অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

লিপিড

লিপিড হৈছে চৰ্বী, মম, ষ্টেৰ'ল, স্নেহ-দ্ৰাব্য খাদ্যপ্ৰাণ (যেনে ভিটামিন এ, ডি, ই, আৰু কে) মনগ্লিচেৰাইড, ডাইগ্লিচেৰাইড, ট্ৰাইগ্লিচেৰাইড, ফছফ'লিপিড আৰু অন্য কিছুমানকে সাঙুৰিলোৱা এক শ্ৰেণীৰ প্ৰাকৃতিক অনু। লিপিডে প্ৰধানত শক্তিৰ সংৰক্ষণ, সংকেতন, আৰু কোষাৱৰণৰ গাঠনীয় উপাদান হিচাপে কাৰ্য কৰে।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৪ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

লিপিড হৈছে চৰ্বি, মম, ষ্টেৰ'ল, স্নেহ-দ্ৰাব্য ভিটামিন (যেনে ভিটামিন এ, ডি, ই, আৰু কে) মনগ্লিচেৰাইড, ডাইগ্লিচেৰাইড, ট্ৰাইগ্লিচেৰাইড, ফছফ'লিপিড আৰু অন্য কিছুমানকে সাঙুৰিলোৱা এক শ্ৰেণীৰ প্ৰাকৃতিক অনু। লিপিডে প্ৰধানত শক্তিৰ সংৰক্ষণ, সংকেতন, আৰু কোষাৱৰণৰ গাঠনীয় উপাদান হিচাপে কাৰ্য কৰে। প্ৰসাধন সামগ্ৰী, আৰু খাদ্য উদ্যোগৰ লগতে নেন'টেকনলজিত লিপিডৰ ব্যৱহাৰ কৰা হয়।

বৈশিষ্ট

  • লিপিড পানীত অদ্ৰবণীয়।
  • ই বৰণহীন, স্বাদহীন আৰু গন্ধহীন।
  • ই ইথাৰ, এলকহ'ল, বেনজিন, ক্লোৰ'ফৰ্ম, এচিটন, পেট্ৰ'লিয়াম ইত্যাদি দ্ৰৱণত দ্ৰৱণীয়।
  • ইয়াক ফেটি এচিডৰ এষ্টাৰ হিচাপে পোৱা যায়।
  • ই পানীতকৈ পাতল বাবে পানীত উপঙে।
  • জল অপসাৰণৰ শেষত ই ফেটি এচিড আৰু গ্লিচাৰললৈ পৰিণত হয়।
  • আনৱিক ওজন বৃদ্ধিৰ লগে লগে ইয়াৰ গলনাংকও বৃদ্ধি পায়।

সম্পৰ্কিত শ্ৰেণী

জৈৱিক ৰসায়ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিপিড” প্ৰবন্ধৰ সংশোধন ৪৩১৯৩৮ (১৪ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।