ৰাসায়নিক মৌল
১৮ প্ৰবন্ধ
-
অম্লজান
অম্লজান বা অক্সিজেন (Oxygen) এবিধ গোন্ধহীন অদৃশ্য গেছ। পৃথিৱীৰ অধিকাংশ জীৱ জীয়াই থাকিবৰ বাবে ইয়াৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ পৰমাণু ভৰ ১৫.৯৯ আৰু পৰমাণু সংখ্যা ৮। আয়তন হিচাপত বায়ুমণ্ডলৰ প্ৰায় পাঁচ ভাগৰ এভাগ। ই অতি সক্ৰিয় গেছ, বিভিন্ন অক্সাইডৰ ৰূপত ইয়াক পোৱা যায়।
-
কাৰ্বন
কাৰ্বন হৈছে এটা ৰাসায়নিক মৌল। ইয়াৰ সংকেত C আৰু ৰাসায়নিক সংখ্যা ৬। পৰ্যায়বৃত্ত তালেকাত ই ১৪ নং স্তম্ভত (গোট) প্ৰথমৰ পৰা (২য় শাৰী) ৬ নং স্থানত অৱস্থিত। সহযোযী বন্ধন সৃষ্টি কৰিব পৰাকৈ ইয়াৰ একেবাৰে বাহিৰৰ কক্ষত ছটা ইলেক্ট্ৰন থাকে।
-
সোণ
সোণ হৈছে এক ৰাসায়নিক মৌল, ইয়াৰ ৰাসায়নিক সংকেত Au (aurumৰ পৰা) আৰু আনৱিক সংখ্যা হৈছে ৭৯। বিশুদ্ধ সোণৰ বৰণ উজ্বল হালধীয়া, এক প্ৰকাৰৰ কোমল ধাতু। ৰাসায়নিকভাৱে ই ১১ নং গোটৰ মৌল আৰু অনুকল্প ধাতু। ই এক প্ৰকাৰৰ সীমিত বিক্ৰিয়ণশীল মৌল, আৰু ই মান অৱস্থাত কঠিন ৰূপত থাকে।
-
উদজান
উদজান বা হাইড্ৰ'জেন (Hydrogen) এটা ৰাসায়নিক মৌল। আণৱিক ভৰ ১.০০৭৯৪ ডেল্টন হোৱাৰ বাবে পৰ্য্যাবৃত্ত তালিকাত ইয়াক সকলোতকৈ পাতল মৌল বুলি গণ্য কৰা হয়। হাইড্ৰ'জেনৰ ৰাসায়নিক চিহ্ন হ'ল H। ইয়াৰ আণৱিক সংকেত H2 আৰু পাৰমাণৱিক সংখ্যা ১। হাইড্ৰ'জেন বিশ্বত সকলোতকৈ বেছিকৈ পোৱা মৌলসমূহৰ ভিতৰত অন্যতম।
-
লো
লো হৈছে এটা মৌলিক পদাৰ্থ যাৰ পাৰমাণবিক সংখ্যা ২৬ আৰু ৰাসায়নিক সংকেত Fe। ই এক প্ৰকাৰৰ ধাতু। ধাতুসমূহৰ ভিতৰত প্ৰাচুৰ্যৰ দিশত প্ৰকৃতিত এলুমিনিয়ামৰ পিছতেই লো দ্বিতীয় স্থানত আছে। প্ৰকৃতিত বিশুদ্ধ লো বিৰল, ইয়াক সদায় অন্য ধাতুৰ সৈতে মিশ্ৰ ৰূপতহে পোৱা যায়।
-
নাইট্ৰ'জেন
