ে জনা নাযায়।
-
মনোবিজ্ঞানী
মনোবিজ্ঞানী (Psychologist) হৈছে এনে এগৰাকী ব্যক্তি যি অস্বাভাৱিক মানসিক স্থিতি, বোধগত, ধাৰণাগত, আৱেগজনিত আৰু সামাজিক ক্ৰিয়া আৰু আচৰণৰ বিষয়ে অধ্যয়ন অথবা চৰ্চা কৰে।
-
বুধ গ্ৰহ
বুধ (ইংৰাজী Mercury; (মাৰ্কিউৰী) সৌৰজগতৰ প্ৰথম আৰু ক্ষুদ্ৰতম গ্ৰহ। এই গ্ৰহটো সূৰ্যৰ সবাতোকৈ নিকটতম গ্ৰহ। ইয়াৰ কোনো উপগ্ৰহ নাই। বুধে নিজ মেৰুদণ্ডৰ ওপৰত এবাৰ ঘুৰিবলৈ ৫৮.৬৫ পৃথিৱী-দিন সময় লয়৷ এই গ্ৰহটোৱে সূৰ্যক প্ৰতি ৮৮ দিনে এবাৰকৈ প্ৰদক্ষিণ কৰে।
-
মৌলিক সংখ্যা
মৌলিক সংখ্যা (prime number) হ'ল ১তকৈ ডাঙৰ কিছুমান স্বাভাৱিক সংখ্যা, যাৰ কেৱল দুটা পৃথক উৎপাদক আছে- ১ আৰু সেই সংখ্যাটো নিজেই অৰ্থাৎ মৌলিক সংখ্যা হ’ল একতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা য’ত ১ আৰু নিজক বাদ দি কোনো ধনাত্মক ভাজক নাথাকে।
-
শ্ৰেণী (জীৱবিদ্যা)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত, শ্ৰেণী (classis) হৈছে, ৰাজ্য, পৰ্ব, বৰ্গ, পৰিয়াল, গণ, আৰু প্ৰজাতি আদিৰ দৰে এটা বৰ্গীয় স্থান, যি পৰ্ব আৰু বৰ্গ মাজত অৱস্থান কৰে।
-
কৃত্ৰিম উপগ্ৰহ
কৃত্ৰিম উপগ্ৰহ (satellite) হৈছে মহাকাশলৈ বৈজ্ঞানিক পদ্ধতিৰে উৎক্ষেপণ কৰা উপগ্ৰহ। বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰু বৈজ্ঞানিক সা-সুবিধা লাভৰ বাবে ইয়াক উৎক্ষেপণ কৰা হয়। মহাকাশলৈ প্ৰথমে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছিল ছোভিয়েট ইউনিয়নে।
-
গণিতজ্ঞ
এগৰাকী গণিতজ্ঞ (mathematician) এনেকুৱা এজন ব্যক্তি যাৰ গণিতৰ বিশাল জ্ঞান আছে, আৰু এই জ্ঞান তেওঁ নিজৰ কৰ্মৰ বাবে ব্যৱহাৰ কৰে, সাধাৰণতে গাণিতীক সমস্যাৰ সমাধানৰ বাবে। গণিতজ্ঞ সকলৰ কৰ্ম ক্ষেত্ৰ হৈছে, সংখ্যা, ডেটা (data), পৰিমাণ, গাণিতিক গাঁঠনি, স্থান, গাণিতিক আৰ্হি আৰু পৰিৱৰ্তন।.
-
নেপচুন
নেপচুন (ইংৰাজীত: Neptune) সৌৰজগতৰ সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহটো অষ্টম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ চতুৰ্থ বৃহত্তম গ্ৰহ আনহাতে ভৰৰ দিশত এই গ্ৰহটোৱে তৃতীয় স্থান অধিকাৰ কৰিছে। ৰোমানলোকসকলৰ সাগৰীয় দেৱতা নেপচুনৰ পৰাই গ্ৰহটোৰ নাম নেপচুন ৰখা হৈছে।
-
বহুকোষী জীৱ
বহুকোষী জীৱ হল, সেইবোৰ জীৱ যিবোৰ জীৱৰ দেহ একাধিক কোষৰ দ্বাৰা গঠিত হয়, আনহাতে এককোষী জীৱবোৰৰ শৰীৰত মাত্ৰ এটা কোষ থাকে। কিছুমান এককোষী জীৱৰ বাদে খালি চকুৰেও দেখা পোৱা সকলোবোৰ (প্ৰায় ২০ নিযুত) জীৱয়েই বহুকোষী জীৱ।
-
বৰফ
বৰফ হৈছে পানীৰ কঠিন ৰূপ। প্ৰমাণ চাপত ০ ডিগ্ৰি ছেলছিয়াছ তাপমাত্ৰাৰ তলত পানী বৰফলৈ ৰূপান্তৰিত হয়। বৰফৰ আপেক্ষিক গুৰুত্ব পানীতকৈ কম বাবে বৰফ পানীত উপঙে।
-
ক্ষেত্ৰফল
ক্ষেত্ৰফল (Area) হৈছে এক ভৌত পৰিমাপ যিটো কোনো তলৰ বা তলৰ অংশবিশেষৰ আকাৰ বুজাবলৈ ব্যৱহাৰ কৰা হয়। তলৰ ক্ষেত্ৰফল হৈছে কোনো বস্তুৰ উম্মুক্ত তলৰ ক্ষেত্ৰফল।
-
পৰ্যাবৃত্ত তালিকা
পৰ্য্যাবৃত্ত তালিকা হৈছে পৰমাণু সংখ্যা অনুসৰি ৰাসায়নিক মৌলসমূহ(এতিয়ালৈকে আৱিষ্কৃত ১১৮ টা) সজোৱা তালিকা। তালিকাখনত ১৮টা থিয় শাৰী আৰু ৭টা পথালি শাৰী আছে। একোটা থিয় শাৰীক গ্ৰুপ বা বৰ্গ আৰু পথালি শাৰীক পিৰিয়ড বা পৰ্য্যায় বোলে।