তাপগতি বিজ্ঞান
৪ প্ৰবন্ধ
-
তাপগতি বিজ্ঞান
তাপ আৰু ইয়াৰ সৈতে অন্য প্ৰকাৰৰ শক্তি আৰু কাৰ্যৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰা পদাৰ্থ বিজ্ঞানৰ বিভাগটোকে তাপগতি বিজ্ঞান বোলা হয়। ই কোনো প্ৰণালীৰ স্থূল অৱস্থাৰ ধৰ্মসমূহ যেনে উষ্ণতা, এনট্ৰপি আৰু চাপ ইত্যাদি ব্যাখ্যা কৰে।
-
সংবেদনশীল তাপ
সংবেদনশীল তাপ হৈছে কোনো বস্তু বা তাপগতিবিদ্যা ব্যৱস্থাৰ দ্বাৰা বিনিময় হোৱা তাপ, য'ত তাপৰ বিনিময়ৰ ফলত শৰীৰ বা ব্যৱস্থাৰ উষ্ণতা আৰু কিছুমান বৃহৎ দৃষ্টিকোণৰ চলক সলনি হয়, কিন্তু আন কিছুমান বৃহৎ দৃষ্টিকোণৰ চলক যেনে আয়তন বা চাপ অপৰিৱৰ্তিত থাকে।
-
মেক্সৱেলৰ দৈত্য
মেক্সৱেলৰ দৈত্য (Maxwell’s demon) হৈছে এটা থট্ এক্সপেৰিমেণ্ট যিয়ে কল্পিতভাৱে তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰটো উলংঘা কৰে। ১৮৬৭ চনত পদাৰ্থবিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেলে ইয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। থট্ এক্সপেৰিমেণ্টটোত এটা দৈত্যই দুটা গেছৰ খোঁটালিৰ মাজত থকা ভৰশূণ্য দুৱাৰ এখন নিয়ন্ত্ৰণ কৰে।
-
শক্তিৰ সংৰক্ষণশীলতা
পদাৰ্থ বিজ্ঞানৰ মতে, কোনো এটা বিচ্ছিন্ন প্ৰণালী (isolated system)ৰ শক্তি সলনি হ’ব নোৱাৰে, ইয়াকেই শক্তিৰ সংৰক্ষণশীলতাৰ সূত্ৰ বুলি কোৱা হয়, এই সূত্ৰৰ মতে, শক্তিৰ শৃষ্টি বা ধ্বংশ হ’ব নোৱাৰে, কিন্তু শক্তি ইয়াৰ এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিৱৰ্তিত হ’ব পাৰে, উদাহৰণস্বৰূপে ডাইনামাইটৰ বিষ্ফোৰণৰ সময়ত…