নাইট্ৰ'জেন হৈছে এবিধ ৰাসায়নিক মৌল। ইয়াৰ সংকেত N আৰু আনৱিক সংখ্যা ৭। ১৭৭২ চনত স্কটলেণ্ডৰ বিশেষজ্ঞ ডেনিয়েল ৰাডাৰফৰ্ডে ইয়াক প্ৰথম আৱিষ্কাৰ আৰু নিষ্কাষণ কৰিছিল। প্ৰায় একে সময়তে কাৰ্ল উইলিয়াম শ্বেলী আৰু হেনৰী কাভেনডিছেও স্বতন্ত্ৰভাৱে ইয়াৰ সন্ধান কৰিছিল।
-
তাম
তাম হৈছে এবিধ ৰাসায়নিক মৌল, সংকেত Cu (cuprumৰ পৰা) আৰু পাৰমানৱিক সংখ্যা ২৯। ই অতি উচ্চ তাপ আৰু বিদ্যুৎ পৰিবাহিতা বিশিষ্ট এবিধ কোমল ধাতু। বিশুদ্ধ তাম ৰঙচুৱা-কমলা বৰণৰ।
-
ৰূপ
ৰূপ হৈছে এবিধ মৌলিক পদাৰ্থ। ইয়াৰ পাৰমাণবিক সংখ্যা - ৪৭।
-
ৰাসায়নিক মৌল
ৰাসায়নিক মৌল বা মৌল হৈছে এক প্ৰকাৰৰ পৰমাণুৰ দ্বাৰা গঠিত ৰসায়ন, যিটো কোনো পদাৰ্থৰ সবাতোকৈ মৌলিক অংশ যাক সাধাৰণতে কোনো ৰাসায়নিক বা ভৌতিক বিক্ৰীয়াৰে তাতোকৈ সৰলীকৃত পদাৰ্থলৈ ৰূপান্তৰণ ঘটাব নোৱাৰি। ইহঁতৰ পৰমাণু কেন্দ্ৰত সম সংখ্যক প্ৰট'ন (একে আণৱিক সংখ্যা Z) থাকে।
-
হিলিয়াম
হিলিয়াম পৰ্যাবৃত্ত তালিকাৰ ২য় মৌল। ইয়াৰ প্ৰতীক He। ই পৰ্যাবৃত্ত তালিকাৰ ১ম পৰ্যায়ৰ শূন্য শ্ৰেণীত অৱস্থিত। ওজনৰ দিশত ই দ্বিতীয়;- মৌলিক পদাৰ্থৰ মধ্যত একমাত্ৰ হাইড্ৰ'জেন ইয়াতকৈ পাতল। হিলিয়াম এটি বৰ্ণহীন, গন্ধহীন আৰু স্বাদহীন নিষ্ক্ৰিয় গেছ। এই মৌলিক পদাৰ্থৰ পাৰমাণবিক সংখ্যা ২।
-
এলুমিনিয়াম
এলুমিনিয়াম হৈছে এক ৰাসায়নিক মৌল, ইয়াৰ চিহ্ন হৈছে Al আৰু পাৰমানবিক সংখ্যা হৈছে ১৩। ই একপ্ৰকাৰৰ ৰূপালী, কোমল, অচুম্বকীয় ধাতু। প্ৰায় ২৭০ প্ৰকাৰৰ লৱণৰ মিশ্ৰ ৰূপে ইয়াক পৃথিৱীত পোৱা যায়। এলুমিনিয়ামৰ প্ৰধান আকৰিক হৈছে বক্সাইট। নিম্ন ঘনত্বৰ ধাতু হিচাপে এলুমিনিয়ামক জনা যায়।
-
জিংক
জিংক হৈছে এবিধ ৰাসায়নিক মৌল। ইয়াৰ সংকেত আৰু আনৱিক সংখ্যা ৩০। ই পৰ্যাবৃত্ত তালিকাৰ ১২ নং বৰ্গৰ প্ৰথম মৌল। ৰাসায়নিকভাৱে মেগনেছিয়ামৰ লগত ইয়াৰ কিছু সাদৃশ্য আছে: দুয়োৰে মাত্ৰ এটা জাৰণ অৱস্থা আছে (+২), আৰু Zn২+ আৰু Mg২+ আয়ন দুটাৰ আকাৰ সমান।
-
টিন
