পোহৰ
৭ প্ৰবন্ধ
-
পোহৰ
মানুহৰ চকুৰ বাবে সংবেদনশীল বিদ্যুত চুম্বকীয় বৰ্ণালীৰ দৃশ্যমান অংশক পোহৰ বা দৃশ্যমান পোহৰ বা আলোক (Light) বোলা হয়। দৃশ্যমান পোহৰৰ তৰংগদৈৰ্ঘ্যৰ পৰিসৰ হৈছে প্ৰায় ৩৮০ বা ৪০০ নেন'মিটাৰৰ পৰা প্ৰায় ৭৬০ বা ৭৮০ নেন'মিটাৰ আৰু কম্পনাংকৰ পৰিসৰ হৈছে প্ৰায় ৪০৫ হাৰ্টজৰ পৰা ৭৯০ হাৰ্টজৰ ভিতৰত।
-
ৰামধেনু
ৰামধেনু (Rainbow) হ'ল সূৰ্যৰ ৰশ্মি বৰষুণৰ মাজেদি পাৰ হৈ আহোঁতে সাত ৰঙলৈ বিচ্ছুৰিত হৈ আকাশত দেখা দিয়া এক ৰঙীন পৰিঘটনা। সূৰ্যৰ বিপৰীতে আকাশত মেঘ থাকিলে মেঘৰ জলীয় বাষ্প বা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ মাজেদি পোহৰৰ ৰশ্মি প্ৰতিসৰিত হয়।
-
পোহৰৰ বেগ
ভেকুৱাম(বা শূন্যস্থান)ত পোহৰৰ বেগ, যাক সাধাৰণতে c ৰে বুজোৱা হয়, পদাৰ্থ বিজ্ঞানত বহুল ভাবে ব্যৱহৃত এক ভৌতিক ধ্ৰুৱক। ইয়াৰ মান সঠিকভাবে ২৯৯,৭৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড, ই এটা স্থিৰ (হুবহু) সংখ্যা, আন্তৰ্জাতিক মান সময় একক আৰু এই ধ্ৰুবকৰ মানৰ পৰাই মিটাৰ এককক সংজ্ঞাবদ্ধ কৰা হয়।
-
আলোক-বৰ্ষ
এক আলোক-বৰ্ষ বা পোহৰ-বৰ্ষ (ইংৰাজীত Light-year বা light year, চমুকৈ: ly) মহাজাগতিক দূৰত্ব সূচিত কৰা এটা একক। ই প্ৰায় ৯ লাখ কোটি কিলোমিটাৰ (বা প্ৰায় ৬ লাখ কোটি মাইলৰ সমান)। আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংস্থা (IAU)-ৰ মতে, এক আলোক বৰ্ষ হৈছে এক জুলিয়ান বৰ্ষত পোহৰে অতিক্ৰম কৰিব পৰা দূৰত্ব।
-
ৰ'দ
ৰ'দ বা বেলিৰ পোহৰ হৈছে বেলিৰ পৰা নিৰ্গত বিদ্যুৎচুম্বকীয় বিকিৰণ যি তৰংগ বা পোহৰ ৰূপে পৃথিৱীত পৰে। পৃথিৱীৰ বায়ুমণ্ডলে ৰ'দৰ বহুখিনি পোহৰ শোষণ কৰে। বেলিৰ ৰশ্মি আৰু তাপ বায়ুমণ্ডলৰ মাজেৰে পৃথিৱীৰ পৃষ্ঠত উপনীত হয়। বেলিৰ পৰা ৰ'দ পৃথিৱী পাবলৈ প্ৰায় ৮.৩ মিনিট সময় লাগে।
-
ৰামন প্ৰভাৱ
ৰামন প্ৰভাৱ বা ৰামন বিক্ষেপণ (Raman effect বা Raman scattering) হৈছে ফ'টন (Photon) কণাসমূহৰ অস্থিতিস্থাপক বিকিৰণ। ১৯২৮ চনত চি ভি ৰামন আৰু তেওঁৰ ছাত্ৰ কে এছ কৃষ্ণণে তৰল পদাৰ্থত "ৰামন প্ৰভাৱ" আৱিষ্কাৰ কৰিছিল।
-
চন্দ্ৰৰ পোহৰ
চন্দ্ৰৰ পোহৰ (Moonlight) বা জোনাক বা জ্যোৎস্না হʼল মূলতঃ চন্দ্ৰৰ পৃষ্ঠত বাধা প্ৰাপ্ত হৈ প্ৰতিফলিত হোৱা সূৰ্যৰ পোহৰ। চন্দ্ৰৰ পোহৰৰ অধিকাংশই সূৰ্যৰ পৰা প্ৰতিফলিত হোৱা পোহৰ আৰু সামান্য অংশহে পৃথিৱীৰ পৰা প্ৰতিফলিত হোৱা পোহৰ।।