টিন পৰ্যাবৃত্ত তালিকাৰ ৫০তম মৌলিক পদাৰ্থ। টিনৰ আণৱিক সংকেত Sn। টিনৰ লেটিন নাম "ষ্টানাম" (Latin: stannum)ৰ পৰা সংকেতটো লোৱা হৈছে। পৰ্যাবৃত্ত তালিকাৰ বৰ্গ ১৪ত এই ধাতৱ মৌলিক পদাৰ্থৰ অৱস্থান।
-
নিয়ন
নিয়ন হৈছে এবিধ ৰাসায়নিক মৌল, ইয়াৰ সংকেত Ne আৰু পাৰমানৱিক সংখ্যা ১০। ই পৰ্যাবৃত্ত তালিকাৰ বৰ্গ ১৮ (সম্ভ্ৰান্ত গেছ)ৰ মৌল। ই একপ্ৰকাৰৰ বৰ্ণহীন, গন্ধহীন, এক অনুবিশিষ্ট গেছ (প্ৰমান উষ্ণতা আৰু চাপত)। বায়ুৰ দুই-তৃতীয়াংশ নিয়ন গেছ থাকে। ১৮৯৮ চনত ইয়াৰ আবিস্কাৰ কৰা হৈছিল।
-
বেৰিলিয়াম
বেৰিলিয়াম হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "Be" পাৰমাণৱিক সংখ্যা ৪। বেৰিলিয়াম হৈছে এক তুলনামূলকভাৱে বিৰল উপাদান। বেৰিলিয়াম পৰ্য্যাবৃত্ত তালিকাৰ ২ পৰ্য্যায়, ২ বৰ্গৰ s-গোষ্ঠীৰ মৌল। নামটো গ্ৰীক শব্দ 'বেৰাইল’'ৰ পৰা আহৰণ আহিছে
-
লিথিয়াম
লিথিয়াম হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "Li" পাৰমাণৱিক সংখ্যা ৩। ই এক কোমল, ৰূপালী-বগা ক্ষাৰধাতু। সাধাৰণ পৰিস্থিতিত, ই হৈছে আটাইতকৈ পাতল ধাতু আৰু আটাইতকৈ পাতল কঠিন উপাদান। লিথিয়াম অতি সক্ৰিয় আৰু জ্বলনশীল, আৰু সেয়ে খনিজ তেলত সংৰক্ষণ কৰিব লাগে।
-
ব'ৰণ
ব'ৰণ হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "B" পাৰমাণৱিক সংখ্যা ৫। ব'ৰণ পৰ্য্যাবৃত্ত তালিকাৰ ২ পৰ্য্যায়, ১৩ বৰ্গৰ p-গোষ্ঠীৰ মৌল। নামটো আৰৱীক শব্দ 'বুৰাক'ৰ পৰা আহৰণ আহিছে, যিটো হৈছে বৰাস্ক।
-
ৰাসায়নিক মৌলৰ তালিকা
আন্তৰ্জাতিক বিশুদ্ধ আৰু প্ৰয়োগ ৰসায়ন সংঘ (IUPAC)ই ১১৮টা ৰাসায়নিক মৌল চিনাক্ত কৰি আনুষ্ঠানিকভাৱে নামকৰণ কৰিছে। ৰাসায়নিক মৌল, যাক প্ৰায়ে কেৱল মৌল বুলি কোৱা হয়, হৈছে এনে একপ্ৰকাৰৰ পৰমাণু যাৰ পাৰমাণৱিক নিউক্লিয়াছত এটা নিৰ্দিষ্টসংখ্যক প্ৰ'টন থাকে (অৰ্থাৎ, এটা নিৰ্দিষ্ট পৰমাণু সংখ্যা, বা Z )।